শান্তামণি মুদ্দাইয়া ভাৰতৰ এগৰাকী ভাস্কৰ্য শিল্পী, যিয়ে নিজৰ দৃশ্য কলাৰ কামত কাগজ আৰু কয়লাৰ দৰে ক্ষণস্থায়ী প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি প্ৰদৰ্শনী সৃষ্টি, স্থাপন আৰু প্ৰদৰ্শন কৰে। ভাৰতৰ বহু দ্বিবাৰ্ষিক কলা প্ৰদৰ্শনীত আৰু বহু আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত তেওঁৰ ভাস্কৰ্যসমূহ প্ৰদৰ্শিত হৈছে। তেওঁৰ কৰ্মৰাজিৰ বাবে তেওঁ বহুতো বঁটা লাভ কৰিছে।১২
জীৱনী
১৯৬৭ চনত কৰ্ণাটকৰ মহীশূৰত জন্মগ্ৰহণ কৰিছিল মুদ্দাইয়াই। মহীশূৰৰ চামৰাজেন্দ্ৰ একাডেমী অৱ ভিজুৱেল আৰ্টছৰপৰা পেইণ্টিংত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে এম এছ ইউনিভাৰ্চিটি বৰোদাৰপৰা চিত্ৰকলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৪ চনত স্কটলেণ্ডৰ গ্লাছগোত চাৰ্লছ ৱালেছ বৃত্তিৰ ফেল’শ্বিপৰ অধীনত কাগজ নিৰ্মাণৰ পাঠ্যক্ৰমৰ বাবে এবছৰ অধ্যয়ন কৰে। ২০০৬–০৮ চনৰ বাবে নতুন দিল্লীৰ পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰ্যালয়ৰপৰাও ৰাষ্ট্ৰীয় জুনিয়ৰ ফেল'শ্বিপ লাভ কৰিছে।২
কাম আৰু প্ৰদৰ্শনী
চিমেণ্ট আৰু উজ্জ্বল চিণ্ডাৰৰদ্বাৰা নিৰ্মিত বেকব’ন৩ শীৰ্ষক ভাস্কৰ্যটো ২০১৪ চনত কোচি-মুজিৰিছ বিয়েনালেত প্ৰদৰ্শিত হৈছিল।৪৫ ইয়াৰ জোখ আছিল ৭x৫x৭০ ফুট আৰু ইয়াক মেৰুকৰণ নদীৰ আকৃতিত ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল। এই শিল্পকৰ্মৰ প্ৰেৰণা ২০১০ চনৰ ভিতৰত গংগা নদীৰ কাষেৰে তিনিমাহৰ ভ্ৰমণৰপৰাই লাভ কৰিছিল আৰু ইয়াক "আমাৰ সংস্কৃতিৰ মেৰুদণ্ড" হিচাপে এক উপমা হিচাপে গণ্য কৰা হয়। মুদ্দাইয়াই লগতে কয় যে প্ৰসৱৰ সময়ত তেওঁৰ মেৰুদণ্ডত এনাস্থেচিয়াৰ বেজী দিয়াৰ পৰাই তেওঁৰ মনত এই ভাস্কৰ্যটোৰ ধাৰণা হৈছিল।১৬৭ কোচিত ভাস্কৰ্যটো প্ৰদৰ্শন কৰা কোচি-মুজিৰিছ বিয়েনালে ২০১৪ৰ কিউৰেটৰ জিতিশ কল্লাটে কয় যে ইয়াক "আপাত দৃষ্টিত উন্মোচিত হোৱা এই ভাস্কৰ্যই জীৱাশ্মৰ ৰূপত বহুদিনৰপৰা পাৰ হৈ যোৱা ইতিহাসৰ আমন্ত্ৰণ কৰা হৈছে" আৰু "চিণ্ডাৰৰ দৰে আগ্নেয়গিৰিৰ শিলৰ ব্যৱহাৰ বিশেষভাৱে অতি আকৰ্ষণীয় কাৰণ পদাৰ্থটোৰ ছিদ্ৰযুক্ত পৃষ্ঠত কিছু ভূ-তাত্ত্বিক লেখ-জোখ থাকে, আৰু ই নিজেই এনেকুৱা দেখা যায় জীৱাশ্ম।"১
আন এটা উল্লেখযোগ্য ভাস্কৰ্যৰ শিৰোনাম হৈছে মেটামৰ্ফছিছ ফেভাৰিট যিটো হৈছে প্যুপাৰ ভাস্কৰ্য যিয়ে পিউপা আৰু পখিলাৰ মাজৰ বিৱৰ্তনৰ পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। ইয়াক কাঠৰ কয়লা আৰু কপাহৰ টুকুৰাৰ পাল্পৰপৰা তৈয়াৰ কৰা হয়। ই "ক্ষয়, ৰোগ আৰু মৃত্যু"ৰ ইংগিত দিয়ে।৮
