অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হুমায়ূন আহমেদ

হুমায়ুন আহমেদ ( ɦumaiyun aɦmed)১৩ নৱেম্বৰ ১৯৪৮ – ১৯ জুলাই ২০১২) আছিল এজন বাংলাদেশী ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ, পণ্ডিত আৰু শিক্ষাবিদ।তেওঁৰ প্ৰথম পৰিচিতি লাভ কৰিছিল ১৯৭২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস নন্দিত ন'ৰ'কেৰ জৰিয়তে।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৪ ৫১৬ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হুমায়ুন আহমেদ ( ɦumaiyun aɦmed)১৩ নৱেম্বৰ ১৯৪৮ – ১৯ জুলাই ২০১২)১২ আছিল এজন বাংলাদেশী ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ, পণ্ডিত আৰু শিক্ষাবিদ।৩তেওঁৰ প্ৰথম পৰিচিতি লাভ কৰিছিল ১৯৭২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস নন্দিত ন'ৰ'কেৰ জৰিয়তে।৪ তেওঁ দুশৰো অধিক কল্পকাহিনী আৰু অ-কাহিনীমূলক কিতাপ লিখিছে।৫৬স্বাধীনতা-উত্তৰ বাংলাদেশৰ তেওঁ অন্যতম জনপ্ৰিয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।৭পাকিস্তানৰ ইংৰাজী ভাষাৰ কাকত ডনে তেওঁক বাংলাদেশৰ সাংস্কৃতিক কিংবদন্তি বুলি উল্লেখ কৰিছে। .৮

প্ৰাথমিক জীৱন আৰু পটভূমি

১৯৪৮ চনৰ ১৩ নৱেম্বৰত নেট্ৰ'কোনা মহকুমাৰ কুতুবপুৰৰ মৌলৱী বাৰীত আহমেদৰ জন্ম হৈছিল; যি সেইসময়ত পাকিস্তানৰ অংশীভূত (বৰ্তমান বাংলাদেশ)ৰ পূব বংগৰ মাইমেনচিং জিলাৰ অন্তৰ্গত আছিল।৯১১০তেওঁৰ মাতৃ আয়েছা ফয়েজ (জন্ম খাতুন) (১৯৩০–২০১৪) এগৰাকী গৃহিণী আছিল।১১ তেওঁৰ পিতৃ ফয়জুৰ ৰহমান আহমেদ (১৯২১–১৯৭১) পিৰোজপুৰ জিলাৰ এজন মহকুমা আৰক্ষী বিষয়া আছিল আৰু ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত তেওঁ নিহত হৈছিল।১২তেওঁৰ দাদা আজিমুদ্দিন আহমেদ চুফী পীৰ জাহাংগীৰ মুন্সিৰ পুত্ৰ আছিল।১৩ হুমায়ুনৰ ভাতৃ মহম্মদ জাফৰ ইকবাল এজন লেখক আৰু শিক্ষাবিদ। আন এজন ভাতৃ আহছান হাবিব এজন কাৰ্টুন শিল্পী। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল – চুফিয়া হাইদৰ, মমতাজ শ্বাহিদ আৰু ৰুখছানা আহমেদ।১৪

শৈশৱ কালত হুমায়ুন আহমেদে চিলেট, কমিলা, চট্টগং, বগৰা, দিনাজপুৰত বাস কৰিছিল,য’ত তেওঁৰ পিতৃ চৰকাৰী কৰ্মত নিযুক্ত আছিল।১০

কৰ্মজীৱন

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত আহমেদে বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকাৰ সময়তে তেওঁৰ প্ৰথম উপন্যাস নণ্ডিতো ন'ৰ'কে (নন্দিত নৰক) লিখিছিল।১৫১৬ ১৯৭২ চনত লেখক আহমেদ চোফাৰ উদ্যোগত খান ব্ৰাদাৰছ পাব্লিচাৰ্ছৰ অধীনত তেওঁৰ এই উপন্যাসখন প্ৰকাশ পায়।১৭১৮ তেওঁৰ প্ৰথমখন উপন্যাসৰ পৰাই তেওঁৰ বিষয়বস্তুত মধ্যবিত্তীয় নগৰীয়া পৰিয়ালৰ আকাংক্ষা দৃষ্টিগোচৰ হৈছিল আৰু তেওঁলোকৰ জীৱনৰ মূল মুহূৰ্তসমূহ চিত্ৰণ কৰা হৈছিল।১৯ তেওঁৰ দ্বিতীয়খন উপন্যাস আছিল শোণখনিল কাৰাগাৰ।২০

