অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এণ্ড্ৰু কিশোৰ

এণ্ড্ৰু কিশোৰ কুমাৰ বাঢ়ৈ (এণ্ড্ৰু কিশোৰ নামেৰে বেছি পৰিচিত) (Andrew Kishore; ৪ নৱেম্বৰ ১৯৫৫ – ৬ জুলাই ২০২০) এগৰাকী বাংলাদেশী গায়ক। বাংলাদেশৰ লগতে আন দেশৰ বহু চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠ দান কৰিছে, যাৰ বাবে তেওঁ ‘প্লেবেক সম্ৰাট’ নামেৰে পৰিচিত।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ৭৬৫ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

এণ্ড্ৰু কিশোৰ কুমাৰ বাঢ়ৈ (এণ্ড্ৰু কিশোৰ নামেৰে বেছি পৰিচিত) (Andrew Kishore; ৪ নৱেম্বৰ ১৯৫৫ – ৬ জুলাই ২০২০) এগৰাকী বাংলাদেশী গায়ক।১২৩ বাংলাদেশৰ লগতে আন দেশৰ বহু চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠ দান কৰিছে, যাৰ বাবে তেওঁ ‘প্লেবেক সম্ৰাট’ নামেৰে পৰিচিত। তেওঁৰ সবাতোকৈ জনপ্ৰিয় গীতবোৰ হ'ল - "জীৱনেৰ গল্প আছে বাকি অল্প", "হায়ৰে মানুষ ৰঙ্গীন ফানুস", "ডাক দিয়াছেন দয়াল আমাৰে", "আমাৰ সাৰা দেহ খেয়ো গো মাটি", "আমাৰ বুকেৰ মধ্যে খানে", "আমাৰ বাবাৰ মুখে প্ৰথম যেদিন", "ভেঙেছে পিঞ্জৰ মেলেছে ডানা", "সবাই তো ভালোবাসা চায় ", "চাঁন্দেৰ সাথে ৰাতেৰ পিৰিতি", "পদ্ম পাতাৰ পানী নয়" ইত্যাদি।

ছয় বছৰ বয়সৰপৰাই কিশোৰে সংগীতৰ পাঠ ল’বলৈ আৰম্ভ কৰিছিল। বাংলাদেশৰ মুক্তিযুদ্ধৰ পাছত তেওঁ ৰাজশাহী বেতাৰত নজৰুল, ৰবীন্দ্ৰ, লোকসঙ্গীত আৰু দেশাত্মবোধক গানৰ শাখাত তালিকাভুক্ত হয়। চলচ্চিত্ৰত তেওঁৰ প্ৰথম গান হ'ল মেইল ট্ৰেন (১৯৭৭) চলচ্চিত্ৰৰ "অচিনপুৰেৰ ৰাজকুমাৰী নেই।" তেওঁ বড় ভাল লোক ছিল (১৯৮২) চলচ্চিত্ৰৰ "হায়ৰে মানুষ ৰঙিন ফানুস" গানৰ বাবে‍ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী শাখাত তেওঁৰ প্ৰথম জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে। ইয়াৰ পাছত তেওঁ সাৰেণ্ডাৰ (১৯৮৭), ক্ষতিপূৰণ (১৯৮৯), পদ্মা মেঘনা যমুনা (১৯৯১), কবুল (১৯৯৬), আজ গায়ে হলুদ (২০০০), সাজঘৰ (২০০৭) ও কি যাদু কৰিলা (২০০৮) চলচ্চিত্ৰৰ গানৰ বাবে আৰু সাতবাৰ জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে।৪ ইয়াৰ উপৰি তেওঁ পাঁচবাৰ বাচসাস পুৰস্কাৰ আৰু দুবাৰ মেৰিল-প্ৰথম আলো পুৰস্কাৰ লাভ কৰে। সংগীতৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে বাংলাদেশ চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা একুশে পদক (মৰণোত্তৰ), ২০২৪ প্ৰদান কৰে। ইয়াৰ বাহিৰেও এণ্ড্ৰু কিশোৰে অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে।

