ছুড়েল তুৰ্কী পৌৰাণিক কাহিনীৰ (বিশেষকৈ তাটাৰ আৰু বাছকিৰ) এটা বন আত্মা।১ কিংবদন্তি অনুসৰি ছুড়েলে বনাঞ্চলত বাস কৰে। দীঘল আঙুলি, কপালত শিং আৰু নোমাল শৰীৰ। তেওঁ মানুহক জংঘলৰ মাজলৈ প্ৰলোভিত কৰি লৈ যায় আৰু তিল তিলকৈ মাৰিব পাৰে।
ছুড়েল লোককথাৰ আন অনুৰূপ চৰিত্ৰ যেনে চুভাছৰ আৰ্চুৰি, চাইবেৰিয়ান টাটাৰৰ পিটচেন (পিচেন) আৰু উৰাল টাটাৰৰ ইয়াৰিমটিকৰ সৈতে ওতপ্ৰোতভাৱে মিল আছে।
বিৱৰণ
তেওঁ বহুতো ভিন্ন ৰূপত নিজক সলনি কৰিব পাৰে। মানুহ হিচাপে তেওঁক জিলিকি থকা চকুৰে কৃষকৰ দৰে দেখা যায়, আৰু জোতাযোৰ পিছফাললৈ পিন্ধি থাকে। ছুড়েলৰ লগত বন্ধুত্ব কৰা ব্যক্তিয়ে যাদুৰ ৰহস্য শিকিব পাৰে। কৃষক আৰু ভেড়াৰখীয়াসকলে নিজৰ শস্য আৰু ভেড়াক সুৰক্ষা দিবলৈ লেছিৰ লগত চুক্তিবদ্ধ হৈছিল। ছুড়েল বহুতো কৌশল আছে, য’ত কৃষকক বিপথে পৰিচালিত কৰা, তেওঁলোকক অসুস্থ কৰা বা তেওঁলোকক যাদু -মন্ত্ৰ কৰি হত্যা কৰা আদি অন্তৰ্ভুক্ত।২ কাঠ কটাৰ কুঠাৰ লুকুৱাই ৰাখে বুলিও জনা যায়। ছুড়েলে হাবিতলীয়া বাটেদি যোৱা লোকৰ পথ অতিক্ৰম কৰিলে ব্যক্তিজনে পথ হেৰুৱাই পেলায়। হাবিৰ বাহিৰলৈ ওলোৱাৰ পথ বিচাৰিবলৈ তেওঁ কাপোৰৰ ভিতৰৰ পৰা বাহিৰলৈ ঘূৰাই ওলোটাকৈ পিন্ধিব লাগে আৰু বিপৰীত ভৰিত জোতা পিন্ধিব লাগে।
আধুনিক সংস্কৃতিত
তাটাৰ লোককথাৰ পৰা অনুপ্ৰাণিত হৈ গাবদুল্লা টুকাইয়ে ছুড়েল (Şüräle [tt]) কবিতা লিখিছিল।৩
ফেৰিট ইয়াৰুলিন ছুড়েল[টিটি] (Farit Yarullin Şüräle [tt])ৰ প্ৰথম টাটাৰ বেলে নৃত্য কবিতাটোৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
১৯৮৭ চনত ছয়ুজমাল্টফিল্মে ছুড়েল [ৰু] নামৰ এনিমেটেড ছবি এখন মুকলি কৰে, য’ত ছুড়েলক কেৱল কল্পনাতহে থকা এজন অন্ধবিশ্বাসী ল’ৰাৰ বিষয়ে কোৱা হয় আৰু কবিতাটোৰ ইংগিত কেৱল প্ৰথম কেডাৰসকলৰ মাজতহে দিয়া হৈছে যিয়ে টুকাইৰ প্ৰতিকৃতি দেখুৱাইছে।
২০১৪ চনত টাটাৰমাল্টফিল্ম ষ্টুডিঅ'ই টাটাৰ ভাষাৰ এখন এনিমেটেড ছবি Шүрәле মুকলি কৰে য’ত এটা খণ্ড অন্তৰ্ভুক্ত কৰা হৈছে যে কেনেকৈ এজন কাঠ কাটাৰে ছুড়েলক ঠগিছিল।৪ ২০২০ চনত শ্বায়নটিভিয়ে টাটাৰ ভাষাৰ প্লাষ্টিচিন এনিমেটেড ছবি Шүрәле মুকলি কৰে।৫
তথ্যসূত্ৰ
- ↑ Мифы народов мира/под ред. Токарева С. А. — М., Советская энциклопедия, 1992 г. — т.2
- ↑ Türk Mitolojisi Ansiklopedik Sözlük, Celal Beydili, Yurt Yayınevi (Page - 531)
- ↑ Şüräle, Ğabdulla Tuqay, 1907
- ↑ Мультфильм - Шурале (Шүрәле) на татарском языке
- ↑ Шурале пластилиновый мультфильм | Шүрәле пластилиннан мультфильм | ШаянТВ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুড়েল” প্ৰবন্ধৰ সংশোধন ৪৯৬৪৫৯ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।