২০১০ চনত নুহাশ পল্লীত হুমায়ূন
২০১০ চনত নুহাশ পল্লীত হুমায়ূনছবি: Faizul Latif Chowdhury · CC BY 3.0

আহমেদে কাল্পনিক ধাৰাবাহিক ৰচনা কৰিছিল যাৰ ভিতৰত হিমু (২১খন উপন্যাসৰ চৰিত্ৰ), মিছিৰ আলী (১৯খন উপন্যাস আৰু ১১টা চুটিগল্পৰ চৰিত্ৰ), শুভ্ৰ' (৬খন উপন্যাসৰ চৰিত্ৰ)।২০২১২২ আনহাতে পুনৰাবৃত্তি নোহোৱা চৰিত্ৰসমূহ হ'ল বেকাৰ ভাই, টুনি আৰু অন্যান্য। বাংলাদেশ মুক্তি যুদ্ধৰ আধাৰত তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰিছিল। যেনে – অগুনেৰ পোৰশমনি, মাতল হাৱা, পাপ, ১৯৭১, জোচোনা অ’ জোনোনিৰ গলপো,২০আৰু দেয়াল। ইয়াৰ উপৰি তেওঁ শ্ৰবন মেঘেৰ দীন, বডল ডাইনাৰ প্ৰথম ক'ডম ফুল, নোবোনি, কৃষ্ণোপক্ষো, আজ দুপুৰে তোমাৰ নিমন্ত্ৰণ, আৰু তুমি আমাই ডেকেচিলেছুটিৰ নিমন্ত্ৰণ আদি বহুতো ৰোমাণ্টিক উপন্যাস ৰচনা কৰে।২০ তেওঁৰ উপন্যাস গৌৰীপুৰ জংচন নটা ভাষালৈ অনুবাদ কৰা হয়।২০

আহমেদৰ আত্মজীৱনীসমূহ হৈছে: অমৰ চেলেবেলা, বলপইণ্ট, ফাউণ্টেইন পেন, হিজি-বিজি, হোটেল গ্ৰেভাৰ ইন, মে ফুল, কাথ পেঞ্চিল, লিলাবোতিৰ মৃত্যু, নিউয়ৰ্ক-এৰ নীল আকাশে ঝোকঝোকে ৰড আৰু ৰং পেঞ্চিল।

নব্বৈৰ দশকৰ আৰম্ভণিতে হুমায়ুন আহমেদ এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ মুঠ আঠখন ছবি নিৰ্মাণ কৰিছিল। প্ৰতিখন ছবিয়েই নিৰ্মিত হৈছিল তেওঁৰ উপন্যাসৰ আধাৰত। তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- দাৰুচিনি ডিপ, অগুনেৰ পোৰশমনি, শ্ৰবন মেঘেৰ দীন, শোণখোনিল কাৰাগৰ, দুই দুৱাৰী, শ্যামোল ছায়া আৰু ঘেতুপুত্ৰ কোমোলা। নবৈৰ দশকত তেওঁ বাংলাদেশৰ অন্যতম প্ৰভাৱশালী নাট্যকাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ ৰচনা যেনে: কোথাও কেউ নেই, আজ ৰবিবাৰ, বহুব্ৰিহীক এতিয়াও অনুৰাগী আৰু সমালোচকসকলে মাষ্টাৰপিছ বুলি গণ্য কৰে।২৩ বহু বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা এতিয়াও তেওঁৰ ৰচনাৰ দ্বাৰা অনুপ্ৰাণিত।২৪তেওঁৰ ছবি শ্যামল ছায়া আৰু ঘেতুপুত্ৰ কমোলাক ক্ৰমান্বয়ে বাংলাদেশৰ পৰা শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত ৭৮ সংখ্যক একাডেমী বঁটা আৰু ৮৫ সংখ্যক একাডেমী বঁটাৰ বাবে দাখিল কৰা হয়।২৫২৬পিছলৈ তেওঁ নুহাশ চলচ্চিত্ৰ নামেৰে নিজাকৈ প্ৰডাকচন কোম্পানী স্থাপন কৰে।

বাংলাদেশৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক হিচাপে বহুলভাৱে গণ্য কৰা হুমায়ূন আহমেদক আধুনিক বাংলা সাহিত্যৰ অন্যতম মূল শিলাস্তম্ভ হিচাপে গণ্য কৰা হয়।২৭সুনীল গংগোপাধ্যায়ে তেওঁক এশ বছৰৰ বাংলা ভাষাৰ আটাইতকৈ জনপ্ৰিয় লেখক বুলি অভিহিত কৰিছে। তেওঁৰ মতে (সুনিল) হুমায়ুন আহমেদ শৰৎ চন্দ্ৰ চট্টোপাধ্যায়তকৈও অধিক জনপ্ৰিয় আছিল।২৮ ১৯৯০ আৰু ২০০০ চনৰ প্ৰতিটো বছৰতে একুশ্বে গ্ৰন্থমেলাত হুমায়ুন আহমেদৰ কিতাপসমূহে সৰ্বাধিক বিক্ৰেতা লাভ কৰিছে।২৯তেওঁৰ ঘেতুপুত্ৰ কোমোলা, অগুনেৰ পোৰশমনি, শোণখোনিল কাৰাগৰ, দাৰুচিনী দ্বীপ আৰু অনিল বাগচিৰ একদিন ৰ পৰিচালনা, চিত্ৰনাট্য আৰু কাহিনীৰ বাবে ৭ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। বাংলা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮১ চনত তেওঁক বাংলা একাডেমী সাহিত্য বঁটা আৰু ১৯৯৪ চনত একুশ্বে পদক দিয়া হয়।

মৃত্যু

আহমেদৰ ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত তেওঁৰ অপেন হাৰ্ট অস্ত্ৰোপচাৰ কৰা হৈছিল।৩০ কেইবছৰমানৰ পাছত নিয়মীয়া পৰীক্ষাৰ সময়ত চিকিৎসকে তেওঁৰ বৃহদান্ত্ৰত এটা কৰ্কট টিউমাৰ উদ্ধাৰ কৰে। ২০১১ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁক চিকিৎসাৰ বাবে নিউয়ৰ্ক চহৰৰ মেম'ৰিয়েল স্ল'ন–কেটাৰিং কেন্সাৰ চেণ্টাৰলৈ বিমানেৰে লৈ যোৱা হয়।৩০তাত থকাৰ সময়ছোৱাত তেওঁ বাংলাদেশ মুক্তি যুদ্ধৰ পিছৰ শ্বেখ মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমানৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস দেয়াল ৰচনা কৰে।৩১ ২০১২ চনৰ জানুৱাৰী মাহত তেওঁক ৰাষ্ট্ৰসংঘত বাংলাদেশ মিছনৰ জ্যেষ্ঠ বিশেষ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।৩২

