অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্ত বন্দ্য‍োপাধ্যায়

জয়ন্ত বন্দ্য‍োপাধ্যায় (Jayanta Bandyopadhyay; জন্ম ৩১ ডিচেম্বৰ ১৯৪৭, কলকাতা, ভাৰত) এজন ভাৰতীয় গৱেষক, বিশ্লেষক আৰু লেখক। বৰ্তমান তেওঁ কলকাতাৰ অব্জাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেচনত বিশিষ্ট ফেলো হিচাপে কৰ্মৰত।

হালনাগাদ: ২ আগষ্ট ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

জয়ন্ত বন্দ্য‍োপাধ্যায় (Jayanta Bandyopadhyay; জন্ম ৩১ ডিচেম্বৰ ১৯৪৭, কলকাতা, ভাৰত) এজন ভাৰতীয় গৱেষক, বিশ্লেষক আৰু লেখক। বৰ্তমান তেওঁ কলকাতাৰ অব্জাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেচনত বিশিষ্ট ফেলো হিচাপে কৰ্মৰত। দক্ষিণ এছিয়াৰ জনস্বাৰ্থৰ গৱেষণা, পাহাৰীয়া পৰিৱেশ, আৰু জল শাসনৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পেছাদাৰী বেনাৰ্জীয়ে ১৫০খন গৱেষণা-পত্ৰ আৰু প্ৰবন্ধৰ উপৰিও ১৬খন সমালোচকৰ দ্বাৰা প্ৰশংসিত কিতাপ আৰু মনোগ্ৰাফ ৰচনা কৰিছে। তেওঁ বিশ্বৰ বহু ঠাইত আমন্ত্ৰিত বক্তা হিচাপে বক্তৃতা প্ৰদান কৰিছে।

জন্ম আৰু শিক্ষা

জয়ন্ত বন্দ্য‍োপাধ্যায়ৰ জন্ম ১৯৪৭ চনৰ ৩১ ডিচেম্বৰত ভাৰতৰ কলকাতাত। কলকাতাত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত তেওঁ কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজিত অভিযান্ত্ৰিক অধ্যয়নত নামভৰ্তি কৰে আৰু তাৰ পৰা ১৯৬৯ চনত প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ আৰু ১৯৭৬ চনত অভিযান্ত্ৰিক পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ গৱেষণাৰ আগ্ৰহক বিজ্ঞানৰ আন্তঃশাখা ক্ষেত্ৰ আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে সম্পৰ্কিত কৰিছিল। অতি সোনকালেই তেওঁ হিমালয় বিষয়ক গৱেষণাৰ প্ৰতি গভীৰ আগ্ৰহী হৈ পৰে। তেওঁৰ পেছাদাৰী জীৱন বিশ্বৰ পাহাৰীয়া পৰিৱেশ আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত আৱদ্ধ আছিল। ১৯৭৭ চনত তেওঁ আমেৰিকাৰ কেম্ব্ৰিজৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিত বিজ্ঞান আৰু ৰাজহুৱা নীতি বিষয়ত ভিজিটিং পোষ্ট ডক্টৰেট ফেলো হিচাপে যোগদান কৰে।

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত বন্দ্য‍োপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫২৯৭৬২ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।