পৌৰাণিক কথা
৮২ প্ৰবন্ধ
-
প্ৰকৃতি আই
প্ৰকৃতি আই (mother nature কেতিয়াবা ধৰিত্ৰী আই বুলিও জনা যায়) হৈছে প্ৰকৃতিৰ এক ব্যক্তিত্ব যিয়ে প্ৰকৃতিৰ প্ৰাণদায়ক আৰু লালন-পালনকাৰী দিশসমূহক মূৰ্ত কৰি, মাতৃৰ ৰূপত গুৰুত্ব দিয়ে।
-
বজ্ৰাংগ
বজ্ৰাংগ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা এক অসুৰ। পুৰাণৰ মতে তেওঁৰ জন্ম দিতিৰ আৰু পিতৃ কাশ্যপ ঋষিৰপৰা হৈছিল। পুত্ৰহন্তা দেৱতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দিতি অসুৰৰ মাতৃ হৈছিল।
-
বুলু (ফিজিৰ কিংবদন্তি)
ফিজিৰ পৌৰাণিক কাহিনীত বুলু (উচ্চাৰণ: Mbúlu) ‘আত্মাৰ জগত’ (সম্ভৱতঃ পাতাল জগত)ৰ নাম। ৱুলা-ই-ৰাটুমাইবুলু নামৰ মাহত ব্ৰেডফ্ৰুট আৰু অন্যান্য ফলমূলৰ গছবোৰ ফুলি ফল দিবলৈ বুলু নামৰ আত্মাৰ জগতখনৰ পৰা ৰাটুমাইবুলু দেৱতা আহে। ৰাটুমাইবুলু এজন অতি গুৰুত্বপূৰ্ণ দেৱতা যিয়ে কৃষিৰ পৰিচালনা কৰে।
-
বৃহদ্ৰথ
প্ৰথম বৃহদ্ৰথ (সংস্কৃত- बृहद्रথ) হিন্দু সাহিত্যত প্ৰদৰ্শিত মগধৰ প্ৰাচীন কিম্বদন্তি শাসক বংশ বৃহদ্ৰথ বংশৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ গংগা নদীৰ পাৰত ক্ষমতাৰ কেন্দ্ৰ চুবুৰীয়া ৰাজ্য চেদীৰ পৰা নতুনকৈ বসতি স্থাপন কৰা মগধলৈ স্থানান্তৰ কৰি মগধ প্ৰতিষ্ঠা কৰে।
-
বৌদ্ধ শ্ৰুতিকথা
বৌদ্ধ শ্ৰুতিকথা (ইংৰাজী: Buddhist mythology) হৈছে বৌদ্ধ ধৰ্মৰ সৈতে জড়িত কিংবদন্তি, লোককথা, লোকাচাৰ আদি বিভিন্ন লোক-সাহিত্য-সংস্কৃতিৰ সমাসাৰ। পৌৰাণিক সাহিত্যৰ ক্ষেত্ৰখনত বৌদ্ধ পৰম্পৰাই এক বিশাল পৰিসৰৰ অধিকাৰ কৰিছে। বৌদ্ধ ধৰ্মৰ কেন্দ্ৰীয় শ্ৰুতিকথা হৈছে বুদ্ধৰ জীৱন।
-
ভোমা
ভোমা (ইংৰাজী: Bhoma) হ’ল বালিনীজ পৌৰাণিক কাহিনীৰ এগৰাকী আদিম পৃথিৱী দেৱতা যি উৰ্বৰতা, উদ্ভিদ আৰু বন্য তথা মানৱ বসতিৰ মাজৰ সীমৱৰ্তী স্থানৰ সৈতে জড়িত। ভোমাৰ প্ৰতিচ্ছবি বালিনীজ স্থাপত্যত এক গ্ৰটেস্ক বা অদ্ভুত মুখ হিচাপে খোদিত কৰা হয়, যিয়ে মন্দিৰ কমপ্লেক্সৰ বিশেষ অংশসমূহক দুষ্ট আত্মাৰপৰা ৰক্ষা…
-
মাইয়া
প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনীত মাইয়া (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা: Μαίη, অৰ্থ: 'মা', 'নাৰ্ছ' বা 'ধাত্ৰিকা';), যাক মাই বুলিও বানান কৰা হয়, প্লেইডছৰ অন্যতম আৰু জিউছৰ সৈতে হোৱা দূত দেৱতা হাৰ্মিছৰ মাতৃ। মাইয়াক বুধ গ্ৰহৰ মাতৃ ৰোমান পৃথিৱী দেৱী মাইয়াৰ সৈতে চিনাক্ত কৰা হৈছিল।
