পৌৰাণিক কথা
৮২ প্ৰবন্ধ
-
ডিভ (পৌৰাণিক কথা)
ডিভ বা ডেৱ (ধ্ৰুপদী পাৰ্চী: دیو dēw; ইৰাণী পাৰ্চী: دیو dīv) (দানৱ বা দানৱৰ দৰে) মধ্যপ্ৰাচ্যৰ লোক-কাহিনিৰ ভিতৰৰ দানৱীয় প্ৰাণী, আৰু সম্ভৱতঃ পাৰ্চী উৎপত্তি।
-
ধদু মোনৰা
ধদু মোনৰা (ඩණ්ඩු මෝනර) বা ডাণ্ডু মোনৰা শ্ৰীলংকাৰ পৌৰাণিক কাহিনীত উল্লিখিত এক উৰন্ত যান, যাক ৰাৱণে ব্যৱহাৰ কৰিছিল বুলি জনবিশ্বাস আছে। কিছুমান মতে, এই যান পুষ্পক বিমানৰ এক বিকল্প আছিল। শ্ৰীলংকাৰ কিছুমান স্থলীয় উপকথাত ইয়াক ৰাৱণে নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
-
ধোন চোলেচা
ধোন চোলেচা (নেপালী: धोन चोलेचा) এজনী কণমানি ছোৱালী আৰু এগৰাকী বৃদ্ধ নেনী ছাগলীৰ নেপালী সাধুকথা। কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সমাজৰ এয়া আটাইতকৈ পৰিচিত শিশু কাহিনী। এই সাধুটোত পুন্থখু মৈঞ্চা (पुन्थखु मैंचा) নামৰ এগৰাকী কণমানি ছোৱালী আৰু তাইৰ নিষ্ঠুৰ মাহী মাকে তাইক কৰা বেয়া ব্যৱহাৰৰ বিষয়ে কোৱা হৈছে।
-
নাগ (লংকা)
নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।
-
নেপালী লোককথা (গ্ৰন্থ)
নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন। এই গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত (১৯৭৪ -১৯৭৫ খ্ৰীষ্টাব্দ) নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থানে প্ৰকাশ কৰে। গ্ৰন্থখনত সমগ্ৰ নেপালৰ বিভিন্ন অঞ্চল আৰু ভাষাৰ লোককথাৰে ভৰপূৰ।
-
বাউক (পৌৰাণিক কাহিনী)
বাউক (চাৰ্বিয়ান: Баук, চাৰ্বিয়ান উচ্চাৰণ: bauk) হৈছে চাৰ্বিয়ান লোককথাৰ অন্তৰ্গত এটা জন্তুসদৃশ কাল্পনিক জীৱ। বাউকে অন্ধকাৰ ঠাই, গাঁত বা পৰিত্যক্ত ঘৰসমূহত লুকাই থাকে আৰু সুযোগ পালে চিকাৰ কৰাৰ চেষ্টা কৰে; কিন্তু ই পোহৰ আৰু শব্দৰ পৰা ভয় কৰে। ই দপদপাই খোজ কাঢ়ে আৰু আৰু ইয়াৰ মাতৰ শব্দ হৈছে বাউ।
-
বাকু (পৌৰাণিক কাহিনী)
বাকু (Baku) জাপানীসকলৰ মাজত প্ৰচলিত এক অতিপ্ৰাকৃতিক সত্তা, যিয়ে অতৃপ্ত সপোন গ্ৰাস কৰে বুলি কোৱা হয়। চীনা ম’ৰ পৰাই এইবোৰৰ উৎপত্তি হৈছে। কিংবদন্তি অনুসৰি দেৱতাসকলে আন সকলো প্ৰাণী সৃষ্টি শেষ কৰাৰ সময়ত বাকী থকা অতিৰিক্ত টুকুৰাবোৰৰ দ্বাৰা এইবোৰ সৃষ্টি কৰা হৈছিল।
-
বাক্কু
