মাৰ্টা কলভিন এণ্ড্ৰেড (১৯০৭–১৯৯৫) চিলিৰ চিলানৰ এগৰাকী ভাস্কৰ্য্যশিল্পী আছিল।
জীৱন

মাৰ্টা কলভিন এণ্ড্ৰেড আইৰিছ বংশৰ জেমছ কলভিন আৰু পৰ্তুগীজ বংশৰ এলভিৰা এণ্ড্ৰেডৰ কন্যা আছিল। ১৯৩৯ চনৰ চিলানত হোৱা ভূমিকম্পৰ পিছত তেওঁ চিলিৰ চেণ্টিয়াগোত বাস কৰিছিল আৰু স্কুল অৱ আৰ্টছত অধ্যয়ন কৰিছিল। ১৯৪৩ চনত জুলিও এ ভাস্কেজ আৰু মাষ্টাৰ লৰেঞ্জো ডমিংগেজৰ ভাস্কৰ্য্য কৰ্মশালাৰ পৰা সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৫০ চনত আনুষ্ঠানিকভাৱে অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে। ১৯৪৮ চনত পেৰিছৰ গ্ৰেণ্ড চাউমিয়েৰ একাডেমীত মাষ্টাৰ অছিয়ান জাডকাইন আৰু হেনৰী লৰেন্সৰ সৈতে অধ্যয়ন কৰে। তাৰ পিছত তেওঁ ত্ৰিশ বছৰতকৈও অধিক সময় ফ্ৰান্সত বসবাস কৰিছিল। ১৯৬৫ চনত তেওঁ প্ৰথম চাও পাউলো বিয়েনালেত অংশগ্ৰহণ কৰে।১ বিশ্বজুৰি পৰিচিত হৈ ১৯৭০ চনত তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় কলা বঁটাৰে সন্মানিত হৈছিল।
১৯৯৫ চনৰ ২৭ অক্টোবৰত চেণ্টিয়াগোত তেওঁৰ মৃত্যু হয়।২
তথ্যসূত্ৰ
- ↑ Viñuales, Rodrigo Gutiérrez. (9 January 2016). Arte latinoamericano del siglo XX. Otras historias de la Historia. Prensas de la Universidad de Zaragoza. ISBN 978-84-15770-83-1
- ↑ (1995-10-31). Marta Colvin is Dead. New York Daily News. পৃ. 9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্টা কলভিন” প্ৰবন্ধৰ সংশোধন ৪৯৬১৪৭ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।