অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মগধ

মগধ আছিল প্ৰাচীন ভাৰতৰ পূব গংগা সমভূমিত অৱস্থিত এখন ৰাজ্য। দ্বিতীয় নগৰায়ন যুগৰ ষোল্লখন মহাজনপদৰ ভিতৰত মগধ আছিল অন্যতম। এই অঞ্চলত কেইবাটাও বংশই শাসন কৰিছিল, যিয়ে আন মহাজনপদবোৰৰ ওপৰত প্ৰভাৱ পেলাইছিল, জয় কৰিছিল আৰু নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৪৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ
খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীত,মগধ ৰাজ্যৰ অনুমাণিক আয়তন
খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীত,মগধ ৰাজ্যৰ অনুমাণিক আয়তনছবি: Public domain

মগধ আছিল প্ৰাচীন ভাৰতৰ পূব গঙ্গা নদী সমভূমিত অৱস্থিত এখন ৰাজ্য। দ্বিতীয় নগৰায়ন যুগৰ ষোল্লখন মহাজনপদৰ ভিতৰত মগধ আছিল অন্যতম। এই অঞ্চলত কেইবাটাও বংশই শাসন কৰিছিল, যিয়ে আন মহাজনপদবোৰৰ ওপৰত প্ৰভাৱ পেলাইছিল, জয় কৰিছিল আৰু নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম ধৰ্মৰ বিকাশত মগধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ১ আৰু মৌৰ্য সাম্ৰাজ্যৰ মূল অংশ গঠন কৰিছিল (খ্ৰীষ্টপূৰ্ব প্ৰায় ৩২০–১৮৫)। '''

ভৌগোলিক পৰিৱেশ

মগধ মহাজনপদৰ সীমা উত্তৰে গঙ্গা নদীৰপৰা দক্ষিণে বিন্ধ্যা পৰ্বতলৈকে, পূবে চম্পাৰপৰা পশ্চিমে সোণ নদীলৈকে বিস্তৃত আছিল। দক্ষিণ বিহাৰত অৱস্থিত এইখন অৱশেষত উত্তৰ ভাৰতৰ আটাইতকৈ শক্তিশালী মহাজনপদ হিচাপে পৰিগণিত হয়। মগধৰ প্ৰাচীন ৰাজধানী আছিল ৰাজগৃহ। মগধ পাঁচখন পাহাৰেৰে আগুৰি থকা এখন চহৰ আছিল। পিছলৈ পাটলিপুত্ৰত মগধৰ ৰাজধানী স্থাপন কৰা হয়। মগধ ৰাজ্যই তেতিয়াৰ শক্তিশালী কোশল, বৎস, অৱন্তী ৰাজ্যসমূহ নিজৰ লগত সংলগ্ন কৰে। ২ এইদৰে মগধৰ সম্প্ৰসাৰিত হৈ এক সংযুক্ত ভাৰতলৈ পৰিণত হ’ল।

অতীজৰেপৰা মগধ ৰাজনৈতিক উত্থান, পতন, সামাজিক-ধৰ্মীয় জাগৰণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। মগধ আছিল বুদ্ধৰ সমসাময়িক এক শক্তিশালী আৰু সংগঠিত ৰাজতন্ত্ৰ। সময়ৰ লগে লগে মগধৰ বিকাশ অব্যাহত থাকিল, আৰু ইয়াৰ ইতিহাস (ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ বিকাশৰ মূল স্তম্ভ হিচাপে) সমগ্ৰ দেশৰ ইতিহাস হৈ পৰিল।

ইতিহাস

অথৰ্ববেদত (৫.২২) (খ্ৰীষ্টপূৰ্ব প্ৰায় ১২০০-৯০০)ত অংগ, গান্ধাৰ আৰু মুজাৱতৰ সৈতে মগধসকলক কুৰু-পাঞ্চালৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাহিৰত অৱস্থিত অবৈদিক জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।৩

