অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সাংগ্ৰাই উৎসৱ

সাংগ্ৰাই উৎসৱ ( Sangrai Festival) অসমীয়া পঞ্জিকামতে চ’ত মাহত (এপ্ৰিলৰ প্ৰথম ভাগত) পালন কৰা সাংগ্ৰাই উৎসৱ উপলক্ষে মাৰমা জনজাতিৰ লোকে সাংগ্ৰাই উৎসৱ পালন কৰে।

হালনাগাদ: ৯ নৱেম্বৰ ২০২৫ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৩৬
সংশোধনৰ পৰামৰ্শ

সাংগ্ৰাই উৎসৱ ( Sangrai Festival) অসমীয়া পঞ্জিকামতে চ’ত মাহত (এপ্ৰিলৰ প্ৰথম ভাগত) পালন কৰা সাংগ্ৰাই উৎসৱ উপলক্ষে মাৰমা জনজাতিৰ লোকে সাংগ্ৰাই উৎসৱ পালন কৰে। ই ত্ৰিপুৰা আৰু বাংলাদেশৰ জনজাতি লোক মাৰমাসকলৰ নৱবৰ্ষক আদৰা উৎসৱ৷ সাংগ্ৰাই এক জলোৎসৱ বুলিলেও হয়৷ ই ত্ৰিপুৰা আৰু বাংলাদেশৰ পাৰ্বত্য জিলাসমূহত পালিত বৈসাবি উৎসৱৰ এক অংশ৷১

সাংগ্ৰাই এটি মাৰমা ভাষা৷ সাংগ্ৰাই অসমৰ ব'হাগ বিহুৰ দৰে ই এক নৱবৰ্ষ আদৰা আনন্দৰ উৎসৱ৷২ বছৰৰ শেষ দিনৰ পৰা এই উৎসৱ পালন কৰা হয়৷ উৎসৱ উপলক্ষে সেমাই, পাচন, পিঠা আদি নানা মুখৰোচক খাদ্য প্ৰস্তুত কৰা হয়৷ প্ৰত্যেকে প্ৰত্যেকৰ ঘৰলৈ যায় আৰু কুশল বাৰ্তা বিনিময় কৰি আনন্দত মজি উঠে৷ সাংগ্ৰাই উৎসৱৰ প্ৰধান আকৰ্ষণ হৈছে জলোৎসৱ৷ এই উৎসৱৰ সময়ত ডেকা-গাভৰু আৰু অন্যান্য মানুহে পৰস্পৰৰ গালৈ পানী ছটিয়াই জলকেলি কৰে৷ জলকেলিৰ বাবে উৎসৱ আৰম্ভ হোৱাৰ আগতেই এখন ৰভা দিয়া হয়৷ মাৰমা ভাষাত ইয়াক “ৰিলংপোয়ে’’ বোলে৷ এই ৰভাতলীত যুৱক-যুৱতীসকলে এজনে আনজনৰ গালৈ পানী ছটিয়াই কাবু কৰিবলৈ চেষ্টা কৰে৷ বয়স্থসকলে বৌদ্ধ মন্দিৰলৈ গৈ ধৰ্মীয় ৰীতি-নীতি পালন কৰে৷ যুৱক-যুৱতী, শিশু-কিশোৰসকলে জলকেলি কৰাৰ পিছত ৰছী টনা, হাউ ডু ডু আদি খেল খেলি আনন্দত মতলীয়া হয়৷৩

মাৰমাসকলে চাৰিদিন ধৰি এই উৎসৱ পালন কৰে৷ উৎসৱৰ কাৰণে বৌদ্ধ মন্দিৰ, ঘৰ-দুৱাৰ ধুই পৰিষ্কাৰ কৰে৷ তাৰপিছত তেওঁলোকে ঠায়ে ঠায়ে জলকেলি কৰে৷ জলকেলি কৰাৰ অৰ্থ পুৰণি বছৰৰ সকলো দোষ, গ্লানি ধুই নিকা কৰা৷ আগৰ দিনত ইয়াৰ বাবে পৰিষ্কাৰ পানী ব্যৱহাৰ কৰা হৈছিল৷ আজিকালি উৎসৱত উল্লাস প্ৰকাশ কৰিবলৈ ৰঙীন পানী ব্যৱহাৰ কৰা দেখা যায়৷ ৪ ইংৰাজী কেলেণ্ডাৰমতে ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা উৎসৱ শোভাযাত্ৰা, ধৰ্মীয় ৰীতি-নীতি পালন, খোৱা-বোৱা আৰু আনন্দৰ মাজেৰে পুৰণি সকলো দায়-দোষ পানীৰে ধুই নিকা কৰাৰ প্ৰতীকী কাৰ্যৰে নৱবৰ্ষক আদৰে৷ ৫ উৎসৱৰ প্ৰথম এৰাতি বুদ্ধৰ পূজা আৰু ঘৰ সজোৱাৰ কাম কৰা হয়। ঘৰ সজোৱাৰ বাবে ফুল ব্যৱহাৰ কৰা হয়৷ পাহাৰত বহু ফুল থাকিলেও কিছুমান বিশেষ ফুলৰ সহায়তহে ঘৰবোৰ সজাই তোলা হয়। ইয়াৰে আটাইতকৈ জনপ্ৰিয় শুকুলা ৰঙৰ "ছাংৰাই পাইং" নামৰ ফুল। ঘৰ সজাবলৈ ফুলেই প্ৰধান অৱলম্বন৷ সেয়ে, প্ৰত্যেকেই এই ফুল সংগ্ৰহ কৰি ঘৰ সজায়৷৬ সাংগ্ৰাই উৎসৱৰ প্ৰধান আকৰ্ষণ জলকেলি চাবলৈ উৎসৱ থলীলৈ এই সময়ত চট্টগ্ৰামৰ বিভিন্ন ঠাইৰ পৰা অলেখ মানুহৰ সমাগম ঘটে৷

তথ্যসূত্ৰ

  1. ↑ www.kalerkantho.com/online/national/2022/04/12/1
  2. ↑ xobdo.org/dic/%E0%A6%B8%E0%A6%BE%E0%A6%82%E0%A6%
  3. ↑ www.protidinersangbad.com/todays-newspaper/edito
  4. ↑ onushilon.org/geography/bangladesh/khudro-nrigos
  5. ↑ জলকেলিতে শেষ হ’লো মাৰমাদেৰ সাংগ্ৰাই উৎসৱ
  6. ↑ Sangrai festival spreads wave of festivity in the hills. bdnews24.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতিবাংলাদেশৰ সংস্কৃতিবাংলাদেশৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাংগ্ৰাই উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫৪৯২৩৮ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।