প্ৰাথমিক জীৱন

১৯৫৫ চনৰ ৪ নৱেম্বৰত ৰাজশাহী জিলাত এণ্ড্ৰু কিশোৰৰ জন্ম হয়। তেওঁৰ পিতৃ ক্ষীতিশ চন্দ্ৰ বাঢৈ় আৰু মাতৃ মিনু বাঢৈ়য়ে‍ ৰাজশাহীৰ এখন চিকিৎসালয়ত কাম কৰিছিল। শিক্ষাৰ আৰম্ভণি মাকৰপৰাই হৈছিল। তেওঁৰ শৈশৱ, কৈশোৰ আৰু যৌৱনকাল ৰাজশাহীতেই অতিবাহিত হৈছিল।১২ মাক আছিল সংগীতপ্ৰেমী, আৰু তেওঁৰ প্ৰিয় শিল্পী আছিল কিশোৰ কুমাৰ। তেওঁ তেওঁৰ প্ৰিয় শিল্পীৰ নামেৰে পুত্ৰৰ নাম থৈ‍ছিল ‘কিশোৰ’। মাতৃৰ সপোন পূৰণৰ বাবেই তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল।১২৫

এণ্ড্ৰু কিশোৰে প্ৰথমে আব্দুল আজিজ বাচ্চুৰ অধীনত সংগীতৰ পাঠ আৰম্ভ কৰিছিল। বাংলাদেশ মুক্তিযুদ্ধৰ পাছত কিশোৰ নজৰুল, ৰবীন্দ্ৰনাথ, আধুনিক, লোকগীত আৰু দেশাত্মবোধক গানৰ শাখাত ৰাজশাহী বেতাৰৰ তালিকাভুক্ত শিল্পী আছিল। কিশোৰে ৰাজশাহী বিশ্ববিদ্যালয়ত মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল।

টিভি আৰু মঞ্চত উপস্থিতি

এণ্ড্ৰু কিশোৰে তেওঁৰ কেৰিয়াৰৰ ১৯৮৫ চনৰ পূৰ্বৰ সময়ছোৱাত বাংলাদেশ টেলিভিছনত গান গাইছিল। কিন্তু তাৰ পিছৰ এটা দশকতকৈও অধিক সময় তেওঁ অসংখ্য বঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠদানত ব্যস্ত আছিল যদিও টিভিৰ পৰ্দাত তেওঁক দেখা যোৱা নাছিল। দীঘলীয়া ১৫ বছৰৰ বিৰতিৰ পিছত, এই প্ৰতিভাশালী শিল্পীগৰাকীয়ে ১৯৯৯ চনত "পদ্ম পাতাৰ পানী" গীতটোৰ জৰিয়তে টিভি পৰ্দালৈ উভতি আহে। তেতিয়াৰপৰাই তেওঁ বাংলাদেশ টেলিভিছনত সম্প্ৰচাৰিত ইত্যাদি অনুষ্ঠানৰ এজন নিয়মীয়া শিল্পী আছিল।

তেওঁ সংগীত বিষয়ক ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপেও কাম কৰিছে। ২০১৩ চনত এচএ টিভি (SA TV)ত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি টেলিভিছন সংগীত প্ৰতিযোগিতা বাংলাদেশী আইডলৰ তেওঁ এজন নিয়মীয়া বিচাৰক আছিল।৬

ইয়াৰ উপৰি বিভিন্ন সময়ত বিভিন্ন চেনেলত তেওঁক গীত পৰিৱেশন কৰা বা সাক্ষাৎকাৰ দিয়া দেখা গৈছে, যাৰ ভিডিঅ’সমূহ ইউটিউবত উপলব্ধ। গান বাংলা মিউজিক চেনেলত সম্প্ৰচাৰিত উইণ্ড অৱ চেঞ্জ অনুষ্ঠানত কিশোৰে সংগীত পৰিচালক কৌশিক হোসেন তাপসৰ পুনৰ নিৰ্মাণত তেওঁৰ বিখ্যাত গীত "হায়ৰে মানুষ ৰঙিন ফানুছ"৭ আৰু "বেদেৰ মেয়ে জোছনা আমায় কথা দিয়েছে"৮ গাইছিল, যিয়ে নতুন প্ৰজন্মৰ শ্ৰোতাৰপৰা পুনৰ ব্যাপক সমাদৰ লাভ কৰিছিল।৯