কিকটা ৰাজ্য

কিছুমান পণ্ডিতে কিকটা জনগোষ্ঠীক—ঋকবেদ (৩.৫৩.১৪)ত কিকটাৰ শাসক প্ৰমগণ্ডক মগধৰ পূৰ্বপুৰুষ বুলি চিনাক্ত কৰিছে, কাৰণ পিছৰ গ্ৰন্থসমূহত কিকটাক মগধৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে।৪অথৰ্ববেদত মগধসকলৰ দৰে ঋগবেদত কিকটাসকলক ব্ৰাহ্মণ্যবাদী ভাৰতৰ সীমান্তত বাস কৰা শত্ৰু জনগোষ্ঠী বুলি কোৱা হৈছে, যিসকলে বৈদিক ৰীতি-নীতি নকৰিছিল, কিন্তু উইটজেলে যুক্তি দিছে যে কিকটাসকলক মগধৰ ভিতৰত স্থাপন কৰাটো "ভুল স্থানত" কৰা হৈছে, যেনেকৈ ঋগবেদত "তেওঁলোকৰ কিকটা ভূ-খণ্ডৰ দক্ষিণে থকা বুলি স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে।" কুৰুক্ষেত্ৰ, পূব ৰাজস্থান বা পশ্চিম মধ্য প্ৰদেশত, আৰু মগধ ঋগবেদৰ ভৌগোলিক পৰিসৰৰ বাহিৰত।" ৫

বৃহদ্ৰথ বংশ

পুৰাণৰ কিংবদন্তি অনুসৰি বৃহদ্ৰথ বংশটোৱেই আছিল মগধত শাসন কৰা প্ৰথম বংশ। ৬

মহাজনপদ ( ৬ ৰপৰা ৪ তম খ্ৰীষ্টপূৰ্ব)

Cyclopean Wall of Rajgir which encircled the former capital of Magadha, Rajgir. Among the oldest pieces of cyclopean masonry in the world
Cyclopean Wall of Rajgir which encircled the former capital of Magadha, Rajgir. Among the oldest pieces of cyclopean masonry in the worldছবি: Chandan Singh from India · CC BY 2.0

দ্বিতীয় নগৰায়ন

দ্বিতীয় নগৰায়নৰ বেছিভাগেই বৃহত্তৰ মগধত ৫০০ খ্ৰীষ্টপূৰ্বৰপৰা আৰম্ভ হৈছিল। ইয়াতেই জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম ধৰ্মৰ উত্থান ঘটিছিল।৭

হাৰিয়াংক বংশ (খ্ৰীষ্টপূৰ্ব ৫৪৪–খ্ৰীষ্টপূৰ্ব ৪১৩)

মগধৰ আদিম শাসকসকলৰ বিষয়ে নিশ্চিত তথ্য কমেইহে পোৱা যায়। [বৌদ্ধ]]ধৰ্মীয় পালি ভাষা কেনন, জৈন ধৰ্ম আগম আৰু হিন্দু পুৰাণ আদি গুৰুত্বপূৰ্ণ উৎস। প্ৰাচীন মগধ ৰাজ্যৰ কথা ৰামায়ণ আৰু মহাভাৰততো উল্লেখ আছে। জৈন আৰু বৌদ্ধ উৎসৰ ভিত্তিত দেখা যায় যে মগধত প্ৰায় ১৩০ বছৰ হাৰিয়াংক বংশই শাসন কৰিছিল (৫৪৩ চনৰপৰা ৪১৩ খ্ৰীষ্টপূৰ্বলৈকে)। ৮ যদিও সময় অনিশ্চিত আৰু যথেষ্ট পিছৰো হ'ব পাৰে।