-
মাউ লিজা
মাউ-লিজা ওৰফে মাহু, এগৰাকী সৃষ্টিকৰ্তা দেৱী, গবে(Gbe) পৌৰাণিক কাহিনী আৰু পশ্চিম আফ্ৰিকান ভোডুনত সূৰ্য্য আৰু চন্দ্ৰৰ কাহিনীৰ সৈতে জড়িত। মাৱু আৰু লিজা ঐশ্বৰিক, একেলগে ৰাখিলে তেওঁলোক এজন এজেণ্ডাৰ দেৱতা।
-
মুলাডোনা
কাটালন পৌৰাণিক কাহিনীত মুলাডোনা বা ডোনামুলা বুলিও কোৱা (কাটালান ভাষাত খচ্চৰ-মহিলা বা মহিলা-খচ্চৰ) হৈছে মানৱ নাৰীৰ মূৰ থকা এটা মাইকী খচ্চৰ। কিংবদন্তি অনুসৰি এগৰাকী যুৱতীক চহৰৰ মানুহে অনাদৰ আৰু অধৰ্মী বুলি অভিশাপ দিছিল আৰু সেই অভিশাপৰ ফলত তেওঁ খচ্চৰলৈ ৰূপান্তৰিত হৈছিল।
-
যমদূত
যমদূত (সংস্কৃত- यमदूत) হিন্দু ধৰ্মমতে মৃত্যুৰ দূত। পাতালৰ দেৱতা যমৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ ভূমিকা হ'ল মোক্ষ লাভ নকৰা মৃতকৰ বিদেহ আত্মাক যমলোকলৈ লৈ যোৱা।
-
অছুন
অছুন ইয়োৰুবা জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰেম, যৌনতা, উৰ্বৰতা, নাৰীত্ব, পানী, ভাগ্য, ভৱিষ্যদ্বাণী, বিশুদ্ধতা আৰু সৌন্দৰ্য্য আৰু অছুন নদী আৰু ভুডুৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰ সৈতে জড়িত দেৱী। ৪০১টা ওৰিছা (দেৱ-দেৱী)ৰ ভিতৰত তেওঁক আটাইতকৈ জনপ্ৰিয় আৰু পূজনীয় বুলি গণ্য কৰা হয়।
-
আহিয়া এঞ্জকু
ইগবো পৌৰাণিক কাহিনীত আহিয়া এঞ্জকু, যাক ইফেজিঅ’কু, আহা এঞ্জকু বুলিও কোৱা হয়, নাইজেৰিয়াৰ ইগবো লোকসকলে পূজা কৰা এগৰাকী দেৱী। এঞ্জকু নামৰ অৰ্থ গণ্যমান্য, উৰ্বৰতা, উৎপাদনশীলতা, সম্পদ, জীৱনতকৈ শ্ৰেষ্ঠ, দূৰদৰ্শী আৰু নেতৃত্ব গুণ বহন কৰা।
-
আৰাশ
আৰাশ দ্য আৰ্চাৰ (ফাৰ্চী: آرش کمانگیر) হৈছে ইৰানী পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰম্পৰাৰ এজন বীৰ ধনুৰ্ধৰ চৰিত্ৰ। ইৰানী লোককথা অনুসৰি ইৰান আৰু টুৰানৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰাশে নিক্ষেপ কৰা এটা কাঁড়ৰদ্বাৰা, যিটো কাঁড় নিক্ষেপ কৰিবলৈ তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল।
-
আৰ্চুৰা
আৰ্চুৰা তুৰ্কী পৌৰাণিক কাহিনীৰ এটা আকৃতি সলনি কৰিব পৰা বনাঞ্চলৰ আত্মা, যিয়ে বন্যপ্ৰাণী আৰু অৰণ্যক সুৰক্ষা দিয়ে।
-
আৰ্মেনিয়ান শ্ৰুতিকথা
আৰ্মেনিয়ান শ্ৰুতিকথা (ইংৰাজী: Armenian mythology) বা আৰ্মেনিয়ান পৌৰাণিক কাহিনী হৈছে আৰ্মেনিয়াৰ লোককথাৰ অন্তৰ্গত শ্ৰুতিকথা আৰু কিংবদন্তি। প্ৰাচীন ইণ্ডো-ইউৰোপীয় পৰম্পৰা, বিশেষকৈ প্ৰাক-আৰ্মেনিয়ান আৰু ক্ৰমান্বয়ে হুৰো-উৰাৰ্টিয়ান, মেছ'পটেমিয়ান, ইৰাণী আৰু গ্ৰীক বিশ্বাস আৰু দেৱতাৰ পৰা আৰ্মেনিয়ান…