তেওঁ দেশ-বিদেশত বিভিন্ন সময়ত অসংখ্য সংগীতানুষ্ঠান কৰিছে। এণ্ড্ৰু কিশোৰৰ শেষৰটো মিউজিক টিভি শ্ব’ আছিল চেনেল আই (Channel i)ত সম্প্ৰচাৰিত হোৱা "কত ৰঙ্গ জানো ৰে মানুষ।" ১০

ব্যক্তিগত জীৱন

এণ্ড্ৰু কিশোৰৰ জন্ম হৈছিল ১৯৫৫ চনৰ ৪ নৱেম্বৰত বাংলাদেশৰ ৰাজশাহী জিলাত। তেওঁৰ পিতৃ আছিল ক্ষিতীশ চন্দ্ৰ বাৰৈ (১৯১৯-১৯৯৩) আৰু মাতৃ মিনু বাৰৈ (মৃত্যু ২০০৬)। এণ্ড্ৰুৰ পিতৃ কোটালীপাৰা উপজিলাৰ আছিল আৰু ৰাজশাহত কৰ্মৰত আছিল। তেওঁ ৰাজশাহীৰ চিকিৎসা পেছাৰ সৈতে জড়িত আছিল, য’ত এণ্ড্ৰুৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল।১১ এণ্ড্ৰুৰ মাতৃ মিনু বাৰৈ ৰাজশাহীৰ বোলানপুৰ মিছন গাৰ্লছ হাইস্কুলৰ শিক্ষয়িত্ৰী আছিল আৰু তেওঁ সংগীতৰ প্ৰতি যথেষ্ট অনুৰাগী আছিল। তেওঁৰ প্ৰিয় গায়ক আছিল কিশোৰ কুমাৰ। সেইবাবেই এণ্ড্ৰুৰ নাম এণ্ড্ৰু কিশোৰ কুমাৰ বাৰৈ ৰখা হৈছিল। মাতৃৰ ইচ্ছানুসৰী তেওঁ ৰাজশাহীৰ ওস্তাদ আব্দুল আজিজ বাচ্চুৰ ওচৰত সংগীতৰ প্ৰথম পাঠ আৰম্ভ কৰিছিল।১২ সৰুৰেপৰাই কিশোৰৰ সংবাদ মাধ্যমৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল, যিয়ে অৱশেষত তেওঁক তাৰকা খ্যাতি লাভ কৰাত সহায় কৰিছিল।

"মোৰ চাৰ্টিফিকেটত নাম এণ্ড্ৰু কিশোৰ নাছিল। তাত আছিল এণ্ড্ৰু কিশোৰ কুমাৰ বাৰৈ। এদিন পৰিচালক দেৱান নজৰুলে মোক ক’লে যে মোৰ নামটো বৰ ডাঙৰ। তেওঁৰ মতে বাণিজ্যিকভাৱে মোৰ সম্পূৰ্ণ নামটোৰ বিশেষ মূল্য নাছিল! তেওঁ লগতে ক’লে যে পৃথিৱীৰ বেছিভাগ তাৰকাই দুটা শব্দৰ নাম ব্যৱহাৰ কৰে কাৰণ তেওঁলোকৰ নামবোৰ ডাঙৰ আছিল। যেনে এলভিছ প্ৰেছলী, লতা মংগেশকাৰ, উত্তম কুমাৰ, মহম্মদ ৰফী, কিশোৰ কুমাৰ — সকলোৰে নামত দুটা শব্দ আছে। গতিকে পৰিচালকে দুটা শব্দৰ নাম ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে। তাৰ পিছত মই মোৰ নামটো চুটি কৰি এণ্ড্ৰু কিশোৰ ৰখাৰ সিদ্ধান্ত লৈছিলোঁ।"
— — এণ্ড্ৰু কিশোৰ১২

