ভাস্কৰ্য
৩৬ প্ৰবন্ধ
-
মোৱাই
মোৱাই (/ˈmoʊ.aɪ/ MOH-eye; স্পেনিছ: moái; ৰাপা নুই: moʻai, আক্ষৰিক অৰ্থ 'মূৰ্তি') হৈছে ১২৫০ৰ পৰা ১৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত পূব পলিনেছিয়াৰ ৰাপা নুইত (ঈষ্টাৰ দ্বীপ) ৰাপা নুই জনগোষ্ঠীয়ে শিলৰ পৰা কাটি উলিওৱা একশিলাৰে গঠিত মনুষ্য মূৰ্তি।
-
লিটিল মাৰ্মেইড (মূৰ্তি)
লিটিল মাৰ্মেইড হৈছে এডভাৰ্ড এৰিক্সনৰ ব্ৰঞ্জৰ মূৰ্তি, য'ত এগৰাকী জলপৰী মানুহ হৈ পৰাৰ চিত্ৰণ কৰা হৈছে। ডেনমাৰ্কৰ কোপেনহেগেনৰ লেংগেলিনি প্ৰমেনেডত পানীৰ পাৰৰ এটা শিলত প্ৰদৰ্শিত হৈছে এই ভাস্কৰ্য্য।
-
সাগৰকন্যাকা
সাগৰকন্যাকা (Sagarakanyaka) হৈছে কেৰালা শংকুমুঘম উপকূলত অৱস্থিত এখন জলপৰীৰ ভাস্কৰ্য। কানায়ী কুঁহিৰামনে নিৰ্মাণ কৰা এই ভাস্কৰ্য্যটোক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ জলপৰীৰ ভাস্কৰ্য্য হিচাপে বিবেচিত কৰিছে। ইয়াৰ দৈৰ্ঘ্য ৮৭ ফুট আৰু উচ্চতা ২৫ ফুট।
-
সুৰসুন্দৰী
গৃহিণী নোহোৱা এখন ঘৰৰ দৰে, নাৰী নোহোৱা কোনো ক্ৰীড়াকৌতুকৰ দৰে, সুৰসুন্দৰীৰ অবিহনে কীৰ্তিচিহ্ন একোটা নিম্নমানৰ হ'ব আৰু ইয়াৰ কোনো ফল নধৰিব। — —Shilpa-Prakasha, 9th century architectural treatise সুৰসুন্দৰী (सुरसुंदरी) হৈছে নাৰী সৌন্দৰ্য্য আৰু আবেদনময়ী ভাৱ প্ৰকাশিত প্ৰাচীন ভাৰতীয় যুৱতীৰ এক বিশেষ…
-
ৰঙা ফিচো
ৰঙা ফিচো (ক্ৰ'ৱেচিয়ান: Crveni Fićo) ক্ৰ'ৱেচিয়াৰ অচিজেকত থকা এটা স্মৃতিসৌধ। ক্ৰ'ৱেচিয়াৰ স্বাধীনতা যুদ্ধৰ আৰম্ভণিতে যুগোস্লাভিয়া সেনাবাহিনীৰ টেংকে জাষ্টাভা ৭৫০ (ফিচো) গাড়ী ধ্বংস কৰাৰ স্মৃতিত এই গাড়ীখন ক্ৰ'ৱেচিয়াৰ প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছিল।
-
ৱাৰ্খা শিৰ
ৱাৰ্খা শিৰ এক নাৰী মূৰ্ত্তি। এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক'লা আলকাতৰা (bitumen) লগোৱা হৈছিল।