-
ইন্দ্ৰিক
ইন্দ্ৰিক বা ইন্দ্ৰিক-পশু (Индрик-зверь) হৈছে ৰাছিয়ান লোককথাত বৰ্ণিত এক আশ্চৰ্যজনক জন্তু, সকলো জন্তুৰ ৰজা। এই প্ৰাণী "পবিত্ৰ পৰ্বত" নামেৰে জনাজাত পৰ্বতত বাস কৰে, য’ত আন কোনো প্ৰাণীৰ খোজ নপৰে। ই সৰিছিলেই পৃথিৱী কম্পিত হয়। "ইন্দ্ৰিক" শব্দটো ৰাছিয়ান শব্দ unicorn (Единорог)-ৰ এক বিকৃত ৰূপ।
-
এৰোটেচ
এৰোটেচ (ἔρωτες, Érōtes) প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক পুৰাণ অনুসৰি, প্ৰেম আৰু যৌনতা সম্পৰ্কীয় এবিধ ডেউকীয়া দেৱতাৰ গোট। তেওঁলোক এফ্ৰ’ডাইটীৰ অনুচৰসকল। এৰোটেচ হৈছে এৰোচ ("প্ৰেম, বাসনা")ৰ বহুবচন, যি এটি একক দেৱতা হিচাপে অধিক জটিল মিথ্ল’জিৰ অধিপতি।
-
কিকিমোৰা
কিকিমোৰা হৈছে এগৰাকী পৌৰাণিক জীৱ, যি স্লাভিক পৌৰাণিক কাহিনীত পোৱা এগৰাকী মহিলা গৃহ-আত্মা। ঘৰৰ ভিতৰত তেওঁৰ ভূমিকা সাধাৰণতে ড’মোভয়ৰ সৈতে তুলনা কৰা হয়। আধুনিক সময়ত কিকিমোৰাক মহিলা জলাশয় আত্মা হিচাপেও কল্পনা কৰা হয়।
-
কেশৰী
কেশৰী এক পুৰুষ বানৰ আৰু হিন্দু ধৰ্মৰ এক চৰিত্ৰ। তেওঁ হনুমানৰ পিতৃ আৰু অঞ্জনাৰ স্বামী।
-
গুইল্গি
গুইল্গি (; gwyllt “বনৰীয়া” বা gwyll “সন্ধ্যা/অন্ধকাৰ” + ci “কুকুৰ” শব্দদ্বয়ৰ সংযোজনে গঠিত এক যৌগিক শব্দ) হৈছে ৱেলছৰ এক পৌৰাণিক কুকুৰ। ইয়াক সাধাৰণতে ভূতসদৃশ এক ভয়ংকৰ ৰূপত বৰ্ণনা কৰা হয়, যাৰ আকৃতি ইংলিছ মাষ্টিফ বা ক’লা নেউলৰ দৰে, শ্বাস অশুভ আৰু চকু দুটা জ্বলন্ত ৰঙা।
-
ঘৰচিৰিকাৰ হেৰুৱা বীনটো
ঘৰচিৰিকাৰ হেৰুৱা বীনটো (নেপাল ভাষা: चखुंचायागु तंगु कयगू, ইংৰাজী: The Sparrow's Lost Bean) নেপাল মণ্ডলৰ নেৱাৰসকলৰ মাজত প্ৰচলিত আটাইতকৈ জনপ্ৰিয় শিশু কাহিনীৰ ভিতৰত অন্যতম নেপালী সাধুকথা।
-
চাই নেনেচি
চাই নেনেচি পানীত থকা তুৰ্কী আত্মা, যি সাধাৰণতে খালৰ বাবে প্ৰয়োগ কৰা এটা নাম। জলাশয় আৰু হ্ৰদত মানুহক চুহি খোৱাৰ লগতে নিস্তব্ধ পানীৰ ওচৰত থিয় হৈ থকা জীৱ-জন্তুবোৰক হত্যা কৰাৰ কৰ্তৃত্বও তেওঁৰ।
-
চিৰা চাবিয়া
চিৰা চাবিয়া (ইংৰাজী: Sīra shaʿbiyya) হ’ল ইছলামী সাহিত্যৰ এক বিশেষ ধাৰা, যিটো দীঘলীয়া বীৰত্বগাথাৰ কাহিনীৰে গঠিত। চিৰাসমূহ সাধাৰণতে ঐতিহাসিক পটভূমি, চৰিত্ৰ আৰু ঘটনাক কেন্দ্ৰ কৰি গঢ়ি উঠা ঐতিহাসিক কল্পকাহিনী, য’ত সামৰিক অভিযানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
