বাক্কু (ইংৰাজী ভাষা: Baccoo; শ্ৰানান টংগো ভাষাত bakru, আৰু চৰামাক্কান ভাষাত bakulu বা bakuu) হ’ল গায়ানা আৰু চুৰিনামৰ লোককথাৰ এটা পৌৰাণিক চৰিত্ৰ।১ এজন বাক্কুৰ এটা বিশাল মূৰ থাকে আৰু ইয়াৰ আধা অংশ কাঠেৰে নিৰ্মিত আৰু বাকী আধা অংশ মঙহৰ।২
বিৱৰণ
বাক্কু হ’ল চুৰিনামৰ লোককথাৰ এক অতিপ্ৰাকৃতিক চৰিত্ৰ। ইয়াক দুটা অংশৰে গঠিত এক বিকৃত আকৃতি হিচাপে বৰ্ণনা কৰা হয়। ইয়াৰ বাঁওফালৰ অংশটো কাঠৰ আৰু সোঁফালৰ অংশটো মঙহৰ। এয়াৰ এটা চুটি ডিঙিৰ ওপৰত বিৰাট ডাঙৰ এটা মূৰ থাকে আৰু মুখৰপৰা দাঁতবোৰ বাহিৰলৈ ওলাই থকা দেখা যায়।২ ইয়াৰ মূৰটোৱে প্ৰায়ে শৰীৰৰ আধা অংশ আগুৰি থাকে।৩ ইয়াৰ মুঠ উচ্চতা প্ৰায় ৩ ফুট। বাক্কুক ডাঙৰ চকু আৰু দীঘল হাত-ভৰি থকা চুটি মানুহ হিচাপেও বৰ্ণনা কৰা হয়, যাৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল জানুশিৰা বা আঁঠুৰ ঘিলাৰ অনুপস্থিতি।৪
বাক্কুৱে সাধাৰণতে গাখীৰ আৰু কল খাই জীয়াই থাকে, যিটো তেওঁলোকৰ মালিকে যোগান ধৰে। কিছুমান কাহিনীত বাক্কুৱে মালিকৰ হৈ কাম কৰাৰ কথা কোৱা হয়; কেতিয়াবা অদৃশ্য আক্ৰমণকাৰী হিচাপে লক্ষ্যস্থানত জুই লগাই দিয়ে বা শিলগুটি দলিয়াই হাৰাশাস্তি কৰে, আকৌ কেতিয়াবা এঠাইৰপৰা আন ঠাইলৈ অতি গোপনে বাৰ্তা কঢ়িয়াই নিয়ে। ই ক’লা যাদূৰ শক্তিসম্পন্ন বুলি বিশ্বাস কৰা হয়।৩
প্ৰকাৰভেদ
বিভিন্ন কাহিনীসমূহত 'বন্য বাক্কু' আৰু 'কৰ্মৰত বাক্কু'ৰ মাজত পাৰ্থক্য দেখুওৱা হয়। বন্য বাক্কুৱে পৰিত্যক্ত ঘৰ, বাটৰ চুক, দলঙৰ তলত২ বা নলা আৰু জানৰ পাইপৰ ভিতৰত (যাক kokro-bakru বোলা হয়) আশ্ৰয় লৈ অঞ্চলটোত উপদ্ৰৱ চলাই ফুৰে।৫ আনহাতে, কৰ্মৰত বাক্কুসকল বজাৰৰ ব্যৱসায়ী বা আন সফল উদ্যোগীসকলৰ অধীনত থাকে। এই বাক্কুসকলে গ্ৰাহকক অদৃশ্যভাৱে আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়, যাৰ ফলত ব্যৱসায়ত সফলতা লাভ কৰে। অৱশ্যে এই সফলতা তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে মালিকে বাক্কুৰ সঠিক যত্ন লয়। যদি বাক্কু লঘোনে থাকে, তেন্তে ই আন এজন মালিক বিচাৰি গুচি যায় আৰু পূৰ্বৰ মালিকজনক যাদূৰ প্ৰভাৱত বিপদত পেলাই থৈ যায়।
হাৰ্চকভিটছ দম্পতীয়ে তেওঁলোকৰ গ্ৰন্থ Suriname Folk-lore ত বাক্কুক ৰিপেলষ্টিল্টস্কিনৰ সৈতে তুলনা কৰিছে। শ্ৰানান টংগো ভাষাত ইয়াক Akantiudu (কাঠৰ কাষ) বুলিও জনা যায়।
উৎপত্তি
বাক্কুৰ সৈতে য়োৰুবা সংস্কৃতিৰ এক সত্তা আবিকুৰ সম্পৰ্ক থাকিব পাৰে। আবিকু হ’ল নামকৰণ কৰাৰ আগতেই মৃত্যু হোৱা শিশুৰ আত্মা। এই মৃতকৰ সন্মানত সৰু কাঠৰ মূৰ্তি তৈয়াৰ কৰি ঘৰৰ ভিতৰত ৰখা হয় যাতে আত্মা শান্ত হৈ থাকে।৪ আন একাংশই ইয়াৰ উৎপত্তি পশ্চিম আফ্ৰিকাৰ আকান লোককথাৰ ম্মোটিয়া বুলিও ক’ব খোজে। বৰ্তমান এই লোককথা বিভিন্ন সাংস্কৃতিক পটভূমিৰ লোকৰ মাজত প্ৰচলিত।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pires, R.B.W., Strange, S.E., & Mello, M.M. (2018). The Bakru Speaks, New West Indian Guide / Nieuwe West-Indische Gids, 92(1-2), 1-34
- ↑ https://www.delpher.nl/nl/kranten/view?coll=ddd&identifier=MMKB23:001609052:mpeg21:a00013
- ↑ https://www.delpher.nl/nl/kranten/view?coll=ddd&identifier=ddd:011211386:mpeg21:a0037
- ↑ https://www.thingsguyana.com/baccoo/
- ↑ https://www.delpher.nl/nl/kranten/view?coll=ddd&identifier=ddd:011186821:mpeg21:a0044
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাক্কু” প্ৰবন্ধৰ সংশোধন ৫৯৫৭৪৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।