বিহু
২৩ প্ৰবন্ধ
-
বিহু
বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমৰ জনজীৱনৰ কৃষিভিত্তিক বাৰ্ষিক ঋতুচক্ৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একেলগে উদযাপন কৰিব পৰা এই উৎসৱে অসমৰ সাংস্কৃতিক ঐক্য, লোকাচাৰ আৰু সংগীত-নৃত্য পৰম্পৰাৰ এক প্ৰধান বাহক ৰূপে পৰিচয় দিয়ে।
-
ব'হাগ বিহু
ব'হাগ বিহু (ৰঙালী বিহু) অসমৰ মুখ্য বিহু উৎসৱ, যি বসন্তৰ আগমণ আৰু কৃষিকাৰ্যৰ নতুন চক্ৰ আৰম্ভ হোৱাৰ লগে লগে পালন কৰা হয়। ই নাচ-গীত, হুঁচৰি, লোকাচাৰ আৰু লোকবিশ্বাসেৰে ভৰা এক সামাজিক-সাংস্কৃতিক উৎসৱ; বহুতে ইয়াক যৌৱনৰ উৎসৱ বুলিও গণ্য কৰে।
-
মাঘ বিহু
মাঘ বিহু (ভোগালী বিহু) অসমত পুহ-মাঘ সংক্ৰান্তিৰ সময়ত পালন কৰা শস্য-উৎসৱ, যাৰ কেন্দ্ৰত ভোজ-ভাত আৰু অগ্নি-অনুষ্ঠান আছে। উৰুকাৰ সমূহীয়া ভোজ আৰু পৰদিনাৰ মেজি-পোৰা এই উৎসৱৰ মুখ্য বৈশিষ্ট্য, আৰু ই অসমীয়াৰ ঐক্যবোধ, লোকাচাৰ আৰু কৃষিজীৱন-সংস্কৃতি প্ৰকাশ কৰে।
-
বিহুগীত
বিহুগীত (বা বিহুনাম) অসমৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগত লোকগীতসমষ্টি। এই গীতসমূহে বিহু-অনুষ্ঠানৰ আখৰা, নৃত্য, বাদ্য আৰু সামূহিক অংশগ্ৰহণৰ সৈতে একেলগে অসমীয়া জনজীৱনৰ বহু অনুষঙ্গক প্ৰকাশ কৰে।
-
পিঠা
পিঠা মুখ্যতঃ চাউলগুড়িৰ পৰা প্ৰস্তুত কৰা অসমৰ পৰম্পৰাগত খাদ্য, যি জলপান, মিঠাই বা উৎসৱ-অনুষ্ঠানৰ আংগিক ব্যঞ্জন হিচাপে বহুল ব্যৱহৃত। অসমত বিশেষকৈ ৰঙালী আৰু ভোগালী বিহুত পিঠা-পনা সামাজিক আতিথ্য আৰু লোক-সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ, আৰু ভাৰত-বাংলাদেশৰ বহু অঞ্চলতো ইয়াৰ সাদৃশ্যধৰ্মী ধাৰা দেখা যায়।
-
বিহু নৃত্য
বিহু নৃত্য(bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।
-
গৰু বিহু
বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়।
-
কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।
-
হুঁচৰি
হুঁচৰি অসমৰ ৰঙালী বিহু বা বহাগ বিহুৰ এক অবিচ্ছেদ্য লোক-সাংস্কৃতিক পৰম্পৰা। ই অসমীয়া লোকসংগীত আৰু লোকাচাৰৰ এক গুৰুত্বপূৰ্ণ অংগ। বহাগ বিহুৰ সময়ত একোটা গাঁৱৰ ডেকা, যুৱক আৰু বহু ঠাইত বয়োজ্যেষ্ঠসকলেও একেলগে ঢোল, পেঁপা, গগনা, তাল, টকা, বাঁহী আদি বাদ্যযন্ত্ৰ লৈ দল বান্ধি ঘৰে ঘৰে গৈ হুঁচৰি গায়।
-
বিহুৰ খাদ্য
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, ব’হাগ বিহু বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা ভোগালী বিহু (খেতি চপোৱা বিহু) আৰু কাতি বা কঙালী বিহু (শৰতৰ বিহু)। বিহু উৎসৱৰ লগত খোৱা-বোৱাৰ ওতঃপ্ৰোত সম্বন্ধ আছে।
-
বিহুৰ বাদ্যযন্ত্ৰ
বিস্তাৰিত: অসমৰ লোকবাদ্য বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন, পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি।