বছৰ বছৰ ধৰি তেওঁৰ আন কিছুমান ভাস্কৰ্য প্ৰদৰ্শনী হ’ল ফ্ৰ’জেন ফিনিক্স, চাইলেণ্ট স্পিক, জ্যেষ্ঠাৰছ স্পিক আৰু টাৰ্নিং হুইল -ভাৰত আৰু শ্ৰীলংকাত অনবাউণ্ড ট্ৰেডিচন। তেওঁৰ ভাস্কৰ্য্যসমূহ বাংগালুৰুৰ কৰ্ণাটক ৰাজ্যিক সংগ্ৰহালয়ৰ ভেংকটপ্পা আৰ্ট গেলেৰীত স্থায়ী প্ৰদৰ্শনী। তেওঁৰ কৰ্মৰাজিও বহুতো ব্যক্তিগত গেলেৰীৰ অংশ।২
২০১৯ চনত তেওঁ চেটল ষ্ট'ৰীছ আৰু ইয়ৰ্কশ্বাৰ ডেলছৰ লোকসকলৰ সৈতে সহযোগিতা কৰি এটা নতুন কাম লাইফ ইন আৱাৰ হেণ্ডছ তৈয়াৰ কৰে যিটো আছিল স্থানীয় লোকসকলৰ সৈতে ক্ৰেভেন জিলাৰ জীৱন আৰু ইতিহাসৰ বিষয়ে হোৱা কথা-বতৰাৰ ভিডিঅ' ৰেকৰ্ড য'ত প্লাষ্টাৰ কাষ্টিঙৰ কৌশলৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ হাতৰ ছবিও তৈয়াৰ কৰিছিল।৯ সেই বছৰতে তেওঁ আন এটা ভাস্কৰ্য ড্ৰপ১০ও উলিয়াইছিল। মাটি স্পৰ্শ কৰাৰ মুহূৰ্ততে জমা হৈ থকা চিয়াঁহীৰ এটা টোপালৰ দৃশ্যায়ন, ই আছিল প্ৰতিটো টোপালৰ তাৎপৰ্য্যৰ স্মৃতি। মুদ্দাইয়াই কয় যে এই ভাস্কৰ্যটো আৰম্ভণিৰেপৰা গংগা নদীৰ মুখলৈকে যাত্ৰাৰপৰাই উদ্ভৱ হৈছিল য’ত তেওঁ লাখ লাখ লোকে অৰ্ঘ্য আগবঢ়োৱা দেখা পাইছিল। তেওঁলোকে পানীৰে ভৰা পাত্ৰৰ পানী পুনৰ নদীত উছৰ্গা কৰা দেখি তেওঁ জীৱনৰ চক্ৰীয় প্ৰকৃতিত ৰূপকটো দেখিবলৈ পাইছিল।১০
তথ্যসূত্ৰ
- ↑ (5 March 2015). Spinal fragments fuse Shanthamani's thoughts at biennale. Daily India Mail
- ↑ Shantamani M. crimsonartgallery.com
- ↑ Backbone - Shanthamani Muddaiah. Google Arts & Culture
- ↑ 'Back Bone' reminds the menace of carbon use. Mathrubhumi News
- ↑ (March 31, 2015). Interview: Artist Shantamani Muddaiah in conversation with CB Editor-in-Chief K.G. YouTube. Creative Bands
- ↑ Jacob, Rahul. (21 February 2015). Kochi Biennale: Art al fresco. Business Standard India. Business Standard
- ↑ Madhukar. (13 December 2014). The big fat Indian art show - Bangalore Mirror. Bangalore Mirror
- ↑ (2014). Colombo Art Biennale 2014:Shanthamani Muddaiah. Colombo Art Biennale
- ↑ Life stories told through hand sculptures
- ↑ Drop by Shanthamani Muddaiah · Swiss Re Art. www.swissre.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তামণি মুদ্দাইয়া” প্ৰবন্ধৰ সংশোধন ৬০৪৫১৮ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।