১৯৮৮ চনত কিশোৰে লিপিকা এণ্ড্ৰুৰ (ইতি) সৈতে বিবাহপাশত আবদ্ধ হয়।১৩ তেওঁলোকৰ দুটা সন্তান আছিল। পুত্ৰৰ নাম জয় এণ্ড্ৰু সপ্তক আৰু কন্যাৰ নাম মিনিম এণ্ড্ৰু সংজ্ঞা। সংজ্ঞা ২০১৭ চনত বিবাহপাশত আবদ্ধ হয়।১৪ কিশোৰৰ দুজন ভাই-ভনী আছিল। তেওঁলোকৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু।১১

মৃত্যু

২০২০ চনৰ ৬ জুলাইত ৬৪ বছৰ বয়সত কিশোৰে শেষ-নিশ্বাস ত্যাগ কৰে। নন-হজকিন লিম্ফোমা নামৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাছত দীৰ্ঘদিন ধৰি ছিংগাপুৰৰ জেনেৰেল চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। এইগৰাকী প্ৰখ্যাত সংগীতজ্ঞৰ কৰ্কট ৰোগ ছিংগাপুৰত চিকিৎসা কৰিও নিৰ্মূল নহ’ল। চিকিৎসকে হাৰ মনাত ৯ মাহ পাছত কৰ্কট ৰোগৰ সৈতে যুঁজি ২০২০ চনৰ ১১ জুনত তেওঁ ঘৰলৈ উভতি আহে। মৃত্যুৰ আগলৈকে তেওঁ ৰাজশাহীতে আছিল।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (৮ জুলাই ২০২০). যেভাবে বাবা-মায়েৰ দেয়া নাম কেটে তিনি হলেন এণ্ড্ৰু কিশোৰ. জাগো নিউজ
  2. ↑ (৮ জুলাই ২০২০). বাবা-মায়েৰ দেওয়া নাম কেটে যেভাবে হলেন এণ্ড্ৰু কিশোৰ. somoynews.tv
  3. ↑ (২০ মাৰ্চ ২০১৬). পুৰনো গান নিয়ে এণ্ড্ৰু কিশোৰ. দৈনিক যায় যায় দিন
  4. ↑ (২০ মাৰ্চ ২০১৬). সম্পৰ্কেৰ তিন যুগে গুৰু-শিষ্য. দৈনিক যুগান্তৰ
  5. ↑ (৮ জুলাই ২০২০). যেভাবে বাবা-মায়েৰ দেয়া নাম কেটে তিনি হলেন এণ্ড্ৰু কিশোৰ
  6. ↑ (2013-06-28). Bangladeshi Idol launches today. The Daily Star
  7. ↑ (14 September 2016). Haairey Manush - Taposh featuring Andrew Kishore
  8. ↑ (20 June 2018). Beder Meye Josha - Taposh Feat. Andrew Kishore & Luipa
  9. ↑ (2018-04-18). bn:উইণ্ড-অব চেঞ্জে অ্যাণ্ড্ৰু কিশোৰ-লুইপা. Daily Nayadiganta
  10. ↑ (2020-07-07). bn:এণ্ড্ৰু কিশোৰেৰ শেষ গানেৰ অনুষ্ঠান "কত ৰঙ্গ জানো ৰে মানুষ". Channel i
  11. ↑ (2020-07-21). bn:পৈতৃক ভিটায় 'প্ৰাৰ্থনা কুঞ্জ' কৰতে চেয়েছিলেন এণ্ড্ৰু কিশোৰ. Jugantor
  12. ↑ (7 July 2020). Somoy Tv News. Somoy TV
  13. ↑ (2020-07-07). Golden voice goes silent. The Daily Star
  14. ↑ (2012-12-25). Chōṭabēlāra baṛadinēra kathā ēkhanō manē haẏa. Prothom Alo
  15. ↑ (2020-07-06). চলেই গেলেন কিংবদন্তি কণ্ঠশিল্পী এণ্ড্ৰু কিশোৰ

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰু কিশোৰ” প্ৰবন্ধৰ সংশোধন ৬০৩২৫৫ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।