-
চীনা শ্ৰুতিকথা
চীনা পৌৰাণিক কাহিনী বা চীনা শ্ৰুতিকথা (সৰলীকৃত চীনা: 中国神话; পৰম্পৰাগত চীনা: 中國神話; ইংৰাজী: Chinese mythology) হৈছে মৌখিক ৰূপত প্ৰচাৰিত বা বৰ্তমান বৃহত্তৰ চীন নামেৰে জনাজাত সমগ্ৰ অঞ্চলটোৰ সাহিত্যত লিপিবদ্ধ হোৱা পৌৰাণিক কাহিনীৰ সম্ভাৰ।
-
চুত (বেলাৰুছিয়ান পৌৰাণিক কাহিনী)
চুত (বেলাৰুছিয়ান: Хут) বেলাৰুছীয় পৌৰাণিক কাহিনীত উল্লিখিত এক গৃহ আত্মা। ই ঘৰলৈ ধন-সম্পত্তি, শস্য আৰু সফলতা আনি দিয়ে, কিন্তু যদি ইয়াক খাবলৈ দিয়া নহয়, তেন্তে ই কঠোৰ প্ৰতিশোধ ল'ব পাৰে।
-
ছু ইয়েছি
তুৰ্কী পৌৰাণিক কাহিনীত ছু ইয়েছি (আক্ষৰিক অৰ্থত "পানীৰ মাষ্টাৰ") এটা জল আত্মা। তুৰ্কী সংস্কৃতিত ই অপেশ্বৰৰ সৈতে মিল খায়। ই এটা অশৰীৰী, অস্পষ্ট সত্তা, কিন্তু ই ইয়েৰ টানৰীৰ কন্যা পুৰুষৰ লগতে নাৰী জীৱলৈও ৰূপান্তৰিত হ’ব পাৰে। কেতিয়াবা পানীৰ মালিকক বলধৰ ৰূপত চিত্ৰিত কৰা হয়।.
-
জিলেণ্ট
জিলেণ্ট তুৰ্কী পৌৰাণিক কাহিনীত (বিশেষকৈ টাটাৰ) এটা ড্ৰেগন আৰু এটা ৱাইভাৰ্নৰ মাজৰ কিবা এটা মিল থকা এটা কিংবদন্তি জীৱ। ১৭৩০ চনৰ পৰা ই কাজানৰ চৰকাৰী প্ৰতীক হৈ আছে। এই পাখিযুক্ত সাপটোৰ কথা কাজানৰ ভেটিৰ বিষয়ে কিংবদন্তিত উল্লেখ আছে।
-
জীৱন বৃক্ষ (পৌৰাণিক লোককথা)
জীৱন বৃক্ষ বিশ্বৰ বিভিন্ন মিথোলজিক ধাৰণা, ধৰ্মীয় বিশ্বাস আৰু দাৰ্শনিক চিন্তাধাৰাত এটা মৌলিক আৰ্হি। ই পবিত্ৰ বৃক্ষৰ সোঁতৰ লগত ওতপ্ৰোতভাৱে জড়িত। বাইবেলৰ উৎপত্তি গ্ৰন্থত এডেন উদ্যানৰ অংশ হিচাপে উল্লিখিত সু-অসু জ্ঞান বৃক্ষ আৰু জীৱন বৃক্ষ, আৰু স্বৰ্গৰ সৈতে সংযোগ থকা Yggdrasilৰ দৰে বিশ্ব বৃক্ষ বা কছমিক…
-
টকাৰ গছ (লোকবিশ্বাস)
চীনৰ লোককথা অনুসৰি, মানি ট্ৰী বা টকাৰ গছ / ধনৰ গছ (ইংৰাজী: Money tree; চীনা: 搖錢樹) হ’ল একপ্ৰকাৰৰ পৱিত্ৰ গছ যিয়ে মানুহৰ বাবে ধন আৰু ভাগ্য কঢ়িয়াই আনিব পাৰে। ইয়াক সমৃদ্ধি, আভিজাত্য আৰু মাংগলিকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।
-
টাইগেটে
ধ্ৰুপদী গ্ৰীক পৌৰাণিক কাহিনীত, টাইগেটে (গ্ৰীক: Ταϋγέτη; IPA: taːyɡétɛː) এজন নিম্ফ আছিল, প্লেইয়াডিছৰ এজনী। তেওঁ আৰ্টেমিছৰ সৈতে আছিল, যাক পশুৰ ৰক্ষিকা হিচাপে “পটনিয়া থেৰন” বুলি জনা যায়। লাকোনিয়াৰ মাউণ্ট টাইগেট'ছ তেওঁৰ বাসস্থান আছিল। পেলোপনিজৰ টেইগেটাছ পৰ্বতৰ নাম তাইৰ নামেৰে ৰখা হৈছিল।