অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

একতাৰ মূৰ্তি

একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত।

হালনাগাদ: ২৩ জুলাই ২০২৪ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত। নৰ্মদা নদীৰ বুকুত অৱস্থিত এটি নদীদ্বীপৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধলৈ মুখ কৰি কেৱদিয়া কলনীত এই মূৰ্তি অৱস্থিত।১

এই প্ৰকল্প নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে ২০১০ চনত ঘোষণা কৰা হৈছিল। ২০১৪ চনৰ অক্টোবৰ মাহৰ পৰা লাৰ্চন এণ্ড টাৰব' কোম্পানীয়ে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ৰী মূৰ্তিৰ মুঠ ব্যয় ₹২,৯৮৯ কোটি। ভাস্কৰ্যবিদ ৰাম ভি. চুতাৰে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছিল। ২০১৮ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৩তম জন্মবাৰ্ষিকীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে এই মূৰ্তি মুকলি কৰে।২

বল্লভভাই পেটেলে ভাৰতৰ স্বাধীনতাৰ পিছত বহুতো স্থানীয় ৰজা-মহাৰজাৰ ৰাজ্য মূল ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। সকলোকে একতাৰ দোলেৰে বান্ধি ভাৰতত ঐক্য স্থাপন কৰাৰ বাবে এই মূৰ্তিৰ নাম একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ৰখা হ'ল।

ইতিহাস

২০১০ চনৰ ৭ অক্টোবৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ দহবছৰীয়া বৰ্ষৰ আৰম্ভণিৰ মুহূৰ্তত তেওঁ চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত মূৰ্তি নিৰ্মাণৰ প্ৰকল্পৰ কথা ঘোষণা কৰে। সেই সময়ত ইয়াক কাৰ্যকৰী কৰিবলৈ গুজৰাট চৰকাৰৰ দ্বাৰা চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় একটা ট্ৰাষ্ট গঠন কৰা হৈছিল।৩

চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহপুৰুষ বুলি কোৱা হয় সেয়ে মূৰ্তিৰ বাবে লাগতিয়াল লোৰ বাবে গোটেই দেশৰ কৃষক সকলক নিজৰ লোৰ সঁজুলি দান দিবলৈ আহ্বান জনোৱা হৈছিল।৩৪ এনেকৈ ২০১৬ চনলৈ ১৩৫ টন লো সংগ্ৰহ কৰা হ'ল আৰু তাৰে ১০৯ টন লো মূৰ্তিৰ বেদীত ব্যৱহাৰ কৰা হ'ল।৫৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (31 October 2018). Gujarat: Statue of Unity expected to attract 10,000 tourists daily. The Times of India
  2. ↑ PM Unveils Sardar Patel's 2,900-Crore Statue of Unity Today: 10 Facts. MSN
  3. ↑ (8 July 2013). For iron to build Sardar Patel statue, Modi goes to farmers. The Indian Express
  4. ↑ Pan-India panel for Modi's unity show in iron. The New Indian Express
  5. ↑ Raja, Aditi. (2018-09-23). Iron Man 2.0. The Indian Express
  6. ↑ Large number of people run for unity. ToI

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্যকীৰ্তিস্তম্ভ আৰু স্মাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একতাৰ মূৰ্তি” প্ৰবন্ধৰ সংশোধন ৪২৬৪২০ (২৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।