অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘাটু গান

ঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক ঘাটু গান বুলি কোৱাৰ কাৰণ, ঘাটত নাও চপাই এই গীত গোৱা হয়। আজিও ময়মনসিংহৰ বিভিন্ন অঞ্চল যেনে ঈশ্বৰগঞ্জ, নেত্ৰকোনাৰ কেন্দুৱা আৰু সুনামগঞ্জৰ কিছু অঞ্চলত মানুহৰ মুখে মুখে ঘাটু গান শুনিবলৈ পোৱা যায়।

হালনাগাদ: ৪ জানুৱাৰী ২০২৬ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক ঘাটু গান বুলি কোৱাৰ কাৰণ, ঘাটত নাও চপাই এই গীত গোৱা হয়।১ আজিও ময়মনসিংহৰ বিভিন্ন অঞ্চল যেনে ঈশ্বৰগঞ্জ, নেত্ৰকোনাৰ কেন্দুৱা আৰু সুনামগঞ্জৰ কিছু অঞ্চলত মানুহৰ মুখে মুখে ঘাটু গান শুনিবলৈ পোৱা যায়। ই মূলতঃ একপ্ৰকাৰৰ প্ৰণয়-গীতি। যৌনতা থকাৰ বাবে ইয়াৰ জনপ্ৰিয়তা হেৰাবলৈ লৈছে।২

অঞ্চলভেদে ‘ঘাটু’ শব্দটোৰ উচ্চাৰণগত ভিন্নতা পৰিলক্ষিত হয়; এই শব্দটো "ঘাঁটু", "ঘেটু", "ঘেঁটু", "গেণ্টু", "ঘাডু", "গাড়ু", "গাঁটু", "গাডু" ইত্যাদি ধৰণে ব্যৱহাৰ কৰা হয়। যেনে, নেত্ৰকোণা অঞ্চলত ‍ই ‘গাডু’ নামেৰে‍ পৰিচিত, অৱস্য‍ে শিক্ষিতসকলে‍ ‘ঘাটু’ বুলিয়েই কয়; আকৌ, সুনামগঞ্জ অঞ্চলত ইয়াক ‘ঘাডু’ বুলি কোৱা হয়।৩

ইতিহাস

ষোড়শ শতিকাৰ শেষৰফালে ঘাটু গানৰ প্ৰচলন হোৱা বুলি ধাৰণা কৰা হয়। বেছিভাগ গৱেষকৰ ধাৰণা যে, কৃষ্ণৰ কোনোবা ভক্তই ৰাধাৰ সাজ-পোছাক পিন্ধি কৃষ্ণৰ বাবে অপেক্ষা কৰি আছিল, তাৰ পাছত তেওঁৰ কিছু ভক্ত গোট খালে‍ আৰু তাৰ পাছত এই ভক্তসকলৰ মাজৰে ল’ৰা-ছোৱালীবোৰে ৰাধাৰ সখী সাজ-পোছাক পৰিধান কৰি নৃত্য কৰি বিৰহ গীত পৰিৱে‍শন কৰিছিল আৰু এইদৰেই ঘাটু গানৰ প্ৰচলন ঘটিছিল।৪

নামকৰণ

ঘাটু শব্দৰপৰাই 'ঘাটু' শব্দটি উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়; কাৰণ ঘাটত নাও চপাই এই গীত পৰিৱেশন কৰা হৈছিল। ইয়াকো বহুতে ‘ঘাটৰ গান’ বুলিও কয়।৪

প্ৰচলিত অঞ্চল

ইয়াক বাংলাদেশৰ ভাটি অঞ্চলৰ গীত বুলি জনা যায়।৩ এই গান বৃহত্তৰ ময়মনসিংহৰ পূৰ্বাঞ্চল, বৃহত্তৰ কুমিল্লাৰ উত্তৰাঞ্চল আৰু চিলেটৰ হাওৰ অঞ্চলত প্ৰচলিত।

বৈশিষ্ট্যসমূহ

  • ল’ৰাৰ পৰিৱেশনঃ মহিলাৰ সাজ-পোছাক পৰিহিত সুদৰ্শন কিশোৰ ল’ৰাই নাচি নাচি ঘাটু গান পৰিৱেশন কৰে।
  • বংশ পৰম্পৰাৰ পৰিৱেশকঃ এই গানৰ শিল্পীসকলে‍ বংশ-পৰম্পৰা অনুসৰি‍ ঘাটু গান পৰিৱেশন কৰে।
  • বৰ্ষাকালীন পৰিৱেশনঃ এই গান বাৰিষাকালত পৰিৱেশন কৰা হয়।
  • নাৱত পৰিৱেশনঃ আগতে এই গানৰ আসৰ নাৱত বহিছিল।

ঘেটুপুত্ৰ কমলা

উপন্যাসিক হুমায়ুন আহমেদৰদ্বাৰা ৰচিত উপন্যাস হ'ল ঘেটুপুত্ৰ কমলা। এই উপন্যাসখনক কেন্দ্ৰ কৰি উপন্যাসিকে নিজেই এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল, যাৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল এজন ঘাটু গান গোৱা ল'ৰা। যাৰ নাম আছিল কমলা। অৱশেষত জমিদাৰৰ যৌনসঙ্গী হোৱা তেওঁৰেই পত্নীৰ ঈৰ্ষাত কিশোৰ কমলাই প্ৰাণ হেৰুৱাইছিল।

এটি জনপ্ৰিয় ঘাটু গান

আমাৰ মনেৰ বেদনা

সে বিনে কেউ জানে না

কালা যখন বাঁজায় বাঁশি

তখন আমি ৰান্তে বসি

বাঁশিৰ সুৰে মন উদাসী

ঘৰে থাকতে পাৰি না

আমাৰ মনেৰ বেদনা

সে বিনে কেউ জানে না।

তথ্যসূত্ৰ

  1. ↑ আহমদ, ওয়াকিল (১৯৭৪)। বাংলাৰ লোক সংস্কৃতি। ঢাকা।
  2. ↑ সাহিত্য পাঠ: ১১শ-দ্বাদাশ শ্ৰেণি; পৃষ্ঠা- ২৮৬
  3. ↑ শৰ্মা, নন্দলাল (১৯৯৯)। ফোকলোৰ চৰ্চায় সিলেট। ঢাকা।
  4. ↑ দেশ জানো বিশ্ব জানো: 'ঘাটু গান'। দৈনিক কালেৰ কণ্ঠ। প্ৰকাশেৰ তাৰিখ: ২৩ সেপ্টেম্বৰ ২০১২

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ সংস্কৃতিপশ্চিম বংগৰ সংস্কৃতিবঙালী সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘাটু গান” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৭৪ (৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।