অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হেল (পৌৰাণিক সত্তা)

হেল (ইংৰাজী: Hel; প্ৰাচীন নৰ্ছ ভাষা: hel, আক্ষৰিক অৰ্থ: 'ভূগৰ্ভ') হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী নাৰী সত্তা যিয়ে একে নামৰ এখন পাতাল ৰাজ্যত ৰাজত্ব কৰে বুলি কোৱা হয়। পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত লিখা গদ্য এড্ডাত হেলৰ উল্লেখ পোৱা গৈছে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হেল (ইংৰাজী: Hel; প্ৰাচীন নৰ্ছ ভাষা: hel, আক্ষৰিক অৰ্থ: 'ভূগৰ্ভ') হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী নাৰী সত্তা যিয়ে একে নামৰ এখন পাতাল ৰাজ্যত ৰাজত্ব কৰে বুলি কোৱা হয়। পূৰ্বৰ পৰম্পৰাগত উৎসৰ পৰা ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত লিখা গদ্য এড্ডাত হেলৰ উল্লেখ পোৱা গৈছে। ইয়াৰ উপৰিও ক্ৰমে নৱম আৰু দশম শতিকাৰ হেইমস্ক্ৰিংলা (Heimskringla) আৰু এগিলছ কাহিনীত (Egils saga) লিপিবদ্ধ কবিতাতো তেওঁৰ উল্লেখ আছে। দ্বাদশ শতিকাত চেক্সো গ্ৰেমাটিকাছে লিখা লেটিন গ্ৰন্থ গেষ্টা ডানোৰামৰ (Gesta Danorum) এটা খণ্ড সাধাৰণতে হেলৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে বুলি ধৰা হয় আৰু প্ৰব্ৰজন যুগৰ বিভিন্ন ব্ৰেক্টেটতো হেলৰ উল্লেখ পোৱা যায়।

কাব্যিক এড্ডা, গদ্য এড্ডা আৰু হেইমস্ক্ৰিংলাত উল্লেখ কৰা মতে হেল হৈছে ল’কিৰ কন্যা। গদ্য এড্ডাৰ কিতাপ গিলফাগিনিংত হেলক অডিন দেৱতাই নিফ্লহাইমত অৱস্থিত একে নামৰ ৰাজ্যৰ শাসক হিচাপে নিযুক্তি দিয়া বুলি বৰ্ণনা কৰা হৈছে। একেটা উৎসতে তাইৰ চেহেৰাটো আধা নীলা আৰু আধা শৰীৰৰ ৰঙৰ আৰু আৰু অধিক ম্লান চেহেৰাৰ বুলি বৰ্ণনা কৰা হৈছে। গদ্য এড্ডাত বিতংভাৱে উল্লেখ কৰা হৈছে যে হেলে তেওঁৰ পাতাল ৰাজ্যত বহুতো দাস থকা বিশাল অট্টালিকাসমূহৰ ওপৰত শাসন কৰে আৰু বাল্ড্ৰ দেৱতাৰ পুনৰুত্থানৰ প্ৰচেষ্টাত মূল ভূমিকা পালন কৰে।

একাদশ শতিকাৰ নিকোডিমাছৰ পুৰণি ইংৰাজী গছপেল আৰু অল্ড নৰ্ছ বাৰ্থলমিয়াছ সাগা পষ্টোলাত প্ৰকাশ পোৱা ব্যক্তিত্বৰ সৈতে হেলৰ সম্ভাৱ্য সংযোগৰ পৰা তেওঁক হয়তো সমান্তৰাল ভাৰত-ইউৰোপীয় দেৱী ভৱানী, কালী আৰু মহাকালী বুলি গণ্য কৰা হৈছিল বা হয়তো একে নামৰ স্থানক (হেল) পিছত ব্যক্তিত্বৰূপ প্ৰদান কৰা হৈছে।

