আচাৰ্য ৰামেন্দ্ৰসুন্দৰ ত্ৰিৱেদী (২২ আগষ্ট, ১৮৬৪ – ৬ জুন, ১৯১৯) ১ বাংলা ভাষাৰ এগৰাকী বিজ্ঞান লেখক। তেওঁৰ জন্ম ভাৰতৰ মুৰ্ছিদাবাদত। ২ পূৰ্বতে বাংলা ভাষাত বিজ্ঞান-চৰ্চাৰ বাবে উপযুক্ত পৰিৱেশ নাছিল। এনে হোৱাৰ মূল কাৰণ আছিল উপযুক্ত কিতাপ-পত্ৰৰ অভাৱ। তেওঁ অসংখ্য কিতাপ আৰু প্ৰবন্ধ ৰচনা কৰাৰ লগতে বক্তৃতাৰ জৰিয়তে বাঙালীসকলক বিজ্ঞান-চৰ্চাৰ বাবে অনুপ্ৰাণিত কৰিছিল। তেওঁ কোনো মৌলিক গৱেষণা বা আৱিষ্কাৰ কৰা নাই যদিও মূলতঃ লিখা-মেলাৰ বাবেই তেওঁ বিজ্ঞানী আৰু পণ্ডিতৰ মৰ্যাদা লাভ কৰিছিল। বিশুদ্ধ বিজ্ঞানৰ উপৰিও তেওঁ দৰ্শন আৰু সংস্কৃত শাস্ত্ৰৰ কঠিন বিষয়সমূহো সৰল বাংলা ভাষাত পাঠকৰ বোধগম্য কৰি তুলিব পাৰিছিল।
পৰিয়াল আৰু দৈনন্দিন জীৱন
ভাৰতৰ মুৰ্ছিদাবাদ জিলাৰ কান্দি মহকুমাৰ জেমো গাঁৱত ৰামেন্দ্ৰসুন্দৰৰ জন্ম। পিতৃৰ নাম আছিল গোবিন্দসুন্দৰ আৰু মাতৃৰ নাম চন্দ্ৰকামিণী। ৰামেন্দ্ৰসুন্দৰ বাংলা ভাষাৰ চৰ্চাৰ বাবে বিখ্যাত হৈছিল যদিও তেওঁ জন্মসূত্ৰে বাঙালী নাছিল। তেওঁৰ পূৰ্বপুৰুষ বন্ধুগল সম্প্ৰদায়ৰ জিঝৌতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল। এই সম্প্ৰদায়ৰ লোকসকল ৰামেন্দ্ৰসুন্দৰৰ জন্মৰ পূৰ্বৰে পৰাই প্ৰায় দুশ বছৰ কাল ধৰি মুৰ্ছিদাবাদত বসবাস কৰি আহিছিল। ফলত তেওঁলোকৰ সকলোৱে বাংলা ভাষা আৰু সংস্কৃতিৰ সৈতে এক অন্তৰংগ সম্পৰ্ক স্থাপন কৰিলে আৰু এক অৰ্থত বাঙালীসকলৰ দৰে বাংলা চৰ্চা কৰিবলৈ শিকিলে। বিশ্ববিদ্যালয়ৰ জীৱন আৰম্ভ কৰাৰ আগতে ১৮৭৮ চনত মাত্ৰ ১৪ বছৰ বয়সতে জেমো ৰাজপৰিয়ালৰ নৰেন্দ্ৰ নাৰায়ণৰ কনিষ্ঠ কন্যা ইন্দুপ্ৰভা দেৱীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।
শিক্ষাজীৱন
তেওঁ কান্দি ইংৰাজী বিদ্যালয়ৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ৰামেন্দ্ৰ বৰ্তমানৰ সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ এগৰাৰী প্ৰাক্তন ছাত্ৰ। ৩ ১৮৮৪ চনত প্ৰেচিডেন্সি কলেজৰ পৰা এফ.এ. পৰীক্ষাত দ্বিতীয় বিভাগত তেওঁ উৰ্ত্তীণ হয়। ১৮৮৬ চনত একেখন মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান দুয়োটাতে তেওঁ প্ৰথম স্থান লাভ কৰে। ত্ৰিৱেদীয়ে ১৮৮৭ চনত পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীতো প্ৰথম স্থান লাভ কৰে; ১৮৮৮ চনত তেওঁ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত প্ৰেমচান্দ-ৰাইচন্দ বৃত্তি লাভ কৰে। ২ ১
শিক্ষকতাৰ জীৱন
