বনী ঠনী (Bani Thani) ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ (১৭৪৮–১৭৬৪) পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে। কিষাণগড়ৰ মাৰৱাৰ চিত্ৰকলা শৈলীৰ নিহাল চান্দ কৃত প্ৰায় ১৭৫০ চনৰ ভাৰতীয় লঘু চিত্ৰৰ এটা গোটে কৃষ্ণ আৰু ৰাধাক দেখুৱায়। এই ৰাধা-কৃষ্ণৰ আৰ্হি সামন্ত সিং আৰু বনী ঠনী বুলি ধাৰণা কৰা হয়।
বনী ঠনীক ইয়াক ভাৰতৰ মনালিছা বুলিও কোৱা হয়। ৰাজস্থানী শব্দ বনী ঠনীৰ অৰ্থ হৈছে সাজি কাচি সুন্দৰ হৈ থকা। বনী ঠনীয়ে ৰসিক বিহাৰী নামৰে কবিতা ৰচনা কৰিছিল।১ তেওঁ লাভলীজ, উৎসৱ, প্ৰিয়া আৰু নগৰ ৰমণী নামৰেও জনাজাত।২
বনী ঠনীক সুৰুচিসম্পন্ন আৰু সুন্দৰ বিশেষত্বৰ সৈতে চিত্ৰণ কৰা হয়। ধনুআকৃতিৰ চেলাউৰি, পদুমৰ পাহিৰ দৰে নয়ন আৰু তীক্ষ্ণ থুঁতুৰী ইয়াৰ অন্যতম বৈশিষ্ট্য।৩ বনী ঠনীৰ এখন চিত্ৰ ১৯৭৩ চনৰ ৫ মে'ত জাৰী কৰা ভাৰতীয় ডাক টিকটত প্ৰদৰ্শিত কৰা হৈছিল।৪
জীৱনী
প্ৰথমে বনী ঠনী ৰজা সামন্ত সিং বা সাৱন্ত সিঙৰ উপপত্নী আছিল। পিছলৈ তেওঁ সামন্ত সিঙৰ ৰাণীৰ মৰ্যাদা লাভ কৰিছিল। তেওঁৰ জন্মৰ নাম বিষ্ণুপ্ৰিয়া আছিল।৫ ৰজা সামন্তৰ সতীয়া মাকে তেওঁক এগৰাকী গায়িকা হিচাপে নিযুক্ত কৰিছিল। পিছলৈ তেওঁৰ সৌন্দৰ্য আৰু গানৰ বাবে ৰজা সামন্তয়ে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। ৰাণী হোৱাৰ পিছত নিজকে সুসজ্জিত কৰা উৎকৃষ্ট গহনা আৰু ৰূপসজ্জাৰ বাবে তেওঁ 'বনী ঠনী' বুলি জনাজাত হৈছিল যাৰ অৰ্থ হৈছে "সজ্জিত মহিলা। " তেওঁ নাগৰী দাসৰ নামত কিছুমান কবিতাও লিখিছিল। গান, কবিতা আৰু কৃষ্ণৰ প্ৰতি থকা ভক্তিৰ বাবে তেওঁলোকৰ প্ৰেম বিকশিত হৈছিল। তেওঁ শ্ৰীমতী ৰসিক বিহাৰীৰ নামতো কবিতা লিখিছিল। পিছত তেওঁ তেওঁৰ শিল্পীসকলক ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ দৰে তেওঁলোকৰ সম্পৰ্ক ক'বলৈ আৰম্ভ কৰে। ১৭৬০ চনত দুয়োগৰাকী প্ৰেমীৰ মৃত্যু হৈছিল। নাগৰী কুঞ্জ মন্দিৰৰ ওচৰত তেওঁলোকক সমৰ্পিত যমজ ছত্ৰী আছে।
শৈলী আৰু বিশেষত্ব
কিষাণগড় কলা বিদ্যালয় ইয়াৰ দীঘলীয়া শৈলীৰ বাবে উল্লেখযোগ্য। 'ধনুআকৃতিৰ ভ্ৰূ, পদুমৰ পাহিৰ দৰে দীঘলীয়া চকু আৰু জোঙা থুঁতুৰী" ভাৰতীয় ভাস্কৰ্য কলাৰ কথা মনত পেলাই দিয়া এক অত্যন্ত আদৰ্শমুখৰ ৰূপ এই শৈলীৰ বিশেষত্ব।