অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আদিযোগী শিৱ প্ৰতিমূৰ্তি

আদিযোগী শিৱৰ আৱক্ষ মূৰ্তি (ইংৰাজী: Adiyogi Shiva bust) তামিলনাডুৰ থিৰুনামৰ কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত অৱস্থিত। তীখাৰে নিৰ্মিত এই মূৰ্তিটো ৩৪ মিটাৰ ওখ (১১২ ফুট), ৪৫ মিটাৰ দীঘল (১৪৭ ফুট) আৰু ২৫ মিটাৰ বহল (৮২ ফুট)। ইয়াক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ বিশ্বৰ "সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য" হিচাপে স্বীকৃতি দিয়ে।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৪ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আদিযোগী শিৱৰ আৱক্ষ মূৰ্তি (ইংৰাজী: Adiyogi Shiva bust) তামিলনাডুৰ থিৰুনামৰ কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত অৱস্থিত। তীখাৰে নিৰ্মিত এই মূৰ্তিটো ৩৪ মিটাৰ ওখ (১১২ ফুট), ৪৫ মিটাৰ দীঘল (১৪৭ ফুট) আৰু ২৫ মিটাৰ বহল (৮২ ফুট)। ইয়াক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ বিশ্বৰ "সৰ্ববৃহৎ আৱক্ষ ভাস্কৰ্য" হিচাপে স্বীকৃতি দিয়ে।১২ সাধগুৰু জাগ্গী বাসুদেৱে ডিজাইন কৰা এই মূৰ্তিটোৰ ওজন প্ৰায় ৫০০ টন।৩

আদিযোগী বা "প্ৰথম যোগী" হিচাপে শিৱক কোৱা হয়। যোগৰ জৰিয়তে মানুহক অভ্যন্তৰীণ কল্যাণৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

বিৱৰণ

আদিযোগী ঈশা যোগ কেন্দ্ৰত অৱস্থিত। ইয়াৰ উচ্চতা, ১১২ ফুট, যোগিক সংস্কৃতিত উল্লেখ কৰা মোক্ষ (মুক্তি) প্ৰাপ্ত কৰাৰ ১১২টা সম্ভাৱনাৰ প্ৰতীক, আৰু লগতে মানৱ ব্যৱস্থাত ১১২টা চক্ৰ।৪৩ যোগেশ্বৰ লিঙ্গ নামৰ এটা লিঙ্গক পৱিত্ৰ কৰি মূৰ্তিটোৰ সন্মুখত ৰখা হৈছে।৫ ভাৰতীয় পৰ্যটন মন্ত্ৰালয়ে ইয়াৰ আনুষ্ঠানিক ইনক্ৰিডিৱল ইণ্ডিয়া অভিযানত প্ৰতিমূৰ্তিটো অন্তৰ্ভুক্ত কৰিছে।৬

উদ্বোধন

আদিযোগী প্ৰতিমূৰ্তিটো ২৪ ফেব্ৰুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰি উপলক্ষে উদ্বোধন কৰিছিল। তেওঁ বাসুদেৱৰ দ্বাৰা লিখা "আদিযোগী: যোগৰ উৎস " নামৰ এখন সহযোগী কিতাপও মুকলি কৰে। প্ৰতিমূৰ্তিটো উন্মোচন উপলক্ষে, "আদিযোগী - যোগৰ উৎস" গানটো ঈশা ফাউণ্ডেচনৰ দ্বাৰা মুকলি কৰা হৈছিল, যিটো কৈলাস খেৰে গাইছিল, আৰু প্ৰসূন যোশীয়ে গীতটো লিখিছিল।৭

২০১৫ চনত ঈশা ফাউণ্ডেচনৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেচীত আদিযোগীৰ আন এটা ৬.৪ মিটাৰ (২১ ফুট) মূৰ্তি উন্মোচন কৰা হৈছিল, ২,৮০০ মিটাৰ২ (৩০,০০০ বৰ্গ ফুট) যোগ ষ্টুডিঅ'ৰ অংশ হিচাপে।৮

আদিযোগী দিব্য দৰ্শনম্‌

আদিযোগী দিব্য দৰ্শনম হৈছে থ্ৰিডি লেজাৰ শ্ব', যি আদিযোগীৰ কাহিনী আৰু মানুহক কেনেদৰে যোগবিজ্ঞান প্ৰদান কৰা হৈছিল তাৰ বৰ্ণনা কৰে।৯ ২০১৯ চনত মহা মহা শিৱৰাত্ৰিত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ইয়াক উদ্বোধন কৰে।১০ এইটো এটা ১৪ মিনিটৰ লাইট এণ্ড চাউণ্ড শ্ব, যাক আদিযোগী প্ৰতিমূৰ্তিৰ ওপৰত প্ৰক্ষেপ কৰা হৈছে।১১১২ ২০২০ চনত ই উপাসনা গৃহ শ্ৰেণীত মনোৰঞ্জন প্ৰযুক্তিবিদ্যাৰ বাবে Mondo*dr EMEA & APAC Award for Technology বঁটা লাভ কৰে। .১৩১৪

তথ্যসূত্ৰ

  1. ↑ 'Aadiyogi bust' declared world's largest by Guinness Book of World, হিন্দুস্তান টাইমছ, 12 May 2017
  2. ↑ Vincenzo Berghella, Chennai and Coimbatore, India, Page 68
  3. ↑ (17 February 2017). Shiva as Adiyogi. Mathrubhumi
  4. ↑ (24 February 2017). PM Narendra Modi to unveil first 112 feet Shiva idol at Isha Foundation. The Indian Express
  5. ↑ Sadhguru. The first Guru is born
  6. ↑ (24 February 2017). Maha Shivratri 2017: PM Modi unveils 112-foot Shiva statue in Coimbatore. Daily News Analysis
  7. ↑ (23 February 2017). Prasoon Joshi and Kher Collaborate. RadioAndMusic
  8. ↑ (6 October 2015). 21-foot statue of Adiyogi unveiled and consecrated in Tennessee. India Post
  9. ↑ (2020-02-21). 12 Things You Probably Didn’t Know About 112-ft Adiyogi. Isha Sadhguru
  10. ↑ Team, DNA Web. Adi-yogi allows humans to evolve beyond their limitations: President Kovind on Maha Shivaratri · Latest News & Updates at DNAIndia.com. DNA India
  11. ↑ (2020-05-12). Adiyogi Divya Darshanam Wins Prestigious Global Award. Isha Sadhguru
  12. ↑ Adiyogi Divya Darshanam on weekend · Covaipost
  13. ↑ (2020-05-12). Adiyogi Divya Darshanam Wins Prestigious Global Award. Isha Sadhguru
  14. ↑ Adiyogi Divya Darshanam, Isha Yoga Centre – EMEA & APAC

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্যভাৰতৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিযোগী শিৱ প্ৰতিমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৪৫৬০০১ (১৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।