তেওঁ ১৮৯২ চনত ৰিপন কলেজৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ অধ্যাপক হয়। পৰৱৰ্তী সময়ত প্ৰথমে ছমাহৰ বাবে অস্থায়ী অধ্যক্ষ হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল আৰু অৱশেষত তেওঁ স্থায়ী অধ্যক্ষ হয়গৈ। ১৮৯২ চনত ৰিপন কলেজৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ অস্থায়ী অধ্যাপক হিচাপে ৰামেন্দ্ৰসুন্দৰ ত্ৰিৱেদীৰ কৰ্মজীৱন আৰম্ভ হৈছিল। পিছৰ ছমাহত তেওঁক স্থায়ী অধ্যাপক হিচাপে পদোন্নতি দিয়া হয়। ১৯০৩ চনত তেওঁ এই মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিৰ্বাচিত হয়, মৃত্যুৰ আগলৈকে তেওঁ এই পদত আছিল। ১
বিজ্ঞানসাহিত্য
সেই সময়ত বাংলা সংস্কৃতিৰ প্ৰৱাহ অটুট ৰাখিবলৈ তেওঁ ১৮৯৪ চনত বঙ্গীয় সাহিত্য পৰিষদ গঠন কৰে। ১৯০৪ চনৰ পৰা ১৯১১ চনলৈ তেওঁ বঙ্গীয় সাহিত্য পৰিষদৰ সভাপতি আছিল ৪
ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ বিষয়ে কৈছিল:
সাধাৰণতে বাঙালী লেখকৰ মাজত লিখাৰ দক্ষতাৰ অভাৱ নাই; কিন্তু স্বাধীন চিন্তা, সাহস আৰু ঐশ্বৰ্য অত্যন্ত বিৰল। মনন আৰু ৰচনাৰীতি সম্বন্ধে ৰামেন্দ্ৰসুন্দৰৰ দুৰ্লভ স্বাতন্ত্ৰ্য আছিল। বাংলা সাহিত্যৰ ইতিহাসত তেওঁৰ সেই খ্যাতি ম্লান নহয়। তেওঁৰ জ্ঞান অপৰিসীম আছিল যদিও সেই জ্ঞানে তেওঁৰ মনটোক হেঁচা মাৰি ধৰিব পৰা নাছিল। তেওঁ যি কৈছিল, তেওঁৰ বিষয় নিৰ্বাচনতেইই হওক বা লিখা-মেলাৰ শৈলীতেই হওক তেওঁ আন কাকো অনুকৰণ কৰা নাছিল। ৫
প্ৰকাশিত কিতাপ
- জিজ্ঞাসা (১৯০৩) ৬ ১
- বঙ্গলক্ষ্মীৰ ব্ৰতকথা (১৯০৬)
- চৰিত কথা (১৯১৩) ৭
- শব্দকথা (১৯১৭) ১
- বিজ্ঞান জ্যোতিষ সমাজ
- ধৰ্মেৰ জয়
- ঐতৰেয় ব্ৰাহ্মণ (অনুবাদ, ১৩১৮ বঙ্গাব্দ)
- জগৎ কথা
- কৰ্ম-কথা (১৯১৩) ১
- বিচিত্ৰ জগত (১৯১৩) ১
- প্ৰাকৃতিক বিজ্ঞানেৰ স্থূল মৰ্ম্ম
- মায়া-পুৰী
- প্ৰকৃতি (১৩০৩ বঙ্গাব্দ) ২
- বিচিত্ৰ প্ৰসঙ্গ (১৩২১ বঙ্গাব্দ) ২
মৃত্যু
তেওঁৰ ১৯১৯ চনৰ ৬ জুনৰ দিনা মৃত্যু হয় ২
তথ্যসূত্ৰ
- ↑ Distinguished-Alumni · CU. www.caluniv.ac.in
- ↑ Adorn Publication. adornbooks.com
- ↑ Surendranath Law College::PRESIDENT DESK. snlawcollege.ac.in
- ↑ পৰিষদ সম্পৰ্কে – বঙ্গীয় সাহিত্য পৰিষদ
- ↑ Rabindranath Tagore - Essays - ব্যক্তিপ্ৰসঙ্গ - ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী (ramendrasundar thibedi). www.tagoreweb.in
- ↑ Adorn Publication. adornbooks.com
- ↑ Shishu Sahitya Samsad Private Limited. samsadbook.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামেন্দ্ৰসুন্দৰ ত্ৰিৱেদী” প্ৰবন্ধৰ সংশোধন ৬০৪৬৮৮ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।