৬ প্ৰতিকৃতিৰ সন্মুখৰ এফাল ব্যৱহাৰ, সেউজীয়া উদ্ভিদ, নাটকীয় নিশাৰ আকাশ, উজ্জ্বল চলাচল আৰু মোগল চিত্ৰশৈলী আৰু বুন্দী চিত্ৰশৈলীৰ ই দ্বাৰা প্ৰভাৱিত হৈছিল। যদিও ইয়াৰ অত্যন্ত সতৰ্কতাৰে বিৱৰণৰ ফালৰ পৰা ইয়াক সমৃদ্ধ ৰং আৰু সূক্ষ্ম কৌশলৰ বাবে দুয়কে পৃথক কৰিব পাৰি।৭৮ পৃষ্ঠপোষক ৰজা সামন্ত সিং কৃষ্ণৰ প্ৰতি সমৰ্পিত বল্লভাচৰ্য সম্প্ৰদায়ৰ সদস্য আছিল। ইয়াৰ বাবে ধৰ্মীয়ভাৱ চিত্ৰসমূহত বিদ্যমান। কিষাণগড় শৈলী চিত্ৰবোৰ এক ধৰ্মীয় দৃষ্টিকোণৰ দ্বাৰা চিহ্নিত কৰা হৈছে। ইয়াৰ কাৰণ হয়তো ৰাণীৰ প্ৰতিকৃতিৰ সৈতে তুলনা কৰা আৰু ৰাধাৰ চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি বিশ্বাস কৰা হয়।৯
শৃংগাৰ ৰসৰ নায়িকা
নায়িকাসকলৰ অষ্ট নায়িকা শ্ৰেণীবিভাজন প্ৰণালীৰ ভিতৰত বনী ঠনীক বাসকসজ্জা নায়িকা হিচাপে শ্ৰেণীভুক্ত কৰা হয়। শৃংগাৰ ৰসৰ পূৰ্ণ আধিপত্যৰ উপাদানৰ সৈতে বনী ঠনীক চিত্ৰিত কৰা হয়। সেয়েহে এই চিত্ৰসমূহে কিংবদন্তিৰ উৎসাহী আৰু ৰোমাণ্টিক লোকগাথাক জীয়াই তোলে। তেওঁক শৃংগাৰ আৰু অতিৰঞ্জিত মুখৰ বৈশিষ্ট্যৰ সকলো উপাদানৰ সৈতে চিত্ৰিত কৰা হৈছে যিবোৰ অবাস্তৱ কিন্তু আকৰ্ষণীয়। এই প্ৰতিকৃতিশৈলী পিছত কিষাণগড় বিদ্যালয়ৰ পৰৱৰ্তী সকলো চিত্ৰত সৌন্দৰ্যৰ মানদণ্ড হৈ পৰিছিল।
গ্ৰন্থৰাজি
- Harle, J.C., The Art and Architecture of the Indian Subcontinent, 2nd edn. 1994, Yale University Press Pelican History of Art,
- Kossak, Steven. (1997). Indian court painting, 16th-19th century.. The Metropolitan Museum of Art. ISBN 0870997831
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ संग्रहीत प्रति
- ↑ Harle, 395; Kossak, 21; Bani Thani britannica.com; bbc.co.uk
- ↑ Sodhi. (1999). A Study of Bundi School of Painting. Abhinav. পৃ. 25–26. ISBN 81-7017-347-7
- ↑ ‘Bani Thani’: The Indian Mona Lisa. Mintage World
- ↑ BANI THANI. www.speakingtree.in
- ↑ A Study of Bundi School of Painting By Jiwan Sodhi, page 146
- ↑ A Study of Bundi School of Painting By Jiwan Sodhi, page 147
- ↑ South Asian arts - Visual arts of India and Sri Lanka (Ceylon). Encyclopedia Britannica
- ↑ Kishangarh painting · Indian art. Encyclopedia Britannica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনী ঠনী” প্ৰবন্ধৰ সংশোধন ২৬২১৫২ (৭ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।