ৰজা চোৰ মন্ত্ৰী সৈনিক (Raja Chor Mantri Sipahi) হৈছে এক প্ৰকাৰৰ কাল্পনিক ভূমিকা পালন কৰা খেল যিটো এসময়ত ভাৰতৰ এক জনপ্ৰিয় খেল আছিল। ইয়াত চাৰিজন খেলুৱৈ অন্তৰ্ভুক্ত হৈ থাকে- প্ৰতিজন খেলুৱৈয়ে ৰজা, মন্ত্ৰী, চোৰ বা সৈনিকৰ ভূমিকা গ্ৰহণ কৰে আৰু মন্ত্ৰীয়ে চোৰৰ পৰিচয় অনুমান কৰিব লাগে। একবিংশ শতিকাত এনে অন্যান্য খেলৰ লগতে এই খেলটোও জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰিছে।১
খেলৰ নিয়ম
খেলখনত ৰজা (১০০০ নম্বৰ), মন্ত্ৰী (৮০০ নম্বৰ), চোৰ (০ নম্বৰ) আৰু সৈনিক (৫০০ নম্বৰ) নামৰ ৪টা কাগজৰ টুকুৰা তৈয়াৰ কৰি লৈ সেইবোৰ ভাঁজ কৰা হয় আৰু ৪জন খেলুৱৈৰ মাজত বিতৰণ কৰি দিয়া হয় আৰু প্ৰতিজন খেলুৱৈয়ে এটা এটা টুকুৰা তুলি লয়। খেলুৱৈসকলে তেওঁলোকৰ টুকুৰাৰ চৰিত্ৰটো বিচাৰিবলৈ নিজ নিজ টুকুৰাবোৰ খুলি ল’ব লাগে (কিন্তু খেলুৱৈয়ে যি পায় তাক খেলুৱৈৰ মাজৰ আন কাৰোৰে আগত ব্যক্ত কৰিব নালাগে)। ৰজা লিখা থকা কাগজৰ টুকুৰা পোৱা খেলুৱৈজনে "মোৰ মন্ত্ৰী কোন" বুলি সোধে আৰু মন্ত্ৰীয়ে তাৰ পিছত বাকী ২জন পৰা 'চোৰ' নামৰ টুকুৰা পোৱা খেলুৱৈজনক চিনাক্ত কৰিব লাগে। যদি মন্ত্ৰীয়ে সঠিকভাৱে অনুমান কৰে তেন্তে নিৰ্ধাৰিত নম্বৰ লাভ কৰে নহ'লে চোৰৰ ওচৰত সমৰ্পণ কৰে। নম্বৰ গণনা কৰাৰ আগতে এই খেলত কেইবাটাও ৰাউণ্ড খেলা হয়। সৰ্বোচ্চ নম্বৰ লাভ কৰা খেলুৱৈজনে খেলখন জয় কৰে বা বিজয়ী হয়।২
খেলৰ অন্য নিয়ম
কাগজৰ টুকুৰাবোৰত ৰজা, ৰাণী, চোৰ, পুলিচ আদিও ব্যৱহাৰ কৰিব পাৰি। পুলিচ নামৰ কাগজৰ টুকুৰা পোৱা খেলুৱৈজনে ঘোষণা কৰে যে তেওঁ পুলিচ আৰু আন ৩জন খেলুৱৈৰ মাজৰ পৰা চোৰ নামৰ কাগজৰ টুকুৰা পোৱাজনক বিচাৰিব লাগে। যদি অধিক খেলুৱৈয়ে মন্ত্ৰী, সৈনিকৰ দৰে খেলিব খোজে তেন্তে অতিৰিক্ত টুকুৰাত নাম আৰু নম্বৰ যোগ কৰি ল’ব লাগে। সৰ্বোচ্চ নম্বৰ ৰজাক দিয়া হয় আৰু তাৰ পিছতেই ৰাণীক দিয়া হয়। পুলিচে চোৰক সঠিকভাৱে অনুমান কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি পুলিচ বা চোৰক নম্বৰ প্ৰদান কৰা হয়।
প্ৰেক্ষাপট
ৰজা চোৰ মন্ত্ৰী সৈনিক খেলটো ঘৰতে বহি চাৰিজন বা তাতকৈ অধিক পৰিয়াল পৰিজনে সময় কটাবৰ বাবে খেলে। কিন্তু বৰ্তমান শিশুসকলৰ মাজত আভাসী খেল (কম্পিউটাৰ গেম)বোৰ ইমান জনপ্ৰিয় হৈ পৰিছে যে, 'ৰজা চোৰ মন্ত্ৰী সৈনিক'ৰ দৰে খেলবোৰৰ ক্ৰমে বিলুপ্তি ঘটিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজা চোৰ মন্ত্ৰী সৈনিক” প্ৰবন্ধৰ সংশোধন ৩৮৩৪২২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।