ব্যুৎপত্তি

পুৰণি নৰ্ছ ভাষাৰ শব্দ Hel তাইৰ শাসন কৰা ৰাজ্যখনৰ নামৰ সৈতে একে। ইয়াৰ উৎপত্তি হৈছে প্ৰাক-জাৰ্মানিক শব্দ helan শব্দৰ স্ত্ৰীলিঙ্গবাচক বিশেষ্য haljō- 'লুকাই থকা ঠাই, পাতাল' শব্দৰ পৰা।১২ শেষত, প্ৰাক-ভাৰতীয়-ইউৰোপীয় মৌখিক মূল ḱel- 'লুকুৱাই ৰখা, ঢাকি ৰখা, ৰক্ষা কৰা' শব্দৰ পৰা ইয়াৰ উৎপত্তি হৈছে।৩ পুৰণি আইৰিছ পুংলিঙ্গবাচক বিশেষ্য cel- 'বিসৰ্জন, বিলুপ্তি, মৃত্যু' শব্দৰ সৈতেও ই জড়িত।৪

প্ৰতিবন্ধকতা

২০১৭ চনৰ জানুৱাৰী মাহত আইচলেণ্ডৰ নামকৰণ সমিতিয়ে ৰায় দিয়ে যে অভিভাৱকে নিজৰ সন্তানৰ নাম হেল ৰাখিব নোৱাৰে, কাৰণ "শিশুটি ডাঙৰ হোৱাৰ লগে লগে এই নামটোৱে যথেষ্ট দুখ আৰু অসুবিধাৰ সৃষ্টি কৰিব"।৫৬

জনপ্ৰিয় সংস্কৃতিত

হেল তৃতীয় ব্যক্তিৰ মাল্টিপ্লেয়াৰ অনলাইন যুদ্ধ গেইম “স্মাইট”ৰ (Smite) অন্যতম চৰিত্ৰ আৰু মূল ১৭ জন দেৱতাৰ ভিতৰত অন্যতম আছিল।৭ ২০০২ চনৰ এন্সেম্বল ষ্টুডিঅ'ৰ ৰিয়েল-টাইম ষ্ট্ৰেটেজি গেম “এজ অৱ মাইথ'লজি”তো (Age of Mythology) হেলক দেখা গৈছে, য'ত তেওঁ হৈছে নৰ্ছ খেলুৱৈয়ে পূজা কৰিবলৈ বাছি ল'ব পৰা ১২ জন দেৱতাৰ ভিতৰত অন্যতম।৮৯ মাৰ্ভেল কমিক্সৰ কমিক গ্ৰন্থ আৰু চলচ্চিত্ৰতো হেলৰ ওপৰত ভিত্তি কৰি হেলা নামৰ এক কমিক্স ছুপাৰভিলেইন চৰিত্ৰ উপস্থাপন কৰা হৈছে। মাৰভেল কমিক্সৰ হেলা হৈছে অডিনৰ কণ্যা।

তথ্যসূত্ৰ

  1. ↑ Orel 2003, পৃ. 156, 168
  2. ↑ Kroonen 2013, পৃ. 204, 218
  3. ↑ Kroonen 2013, পৃ. 204, 218
  4. ↑ Kroonen 2013, পৃ. 204
  5. ↑ (10 January 2017). Naming committee stops parents from naming daughter after goddess of the underworld. Iceland Magazine Cf. (9 January 2017). Not allowed to name after Nordic goddess Hel. Iceland Monitor
  6. ↑ "Mál nr. 98/2016 Úrskurður 6. janúar 2017", Mannanafnanefnd, 6 January 2017
  7. ↑ Archived copy
  8. ↑ The Minor Gods: Norse – Age of Mythology Wiki Guide – IGN
  9. ↑ Age of Mythology

সম্পৰ্কিত শ্ৰেণী

নৰ্ছ শ্ৰুতিকথাপৌৰাণিক কথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেল (পৌৰাণিক সত্তা)” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৪৩ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।