অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

লুকা-ভাকু

লুকা-ভাকু (Hide-and-seek) হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ (সাধাৰণতে কমেও তিনিজন) এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে লুকাবলৈ যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

লুকা-ভাকু (Hide-and-seek) হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ (সাধাৰণতে কমেও তিনিজন) এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে লুকাবলৈ যায়। এক নিৰ্দিষ্ট নম্বৰত উপনীত হোৱাৰ পিছত, লুকুৱাবলৈ যোৱা খেলৈসকল সাজু বা লুকুওৱা হোৱাৰ পিছত সন্ধানকাৰীয়ে খেলুৱৈবোৰক চিনাক্ত কৰিবলৈ চেষ্টা কৰে বা বিচাৰিবলৈ যায়।১

খেলটো বহু ধৰণে শেষ বা সমাপ্ত হ'ব পাৰে। শেষ কৰাৰ সচৰাচৰ উপায়টো হৈছে সন্ধানকাৰী খেলৈসকলে লুকাই থকা খেলুৱৈক চিনাক্ত কৰা; প্ৰথমে বিচাৰি পোৱা খেলুৱৈজন হ’ল বিফল বা হাৰি যোৱা খেলৈ যিয়ে পৰৱৰ্তী খেলত লুকাই থকা খেলৈক বিচাৰিবলগীয়া হয়। অন্তিমত যাক বিচাৰি পোৱা যায়, সেই খেলুৱৈজনে এই খেলৰ বিজয়ী হয়। ঠাই বিশেষে এই খেলটোক বিভিন্ন ধৰণে খেলা দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Trafton, J. Gregory; Schultz, Alan; Perznowski, Dennis. (August 2003). Children and robots learning to play hide and seek. Naval Research Laboratory

সম্পৰ্কিত শ্ৰেণী

পৰম্পৰাগত ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুকা-ভাকু” প্ৰবন্ধৰ সংশোধন ৩৮২৮৭১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।