বাক্কু (ইংৰাজী: Baccoo; শ্ৰানান টংগো ভাষাত bakru, আৰু চৰামাক্কান ভাষাত bakulu বা bakuu) হ’ল গায়ানা আৰু চুৰিনামৰ লোককথাৰ এটা পৌৰাণিক চৰিত্ৰ। এজন বাক্কুৰ এটা বিশাল মূৰ থাকে আৰু ইয়াৰ আধা অংশ কাঠেৰে নিৰ্মিত আৰু বাকী আধা অংশ মঙহৰ।
-
বাতাক উপাখ্যান
বাতাক উপাখ্যান হৈছে ইণ্ডোনেছিয়াৰ উত্তৰ ছুমাত্ৰাৰ বাতাক জনগোষ্ঠীৰ আদি বিশ্বাস, যিটো খ্ৰীষ্টান ধৰ্ম (প্ৰটেষ্টাণ্ট বা কেথলিক) বা ইছলাম ধৰ্ম আহিবৰ আগতে গ্ৰহণ কৰা হৈছিল।
-
বাৰ্মিজ পৌৰাণিক কথা
বাৰ্মিজ পৌৰাণিক কাহিনী (ရှေးမြန်မာ့ဒဏ္ဍာရီ) হৈছে মিথ (কল্পকথা), লোককথা, কিংবদন্তী, আৰু বিশ্বাসসমূহৰ এক সংকলন, যিবোৰ ঐতিহ্যগতভাৱে বাৰ্মিজ জনগোষ্ঠীৰ দ্বাৰা বৰ্ণিত। এই কাহিনীবোৰ মৌখিকভাৱে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈছিল আৰু কদাচিৎ লিখিত ৰূপত পোৱা গৈছিল।
-
ভূ-পৌৰাণিক বিদ্যা
ভূ-পৌৰাণিক বিদ্যা (ইংৰাজী: Geomythology; জিঅ’মিথ’লজী, যাক “পৃথিৱীৰ আখ্যান,” “ভূ-দৃশ্য ধৰ্মীয় আখ্যান,” “পৰ্যৱেক্ষণৰ শ্ৰুতি,” “প্ৰাকৃতিক জ্ঞান” বুলিও কোৱা হয়) হৈছে বিজ্ঞানৰ বিকাশৰ পূৰ্বৰ সংস্কৃতিসমূহে প্ৰায়েই কাব্যিক বা পৌৰাণিক চিত্ৰকল্পৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ভৌগোলিক পৰিঘটনা যেনে— ভূমিকম্প,…
-
মানো (পৌৰাণিক কাহিনী)
মানো, মান্নো, আস্কে বা মান্না হৈছে ছামি পৌৰাণিক কাহিনীত চন্দ্ৰৰ দেৱী ৰূপ। ছামি জাতিৰ বিশ্ব দৃষ্টিভঙ্গি আনিমিজম বা আনিমিষ্টিক স্বভাৱৰ, য’ত ছামানবাদী বৈশিষ্ট্য থকা দেখা যায়। সেই বিশ্বদৃষ্টিত দেৱ-দেৱীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।
-
মূৰহীন ঘোঁৰাচালক
মূৰবিহীন ঘোঁৰাচালক মধ্যযুগৰপৰাই ইউৰোপৰ বিভিন্ন লোককথাত প্ৰকাশ পোৱা পৌৰাণিক ব্যক্তিত্বৰ এক ধৰণ। পৰম্পৰাগতভাৱে এই আকৃতিবোৰক ঘোঁৰাত উঠি ফুৰা মূৰ নোহোৱা আৰোহী হিচাপে চিত্ৰিত কৰা হয়। এই মিথবোৰে তেতিয়াৰপৰাই দ্য লিজেণ্ড অৱ স্লিপি হোলোকে ধৰি বিশ্বৰ সংস্কৃতিৰ কেইবাটাও কাহিনী আৰু চৰিত্ৰক অনুপ্ৰাণিত কৰিছে।
-
মেৰোপে
মেৰোপে গ্ৰীক পৌৰাণিক কাহিনীত সপ্ত প্লেইয়াডিছৰ অন্যতম। তেওঁ এটলাছ আৰু প্লেয়োনেৰ কন্যা। প্লেয়োনে নিজেই ওচেনাছ আৰু টেথিছৰ কন্যা আৰু নাবিকসকলৰ ৰক্ষাকৰ্ত্ৰী। প্লেইয়াডিছসকল নক্ষত্ৰপুঞ্জলৈ ৰূপান্তৰৰ বিভিন্ন কাহিনীৰ বিষয়।
-
লামাৰিয়া
