কবীৰ সুমন (জন্ম: ১৬ মাৰ্চ ১৯৪৯) এজন ভাৰতীয় বাঙালী গায়ক, গীতিকাৰ, অভিনেতা, ৰেডিঅ' সাংবাদিক, লেখক আৰু সংসদ সদস্য। তেওঁৰ আগৰ নাম আছিল সুমন চট্টোপাধ্যায়। ২০০০ চনত বাংলাদেশী সংগীশিল্পী ছাবিনা ইয়াছমিনক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে।১ সুমন এগৰাকী বিশিষ্ট আধুনিক আৰু ৰবীন্দ্ৰ সংগীতৰ গায়ক। ১৯৯২ চনত তোমাকে চাই নামৰ এলবামটোৰ জৰিয়তে বাংলা সংগীতত এক নতুন ধাৰা প্ৰৱৰ্তন কৰে। তেওঁৰ স্বৰচিত গীতৰ এলবামৰ সংখ্যা পোন্ধৰ। সঙ্গীত ৰচনা, সুৰাৰোপ, সংগীতায়োজন আৰু কণ্ঠদানৰ সমান্তৰালকৈ গদ্যৰচনা আৰু অভিনয়ৰ ক্ষেত্ৰতো তেওঁ স্বকীয় প্ৰতিভাৰ সাক্ষৰ থৈছে। তেওঁ একাধিক প্ৰবন্ধ, উপন্যাস আৰু চুটিগল্প ৰচনাৰ লগতে হাৰ্বাৰ্ট, চতুৰঙ্গ প্ৰভৃতি মননশীল বোলছবিৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। বিশিষ্ট বাংলাদেশী গায়িকা ছাবিনা ইয়াছমিন তেওঁৰ বৰ্তমান সহধৰ্মিনী। নন্দিগ্ৰাম হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত কৃষিভূমি সুৰক্ষাৰ প্ৰসংগত মমতা বেনাৰ্জীৰ নেতৃত্বত চলা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু এইদৰেই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৯ চনত তৃণমূল কংগ্ৰেছৰ টিকটত যাদৱপুৰ লোকসভা সমষ্টিৰ পৰা দেশৰ পোন্ধৰ সংখ্যক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰি সমষ্টিটোৰ পৰা সাংসদ নিৰ্বাচিত হয়।
প্ৰাৰম্ভিক জীৱন
১৯৪৯ চনৰ ১৬ মাৰ্চত ওড়িশাৰ কটকত এক বাঙালী হিন্দু ব্ৰাহ্মণ পৰিয়ালত সুমনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সুধিন্দ্ৰনাথ আৰু মাতৃ উমা চট্টোপাধ্যায়। তেওঁ অতি কম বয়সৰ পৰাই পিতৃৰ অধীনত শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিছিল। আচাৰ্য কলিপদ দাস আৰু চিন্ময় লাহিৰীয়ে তেওঁক খেয়াল শিকাইছিল। তেওঁ কলকাতাৰ ছেইণ্ট লৰেন্স হাইস্কুলত অধ্যয়ন কৰিছিল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে তেওঁ ফৰাচী আৰু জাৰ্মান ভাষাত ডিপ্লমা লাভ কৰে।
এলবাম
- ১৯৯২: তোমাকে চাই
- ১৯৯৩: বসে আঁকো
- ১৯৯৩: ইচ্ছে হল
- ১৯৯৪: গানওলা
- ১৯৯৫: ঘুমাও বাউণ্ডুলে
- ১৯৯৬: চাইছি তোমাৰ বন্ধুতা
- ১৯৯৭: জাতিস্মৰ
- ১৯৯৮: নিষিদ্ধ ইস্তেহাৰ
- ১৯৯৯: পাগলা সানাই
- ২০০০: যাব অচেনায়
- ২০০০: নাগৰিক কবিয়াল
- ২০০২: আদাব
- ২০০৩: ৰিচিং আউট (Reaching Out, ইংৰাজি)
- ২০০৫: দেখছি তোকে
- ২০০৬: তেৰো (সাবিনা ইয়াসমিনেৰ সঙ্গে গাওয়া)
- ২০০৭: নন্দীগ্ৰাম
- ২০০৮: ৰিজওয়ানুৰেৰ বৃত্ত
- ২০০৮: গানওলা ঢাকায় (লাইভ কনসাৰ্ট ৰেকৰ্ডিং)
- ২০০৮: প্ৰতিৰোধ
- ২০১০: সুপ্ৰভাত বিষণ্ণতা
- ২০১০: ছত্ৰধৰেৰ গান
- ২০১০: লালমোহনেৰ লাশ
- ২০১২: ৬৩ তে
</div>
গ্ৰন্থতালিকা
- ডিচকভাৰিং দি আদাৰ আমেৰিকা: ৰেডিকাল ভয়েছেচ ফ্ৰম দি নাইনটিন এইটিজ ইন কনভাৰ্ছেন উইথ কবীৰ সুমন (২০১২)
- সুমনামি
- মন-মেজাজ
- আলখাল্লা
- হয়ে ওঠা গান
- কোন পথে গেল গান
- সুমনেৰ গান, সুমনেৰ ভাষ্য
- সুমনেৰ গান
- মুক্ত নিকাৰাগুয়া
- দূৰেৰ জানলা
- নিশানেৰ নাম তাপসী মালিক
</div>
পুৰস্কাৰ
- বি এফ জে এ বঁটা (১৯৯৭) – শ্ৰেষ্ঠ গীতিকাৰ (‘ভাই’ ছবিৰ বাবে)।
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) (২০১৪) – জাতিস্মৰ ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।
- মিৰ্চি মিউজিক এৱাৰ্ড বাংলা (২০১৪) - শ্ৰেষ্ঠ সুৰকাৰ ("জাতিস্মাৰ" বোলছবিত "এ তুমি কেমন তুমি" গীতৰ বাবে)।
- মিৰ্চি মিউজিক এৱাৰ্ড বাংলা (২০১৪) - শ্ৰেষ্ঠ গীতিকাৰ ("জাতিস্মৰ" বোলছবিৰ "খোদাৰ কছম জান" গীতৰ বাবে)।
- সংগীত মহাসম্মান (২০১৫) - পশ্চিম বংগ চৰকাৰৰ দ্বাৰা। ২
তথ্যসূত্ৰ
- ↑ Kabir Suman biodata @ kabirsuman.in. Retrieved 11 December 2011
- ↑ (16 August 2016). Right choice. The Telegraph (Calcutta)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিৰ সুমন” প্ৰবন্ধৰ সংশোধন ৫১৮৩৩৮ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।