কণী যুঁজ (Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড,১ ৰোমানিয়া,১ বুলগেৰিয়া,২৩৪ ৰুঠেনিয়া,৫ গ্ৰীচ৬৭ আদিত এই খেল প্ৰচলিত।
অসমত কণী যুঁজ
কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব'হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই।৮ খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ Linda Polan, Aileen Cantwell. (1983). The Whole Earth Holiday Book. Good Year Books. ISBN 978-0673165855
- ↑ Цаньо СЪРНЕВ. Общество | Великден - разчупвайте козунаци - Капитал. Capital.bg
- ↑ আৰ্কাইভ কপি
- ↑ Вселената на яйцето: Коментари: Животът: Novinar.bg. Novinar.net
- ↑ Pascha & Customs of the Carpatho-Rusyn People. Wirnowski.com
- ↑ Easter on the Net - Greek Orthodox Easter Customs. Holidays.net
- ↑ "The word tsougrisma means "clinking together" or "clashing." In Greek: τσούγκρισμα, pronounced TSOO-grees-mah."
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণী যুঁজ” প্ৰবন্ধৰ সংশোধন ৬৩১৫৫৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।