অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিৰো আলম

আশ্ৰাফুল হুছেইন আলম (হিব়ো আলম) এজন বাংলাদেশী ফ্ৰীলেঞ্চাৰ মিউজিক ভিডিঅ’ মডেল আৰু ছ’চিয়েল মিডিয়াত সক্ৰিয় অভিনেতা, যাক হিৰ’ আলম বুলিও জনা যায়। তেওঁ বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ সদস্য নহয়; এজন স্বতন্ত্ৰ শিল্পী হিচাপে তেওঁ কাম কৰে আৰু ছ’চিয়েল মিডিয়াত সেয়া শ্বেয়াৰ কৰে।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আশ্ৰাফুল হুছেইন আলম (হিব়ো আলম) এজন বাংলাদেশী ফ্ৰীলেঞ্চাৰ মিউজিক ভিডিঅ’ মডেল আৰু ছ’চিয়েল মিডিয়াত সক্ৰিয় অভিনেতা, যাক হিৰ’ আলম বুলিও জনা যায়। তেওঁ বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ সদস্য নহয়; এজন স্বতন্ত্ৰ শিল্পী হিচাপে তেওঁ কাম কৰে আৰু ছ’চিয়েল মিডিয়াত সেয়া শ্বেয়াৰ কৰে।১২৩৪৫৬৭

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

চিডি বিক্ৰীৰে কৰ্মজীৱন আৰম্ভ কৰা আলমে পাছলৈ ছেটেলাইট টিভি সংযোগৰ ব্যৱসায় এটাত জড়িত হয়। তেওঁ এটা চখ হিচাপে সংগীত ভিডিঅ’ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।৫ ২০১৫ চনত তেওঁৰ কিছুমান সংগীত ভিডিঅ’ ভাইৰেল হয় আৰু তেওঁ বাংলাদেশত অনলাইন ট্ৰ’লিং আৰু মীমৰ জনপ্ৰিয় বিষয়-বস্তু হৈ পৰে।২৮৯ ডিচেম্বৰ ২০১৮ লৈকে আলমে এখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত অভিনয় কৰিছে।১০

এনএছডি-স্নাতক মহেশ ৰূপৰাও ঘোডেশ্বৰৰ দ্বাৰা পৰিচালিত আলমৰ ওপৰত আধাৰিত এখন হিন্দী নাটক ২০১৯ চনত আহমেদাবাদ আৰু মুম্বাইত মঞ্চস্থ হয়।১১ ই এখন কাল্পনিক জীৱন-ভিত্তিক নাটক আছিল।

বাংলাদেশৰ ২০১৮ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰাৰ্থিত্ব

২০১৮ চনত আলমে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁ ১১তম ৰাষ্ট্ৰীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মানসেৰে বগুৰা-৪ সমষ্টিৰ বাবে জাতীয় পাৰ্টি (ইৰশাদ)ৰ প্ৰাৰ্থিত্ব প্ৰপত্ৰ ক্ৰয় কৰে।১২ কিন্তু জাতীয় পাৰ্টিয়ে তেওঁৰ প্ৰাৰ্থিত্ব অস্বীকাৰ কৰে। পাছত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয়।১৩ বাংলাদেশ নিৰ্বাচন আয়োগে প্ৰথমে তেওঁৰ মনোনয়ন গ্ৰহণ কৰা নাছিল। কিন্তু ১০ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক তেওঁৰ প্ৰাৰ্থিত্ব প্ৰপত্ৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াত আলমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।১৪১৫ তেওঁৰ প্ৰাৰ্থিত্বই প্ৰচাৰ মাধ্যমৰ ইমানে মনোযোগ আকৰ্ষণ কৰিছিল যে ২০১৮ চনত তেওঁ বাংলাদেশত গুগল ছাৰ্চ ট্ৰেণ্ডত শীৰ্ষৰ ১০জন লোকৰ ভিতৰত স্থান লাভ কৰে আৰু খালেদা জিয়াৰ পিছতে তেওঁ দ্বিতীয় স্থানত থাকে।১৬১৭ নিৰ্বাচনত অৱশ্যে তেওঁ মাত্ৰ ৬৩৮টা ভোট লাভ কৰি পৰাজিত হয় আৰু বি.এন.পি.ৰ প্ৰাৰ্থী মোছাৰফ হুছেইনে সেই সমষ্টিৰ আসনত জয় লাভ কৰে।১৮১৯

ব্যক্তিগত জীৱন

আলম বৰ্তমান বগুৰাৰ ওচৰৰ এৰুলিয়াত পত্নী চুমি, সন্তান আলো আৰু কবীৰৰ সৈতে বাস কৰে। যৌতুকৰ বাবে তেওঁৰ পত্নীক আক্ৰমণ কৰাৰ অভিযোগত তেওঁক ২০১৯ চনৰ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল।২০২১

চলচ্চিত্ৰপঞ্জী

  • মাৰ ছ’ক্কা (২০১৭)১০

তথ্যসূত্ৰ

  1. ↑ (19 September 2016). bn:হিৰো আলম দ্য গ্যাংষ্টাৰ' (ভিডিও)!. Jugantor
  2. ↑ (15 December 2016). Ashraful Alom Saeed - Bangladesh’s social media sensation. Zee News
  3. ↑ (14 December 2016). Meet Bangladeshi Superstar Hero Alom Who Can Give You Severe Burns With His Looks. Dainik Bhaskar
  4. ↑ (2016-07-27). A 'Hero' in Tigers' den. The Daily Star
  5. ↑ (17 June 2016). bn:কে এই হিৰো আলম?. Kaler Kantho
  6. ↑ Huq. (1 July 2016). bn:বাংলাদেশি স্বপ্ন ও হিৰো আলম. Prothom Alo
  7. ↑ (30 June 2016). bn:একজন হিৰো আলম. Bangla Tribune
  8. ↑ (21 December 2016). bn:হিৰো আলম কি সুপাৰষ্টাৰ?. Prothom Alo
  9. ↑ (2016-12-29). 7 Things You Need To Keep In Mind Before Trolling Internet Sensation ‘Hero Alom’. All India Roundup
  10. ↑ (12 August 2017). আৰ্কাইভ কপি. banglanews24.com
  11. ↑ Vikram Phukan. (10 May 2019). Shattering Frameworks of Beauty. ‘’The Hindu’’
  12. ↑ Rafikul Islam. Hero Alom buys Jatiya Party nomination paper. Dhaka Tribune
  13. ↑ (2018-12-10). HC clears way for Hero Alam to contest polls. The Daily Star
  14. ↑ HC asks EC to accept Hero Alam’s nomination. Prothom Alo
  15. ↑ Election-craze in Bangladesh and the curious case of Hero Alom. Daily Sun
  16. ↑ (2018-12-16). Most googled in Bangladesh: Croatian president, Hero Alam, royal wedding and more. Dhaka Tribune
  17. ↑ (2018-12-13). bn:গুগল সাৰ্চে বাংলাদেশীৰা যাদেৰ বেশি খোঁজ কৰেছেন. BBC News বাংলা
  18. ↑ bn:ভোটেৰ ময়দানে হিৰোগিৰি দেখাতে ব্যৰ্থ হিৰো আলম. 24 Ghanta
  19. ↑ Bangladesh Election: Meme God Hero Alom gets only 638 votes, refuses to return deposit. DNA India
  20. ↑ Hero alom lands jail for domestic violence. Dhaka Tribune
  21. ↑ Hero Alam held over domestic violence. The Daily Star. Com

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ কণ্ঠশিল্পীইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰো আলম” প্ৰবন্ধৰ সংশোধন ৬৩৪৭৯২ (১০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।