লামাৰিয়া জৰ্জিয়াৰ পৌৰাণিক কাহিনীৰ এগৰাকী দেৱী, বিশেষকৈ শ্বান জনগোষ্ঠীৰ উপগোটৰ। স্বান প্যান্থেয়নৰ আন বহুতো দেৱতাৰ দৰে তেওঁৰ নামটোও খ্ৰীষ্টান মূৰ্তিৰ পৰা লোৱা হৈছে; তেওঁৰ ক্ষেত্ৰত যীচুৰ মাতৃ মৰিয়ম। লামাৰিয়া অগ্নিকুণ্ডৰ দেৱী, গৰু-ম'হৰ ৰক্ষক আৰু মহিলাৰ ৰক্ষক – বিশেষকৈ প্ৰসৱৰ সময়ত।
-
লুৱাৰ
লুৱাৰ তুৰ্কী আৰু নিভখ পৌৰাণিক কাহিনীৰ এটা কিংবদন্তি মাইকী প্ৰাণী। ই হৈছে সৃষ্টিকৰ্তা ওৱাইল্ড ডাক।
-
শাৱৰ্ণী মনু
শাৱৰ্ণী মনু হৈছে অষ্টম মনু, হিন্দু পৌৰাণিক কাহিনীত মন্বন্তৰ নামেৰে জনাজাত যুগৰ প্ৰথমজন মানুহ।
-
হাইলেটছ
হাইলাটেছ হৈছে চাইপ্ৰাছ দ্বীপত পূজিত এক দেৱতা, যাক পাছত গ্ৰীক দেৱতা এপ'ল'ৰ সৈতে তুলনা কৰা হৈছিল। তেওঁৰ নাম সম্ভৱত ὑλακτέω [ʰylaktéō] "ভোকোনি" বা ὕλη [ʰýlē] "অৰণ্য" শব্দৰ পৰা উদ্ভৱ হৈছিল। এক গুৰুত্বপূৰ্ণ মন্দিৰ কুৰিয়নত অৱস্থিত।
-
হিৰণ্যগৰ্ভ
হিৰণ্যগৰ্ভ (আক্ষৰিক অৰ্থত 'সোণালী গৰ্ভ') হৈছে বৈদিক দৰ্শনত বিশ্বব্ৰহ্মাণ্ড বা প্ৰকাশিত মহাবিশ্ব সৃষ্টিৰ উৎস। হিৰণ্যগৰ্ভ সূক্ত নামেৰে জনাজাত ঋগবেদৰ এটা শ্লোকত (ঋ.ব ১৯.১২১) ইয়াৰ উল্লেখ পোৱা যায়, য'ত একক সৃষ্টিকৰ্তা দেৱতাৰ ইংগিত পোৱা যায় আৰু তেওঁক প্ৰজাপতি বুলি চিনাক্ত কৰা হৈছে।
-
হেল (পৌৰাণিক সত্তা)
হেল (ইংৰাজী: Hel; প্ৰাচীন নৰ্ছ ভাষা: hel, আক্ষৰিক অৰ্থ: 'ভূগৰ্ভ') হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী নাৰী সত্তা যিয়ে একে নামৰ এখন পাতাল ৰাজ্যত ৰাজত্ব কৰে বুলি কোৱা হয়। পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত লিখা গদ্য এড্ডাত হেলৰ উল্লেখ পোৱা গৈছে।
-
ৰাণী অৰ’নচেন
ৰাণী অৰ’নচেন ইয়োৰুবা পৌৰাণিক কাহিনীৰ এগৰাকী ওৰিছা(দেৱী)। তেওঁ আছিল অলোৱ’ ৰিৰেঞ্জেনৰ পত্নী। ওৱোত তেওঁৰ সন্মানত বাৰ্ষিক ইগোগো উৎসৱ পালন কৰা হয়। প্ৰায় ৬০০ বছৰ আগতে ওৱ’ৰ ৰজা ৰিৰেঞ্জেনে তেওঁৰ এটা চিকাৰ অভিযানৰ সময়ত অৰ’নচেন নামৰ এগৰাকী কণমানি কুমাৰীক লগ পাইছিল।
-
ৰিয়া চিলভিয়া
ৰিয়া চিলভিয়া, যাক ইলিয়া বুলিও কোৱা হয়, ৰোম চহৰৰ প্ৰতিষ্ঠাতা যমজ ভাতৃ ৰোমুলাছ আৰু ৰেমুছৰ পৌৰাণিক মাতৃ। এই কাহিনীটোক ৰোমান শিল্পত বহুবাৰ চিত্ৰিত কৰা হৈছে। লিভিৰ আব উৰ্বে কণ্ডিটা লিব্ৰিৰ প্ৰথমখন কিতাপত তেওঁৰ কাহিনী কোৱা হৈছে আৰু কেচিয়াছ ডিঅ'ই ৰোমান ইতিহাসত।