ধম্মপদ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দ্বিতীয় গ্ৰন্থ। ‘ধম্মপদ’ শব্দটো সংস্কৃত ‘ধৰ্মপদ’ৰ পালি ৰূপ। পালিত সংস্কৃতৰ ‘ৰেফ’ লুপ্ত হৈ ধ্বনিটো দ্বিত্ব হৈ পৰে। ধৰ্ম অৰ্থাৎ নীতি-নৈতিকতামূলক পথ লাভৰ উপায় অৰ্থতে ইয়াত সন্নিবিষ্ট গাথাসমূহক একেলগে ‘ধৰ্ম্মপদ' বুলি কোৱা হৈছে।১ এইসমূহ নৈতিক আৰু আধ্যাত্মিক ভাবমূলক বিভিন্ন গাথাৰ সংগ্ৰহ। ধম্মপদত ৪২৩টা গাথা আছে আৰু এইবিলাক ২৬টা বগত (বৰ্গত) বিভক্ত কৰা হৈছে।
ধম্মপদৰ বিষয়বস্তু
ধম্মপদে বৌদ্ধসাহিত্যৰ লগতে সমগ্ৰ ভাৰতীয় চিন্তা আৰু সাধনাকো অমৰ কৰি ৰাখিছে। বৌদ্ধধৰ্ম গ্ৰন্থৰ ভিতৰুৱা যদিও ইয়াত সন্নিবিষ্ট বাণীসমূহ সম্প্ৰদায়গত ধৰ্মৰ আদৰ্শৰ পৰা উৰ্ধত অৱস্থান কৰিছে। ইয়াৰ বাণীসমূহত চিৰকালীন সৰ্বমানবিক কল্যাণ-মৈত্ৰীৰ আদৰ্শ পৰিলক্ষিত হয়।১ সেয়েহে ধৰ্ম্মপদৰ খ্যাতি সমগ্ৰ বিশ্বতে পৰিলক্ষিত হয়।
ধম্মপদৰ গুৰুত্ব
বৌদ্ধসকলৰ বিশ্বাস যে ধৰ্ম্মপদৰ সমস্ত বচন বুদ্ধ-বচন আৰু বৌদ্ধধৰ্মৰ মূল সূত্ৰসমূহেই ধম্মপদৰ বক্তব্য। অৱেশ্য ধম্মপদৰ বেছিভাগ গাথাই ত্ৰিপিটকৰ বিভিন্ন অংশৰ পৰাই সংগ্ৰহ আৰু বুদ্ধবচন বুলি কোৱা হ'লেও বহু গাথা হিন্দু আৰু জৈন ধৰ্মশাস্ত্ৰৰ লগত সম্পৰ্কযুক্ত; সেয়েহে এইবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা বুলি ক'ব পাৰি। বিভিন্ন উৎসৰ পৰা নীতি-নৈতিকতামূলক কথা সংগ্ৰহ কৰি জনসাধাৰণৰ সু-উচ্চ জীৱন-যাপনৰ অৰ্থে জনসাধাৰণৰ মাজত নৈতিক আৰু আধ্যাত্মিক জ্ঞান প্ৰচাৰ কৰাই এই সংকলনৰ মূল লক্ষ্য আছিল।১ হিন্দু ধৰ্মত গীতাৰ যি স্থান বৌদ্ধধৰ্মতো ধম্মপদৰ স্থান একে বুলি কোৱা হয়।
ধম্মপদৰ অনুবাদ
ধম্মপদ এখন অতি জনপ্ৰিয় গ্ৰন্থ। এই বাণীসমূহ প্ৰথমে পালি ভাষাত লিখা হৈছিল। পিছলৈ প্ৰাকৃত, সংস্কৃত, বৌদ্ধ-সংস্কৃত আদি ভাষাত ইয়াৰ অনুবাদ পোৱা যায়। প্ৰাচীন কালতে সংস্কৃত অথবা বৌদ্ধসংস্কৃতৰ আধাৰত চীনীয়, তিব্বতী আদি ভাষাতো অনূদিত হৈ প্ৰচাৰ হৈছিল।১ অসমীয়া ভাষালৈ ধম্মপদৰ অনুবাদ হৈছে। সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে প্ৰথম ধম্মদৰ অসমীয়া অনুবাদ কৰে।
ধম্মপদৰ বগ্গসমূহ
ধম্মপদত ৪২৩টা গাথা আছে আৰু এইবিলাক ২৬টা বগত (বৰ্গত) বিভক্ত কৰা হৈছে:
- যমক
- অপমাদ (অপ্ৰমাদ),
- চিত্ত,
- পুপ্ফ (পুষ্প),
- বাল,
- পণ্ডিত,
- অৰহণ্ত,
- সহস (সহস্ৰ),
- পাপ,
- দণ্ড,
- জৰা,
- অত্ত (আত্ম),
- লোক,
- বুদ্ধ,
- সুখ,
- পিয়(প্ৰিয়),
- কোধ (ক্ৰোধ),
- মল,
- ধম্ম,
- মগ (মাৰ্গ),
- পকিল্পক (প্ৰকীৰ্ণক—বিবিধ),
- নিৰয় (নৰক),
- নাগ,
- তন্থা (তৃষ্ণা),
- ভিক্খু আৰু
- ব্ৰাহ্মণবগো।
তথ্যসূত্ৰ
- ↑ নগেন ঠাকুৰ. (২০০২). পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষা আৰু সাহিত্য. কে.এম. পাব্লিচিং. পৃ. ৯৪ - ৯৫. ISBN 81-85916-36-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধম্মপদ” প্ৰবন্ধৰ সংশোধন ৩৭০২৩৪ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।