অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

চৌ খেল

চৌ খেল অসমৰ এবিধ লোকখেল। কৈশোৰৰ পৰা প্ৰাক্ বৃদ্ধ বয়সলৈ অংশ ল'ব পৰা চৌ খেলত দুটা দল থাকে। প্ৰতিটো দলত কমেও পাঁচজন সদস্য থাকে।'চৌ খেল' খেল পথাৰত কৰ্ট সাজি লৈ খেলা এবিধ শাৰীৰিত ব্যায়াম যুক্ত খেল।

হালনাগাদ: ৪ জুন ২০২২ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

চৌ খেল অসমৰ এবিধ লোকখেল। কৈশোৰৰ পৰা প্ৰাক্ বৃদ্ধ বয়সলৈ অংশ ল'ব পৰা চৌ খেলত দুটা দল থাকে। প্ৰতিটো দলত কমেও পাঁচজন সদস্য থাকে।'চৌ খেল' খেল পথাৰত কৰ্ট সাজি লৈ খেলা এবিধ শাৰীৰিত ব্যায়াম যুক্ত খেল। 'চৌ খেলৰ' বাবে আয়তাকাৰে এখন পথাৰত আঁচ টানি তাক দীঘলে সমানে দুভাগত বিভক্তি কৰি লৈ পুনৰ পথালিকৈ দুয়োটা ভাগক আঁচটানি বৰ্গ আকাৰৰ ঘৰ বা ক্ষেত্ৰ কৰি লোৱা হয়। দুয়োফালে কমেও চাৰিটা ক্ষেত্ৰ বা ঘৰ কৰা প্ৰয়োজন। ঘৰ বোৰৰ নিৰ্দিষ্ট জোখ-মাপ নাই। যদিও ক্ষেত্ৰত দুয়ো মূৰৰ আঁচৰ পৰা দুজনে হাত নেলি পৰম্পৰে লগ নোপোৱা জোখেৰে কৰা হয়। মাজৰ দীঘল আঁচডালত আৰু পথালি আঁচবোৰত এজন এজনকৈ এটা দলে আগচি থাকে। আনটো দলে এমূৰৰ পৰা 'চৌ' বুলি কৈ বিপক্ষেই চুব নোৱাৰাকৈ ঘৰবোৰ পাৰ হৈ পুনৰ ঘূৰি আগৰ ঠাইলৈ আহিব পাৰিলে পকে। এনেকৈ পকি উঠা দলে আঁচত থাকি আনদলক আগচিবলৈ।১

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সংস্কৃতিৰ কণিকা. সম্পাদনা-ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী

সম্পৰ্কিত শ্ৰেণী

পৰম্পৰাগত ক্ৰীড়াঅসমৰ খেল-ধেমালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৌ খেল” প্ৰবন্ধৰ সংশোধন ৩২৩৩১৫ (৪ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।