-
সাত বিহু
বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়।
-
মেজি
মেজি হৈছে মাঘ বিহু বা ভোগালী বিহুৰ সৈতে জড়িত এক পৰম্পৰাগত অগ্নি-অনুষ্ঠান আৰু ইয়াৰ বাবে নিৰ্মাণ কৰা কাঠ, বাঁহ, খেৰ, নৰা বা শুকান কলপাতেৰে সজা ওখ আকৃতিৰ গাঁথনি। অঞ্চলভেদে মেজিৰ নিৰ্মাণ-পদ্ধতি আৰু ব্যৱহৃত সামগ্ৰীৰ পাৰ্থক্য দেখা যায়।
-
ৰাতি বিহু
ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে।
-
চাট (বাঁহৰ সঁজুলি)
চাট হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ লোকাচাৰত ব্যৱহাৰ হোৱা ত্ৰিশূল সদৃশ বাঁহৰ শলাবিশেষ। ইয়াত কেইবিধমান থলুৱা পাচলি ডোখৰ ডোখৰকৈ বা চকলিয়াই কাটি গুঠি লোৱা হয়। গৰু বিহুৰ দিনা গৰুক গা ধুৱাওঁতে এই পাচলিৰ টুকুৰাবোৰ গৰুৰ গালৈ দলিয়াই গৰুসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।
-
বিহুৰ সাজ-পোচাক আৰু অলংকাৰ
বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে।
-
সাতশাকী
সাতশাকী হৈছে অসমীয়া লোকসকলে পালন কৰা ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। সাতশাকী নামটো ব'হাগৰ সাতবিহুৰ যিকোনো এদিন খোৱাৰ পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
-
আকাশ বন্তি
কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি।
-
চুঙা পিঠা
চুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়।
-
ফাট বিহু
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব'হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব'হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
-
চেৰা-বিহু
চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ৷ সেইদিনা উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে৷ সেইদিনা উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে৷ সেই নিয়ম আজিও প্ৰচলিত হৈ আছে৷ কমলাবাৰী সত্ৰৰ বাবে চেৰা বিহুৰ এক বিশেষ গুৰুত্ব আছে৷ সাত…
-
জাতনাম
জাতনাম বিহুগীতৰ এটা প্ৰধান ভাগ। যেতিয়া কোনো এটা খৰা নাম (দুলড়ী ছন্দত থকা চাৰিশৰীয়া বিহুনাম ) জাত লগাই গোৱা হয়, তেতিয়াই সেই নাম ফাঁকিক জাতনাম বোলে। হুঁচৰি, মুকলি বিহু, গাভৰু বিহু, ৰাতিবিহু আদি সকলোতে জাত নামৰ বহুল প্ৰচলন আছে।
-
মাধুৰী আঁহতৰ তলৰ বিহু
মাধুৰী আঁহতৰ তলৰ বিহু ( Madhuri Anhotor Tolor Bihu)চতিয়াৰ উহনি পথাৰৰ মুকলি বিহু৷ ১৯১৮ চনৰ পৰাই ধাৰাবাহিকভাবে এই ঠাইত বিহু অনুষ্ঠিত কৰা হৈ আহিছে৷ বিহু অনুষ্ঠানৰ লগতে উহনি পথাৰ আৰু মাধুৰী আঁহতৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ শতবৰ্ষ অতিক্ৰম কৰা এই মুকলি বিহুকেই অসমৰ প্ৰথমখন মুকলি বিহু বুলি বহুতেই মান্যতা…