মগধৰ দুজন উল্লেখযোগ্য হাৰিয়াংক বংশ শাসক আছিল বিম্বিসাৰ (শ্ৰেনিক নামেৰেও জনাজাত) আৰু তেওঁৰ পুত্ৰ অজাতশত্ৰু (কুনিক নামেৰেও পৰিচিত)। এই দুগৰাকী শাসকক বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম সাহিত্যত বুদ্ধ আৰু মহাবীৰৰ সমসাময়িক হিচাপে উল্লেখ কৰা হৈছে।

পিছলৈ উত্তৰ ভাৰতৰ বহু অংশ জয় কৰা নন্দ বংশৰ (প্ৰায় ৩৪৫ – প্ৰায় ৩২২ খ্ৰীষ্টপূৰ্ব) প্ৰতিষ্ঠাপক মহাপদ্ম নন্দই মগধৰ সিংহাসন দখল কৰে। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যই (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫ খ্ৰীষ্টাব্দ) নন্দ বংশক উৎখাত কৰে।

মহাপদ্ম নন্দৰ আগৰ ৰজাৰ উত্তৰাধিকাৰ আৰু মগধৰ সঠিক কালক্ৰম সম্পৰ্কে বহু অনিশ্চয়তা আছে। বিভিন্ন প্ৰাচীন গ্ৰন্থৰ বিৱৰণী (যি সকলোবোৰ যুগটোৰ বহু শতিকাৰ পিছত লিখা হৈছিল) আৰু এই গ্ৰন্থবিলাকত বহু কথাত ইটোৱে সিটোৰ পাৰস্পৰিক বিৰোধী মন্তব্য দেখা যায়। তদুপৰি কিছুমান পণ্ডিতে পছন্দ কৰা "দীঘলীয়া কালক্ৰম" আৰু বিপৰীতমুখী "চমু কালক্ৰম" আছে আৰু এই বিষয়ে গৌতম বুদ্ধ আৰু মহাবীৰৰ অনিশ্চিত কালক্ৰমৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। ৯

বিস্তাৰ (খ্ৰীষ্টপূৰ্ব ৪১৩-খ্ৰীষ্টপূৰ্ব ২৮)

তথ্যসূত্ৰ

  1. ↑ Damien Keown. (26 August 2004). A Dictionary of Buddhism. OUP Oxford. পৃ. 163. ISBN 978-0-19-157917-2
  2. ↑ Raychaudhuri, Hemchandra. (1953). Political History of Ancient India: From the Accession of Parikshit to the Extinction of Gupta Dynasty. কলিকতা বিশ্ববিদ্যালয়. পৃ. 110–118
  3. ↑ Michael Witzel (1987), "On the localisation of Vedic texts and schools (Materials on Vedic Śākhās, 7)" in G. Pollet (ed.), India and the Ancient world. History, Trade and Culture before A.D. 650
  4. ↑ Macdonell, Arthur Anthony; Keith, Arthur Berriedale. (1995). Vedic Index of Names and Subjects. Motilal Banarsidass Publishers. ISBN 9788120813328
  5. ↑ M. Witzel. "Rigvedic history: poets, chieftains, and polities," in The Indo-Aryans of Ancient South Asia: Language, Material Culture and Ethnicity. ed. G. Erdosy (Walter de Gruyer, 1995), p. 333
  6. ↑ Chakrabarty, D.K. (2010). The Geopolitical Orbits of Ancient India: The Geographical Frames of the Ancient Indian Dynasties. OUP India. ISBN 978-0-19-908832-4
  7. ↑ Bronkhorst 2007
  8. ↑ Chandra, Jnan. (1958). Some Unknown Facts About Bimbisāra. Proceedings of the Indian History Congress. পৃ. 215–217
  9. ↑ Bechert, Heinz. (1995). When Did the Buddha Live?: The Controversy on the Dating of the Historical Buddha. Sri Satguru Publications. পৃ. 129. ISBN 978-81-7030-469-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ইতিহাসজৈন ধৰ্মবৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মগধ” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৮৯ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।