২০১২ চনৰ ১২ মে'ত আহমেদ দুসপ্তাহৰ বাবে বাংলাদেশলৈ উভতি যায়।৩৩২০১২ চনৰ ১৯ জুলাইত নিউয়ৰ্ক চহৰৰ বেলভিউ হাস্পতালত বাংলাদেশ মান সময় অনুসৰি নিশা ১১:২০ বজাত তেওঁৰ মৃত্যু হয়।৩৪তেওঁৰ সমাধিস্থল নিৰ্বাচনক লৈ পৰিয়ালটোত কিছু উদ্বেগ-উৎকণ্ঠাৰ সৃষ্টি হৈছিল। শেষত সৎকাৰৰ বাবে নুহাছ পল্লীক নিৰ্বাচিত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (28 July 2012). The storytelling magician. The Daily Star
  2. ↑ (19 July 2012). Humayun Ahmed dies. bdnews24.com
  3. ↑ (13 November 2011). Humayun Ahmed turns 63- Absence makes the heart grow fonder. priyo.com
  4. ↑ Mahmudul Hasan Hemal. (4 September 2012). Book review: Nondito Noroke, Masterpiece of a master storyteller. Daily Sun
  5. ↑ (27 July 2012). Tears for Humayun Ahmed. New Age
  6. ↑ Rashidul Bari. (16 August 2012). Tears for Humayun Ahmed: The Shakespeare of Bangladesh. The Times of India
  7. ↑ (2022-11-13). Humayun Ahmed and the impact of his works on Bengalis. The Business Standard
  8. ↑ AFP. (2012-07-20). Bangladesh mourns death of cultural legend Humayun Ahmed. DAWN.COM
  9. ↑ (23 July 2012). Humayun's birthplace and some of his dreams. The Daily Star
  10. ↑ (21 July 2012). Humayun Ahmed at a glance. The Daily Star
  11. ↑ (27 September 2014). Humayun Ahmed's mother passes away. The Daily Star
  12. ↑ (22 November 2011). Hindus attacked, raped. The Daily Star
  13. ↑ আমাব় ছেলেবেলা. www.goodreads.com
  14. ↑ (24 August 2012). bn:হুমায়ূনেৰ কবৰে স্বজনেৰা. Prothom Alo
  15. ↑ Mahmudul Hasan Hemal. (30 January 2016). Humayun Ahmed:A Moonlit Writer. The Daily Observer
  16. ↑ Ashik Hossain; Sulaiman Niloy. (20 July 2013). Book industry still gloomy. bdnews24.com
  17. ↑ (28 July 2012). Sofa's inspiration... The Daily Star
  18. ↑ (15 November 2016). Thirteen unknown facts about Humayun Ahmed. Dhaka Tribune
  19. ↑ Rayaan Ibtesham Chowdhury. (24 July 2014). The Essential Humayun Ahmed. The Daily Star
  20. ↑ Shah Alam Shazu. (23 February 2014). Humayun Ahmed's works sell big at Ekushey Book Fair. The Daily Star
  21. ↑ (24 November 2018). About Misir Ali. The Daily Star
  22. ↑ (3 February 2017). Shubhro: An Epitome of Perfection. The Daily Star
  23. ↑ Humayun Ahmed: The Creator of Versatile Fictional Characters. unb.com.bd
  24. ↑ Syeda, Maisha. (9 December 2021). National award winner Kajol Ibrahim launches her memoir. The Daily Star
  25. ↑ Shyamol Chhaya going to the Oscars. The Daily Star
  26. ↑ (13 June 2008). Budget implementation hinges on political stability, says FBCCI. The Daily Star
  27. ↑ (5 January 2017). Most popular film directors in Bangladesh. Business Habit
  28. ↑ In remembrance of Humayun Ahmed: 8th death anniversary observed. Dhaka Courier
  29. ↑ Shamim Ahsan. (21 February 2004). A Grand Convergence of Minds. The Daily Star
  30. ↑ (15 September 2011). Humayun Ahmed flies to New York for cancer treatment. The Daily Star
  31. ↑ Shah Alam Shazu. (10 February 2012). Still Going Strong. The Daily Star
  32. ↑ (13 January 2012). Humayun Ahmed made UN Bangladesh mission adviser. bdnews24.com
  33. ↑ Shah Alam Shazu. (12 May 2012). Humayun Ahmed back in town. The Daily Star
  34. ↑ (27 July 2012). Tears for Humayun Ahmed. New Age

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যিকবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুমায়ূন আহমেদ” প্ৰবন্ধৰ সংশোধন ৪৪০৩৪০ (২৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।