ৰুবিনা বাজৱা (ইংৰাজী ভাষা: Rubina Bajwa) এগৰাকী কানাডিয়ান অভিনেত্ৰী যিয়ে ভাৰতীয় পঞ্জাবী ভাষা চলচ্চিত্ৰত কাম কৰে। অভিনেত্ৰী নীৰু বাজৱাৰ ভনী ৰুবিনাই ২০১৭ চনত তেওঁৰ ভনীয়েকৰ ছবি ছাৰ্গীৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ছবিখনৰ বাবে তেওঁক ২০১৮ চনৰ পিটিচি পঞ্জাবী ফিল্ম এৱাৰ্ডছৰ সময়ত শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছিল।১২
প্ৰাৰম্ভিক জীৱন

বাজৱাৰ জন্ম ব্ৰিটিছ কলম্বিয়াৰ ভ্যানকুভাৰৰ এটা ভাৰতীয় পঞ্জাবী ভাষা পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম যশৱন্ত বাজৱা আৰু মাতৃ সুৰিন্দৰ বাজৱা।৩৪ তেওঁ ভ্যানকুভাৰতে ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ পঞ্জাবী চলচ্চিত্ৰ জগতত নিজৰ ভনী নীৰু বাজৱাৰ পদাংক অনুসৰণ কৰিবলৈ ভাৰতলৈ আহে।৫ তেওঁৰ অন্য দুগৰাকী সহোদৰ আছে— ভগ্নী চাব্ৰিনা বাজৱা আৰু ভাতৃ সুহেইল। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে ৰুবিনাই মুম্বাইৰ অনুপম খেৰৰ 'এক্টৰ প্ৰিপেয়াৰ্ছ' একাডেমীৰ পৰা অভিনয়ৰ শিক্ষা সম্পূৰ্ণ কৰিছিল।৬
কৰ্মজীৱন
বাজৱাই ২০১৭ চনত তেওঁৰ ভগ্নী নীৰু বাজৱাৰ দ্বাৰা প্ৰচাৰিত আৰু পৰিচালিত পঞ্জাবী চলচ্চিত্ৰ ছাৰ্গীৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৭ ইয়াৰ পিছত তেওঁ ২০১৮ চনত ৰোচন প্ৰিন্সৰ সৈতে লাৱান ফেৰেত অভিনয় কৰে, যিখন ছবিয়ে বক্স অফিচত মধ্যমীয়া সফলতা লাভ কৰিছিল আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।৮৯
২০১৯ চনত বাজৱাই হৰিশ বাৰ্মাৰ সৈতে ৰোমান্টিক কমেডী ছবি লাইয়ে যে য়াৰিয়ান১০ আৰু সামাজিক ব্যংগধৰ্মী ছবি মুণ্ডা হি চাহিদাত অভিনয় কৰে।১১১২ তেওঁ গিদৰ সিংঘী নামৰ ছবিখনতো এটা চৰিত্ৰত অভিনয় কৰিছিল।১৩
২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে পলমকৈ মুক্তি পোৱা ৰোমান্টিক কমেডী ছবি গুড লাক জট্টাত বাজৱাই গায়ক-অভিনেতা নিঞ্জাৰ বিপৰীতে অভিনয় কৰে।১৪
২০২২ চনত বাজৱাই তেওঁৰ ভগ্নী নীৰু বাজৱাৰ প্ৰডাকচন কোম্পানীয়ে নিৰ্মাণ কৰা বিউটিফুল বিল্লো ছবিত নীৰুৰ সৈতে একেলগে অভিনয় কৰে। তদুপৰি তেওঁ প্ৰীতি চাপ্ৰুৰ পৰিচালনাত নিৰ্মিত আৰু গায়ক অখিলৰ সহ-অভিনীত তেৰী মেৰী গাল বন গয়ী নামৰ ছবিখনতো ভূমুকি মাৰে।১৫
তথ্যসূত্ৰ
- ↑ Kaur, Nimrat. (30 March 2018). Parmish Verma, Rubina Bajwa:Award for the Best Debut at PTC. PTC NEWS
- ↑ Neeru Bajwa and Rubina Bajwa sizzle at the Jio Filmfare Awards (Punjabi) 2018. filmfare.com
- ↑ From the trunk of memories Rubina Bajwa shares a childhood picture of her with her father and sister. The Times of India
- ↑ Rubina Bajwa writes a beautiful message on her mother Surinder Bajwa's birthday - Times of India. The Times of India
- ↑ Launching The Gorgeous Rubina Bajwa. magzter.com
- ↑ (February 2017). Launching the gorgeous Rubina Bajwa. The Lifestyle Journalist
- ↑ Service, Tribune News. Love.. lost. Tribuneindia News Service
- ↑ Batra, Sakshi. (10 March 2018). After The Tremendous Success Of 'Laavaan Phere', The Sequel Is Scheduled Next Year. PTC Punjabi
- ↑ Service, Tribune News. Glad we were invited to this wedding. Tribuneindia News Service
- ↑ Rubina Bajwa as Jaanu will steal your heart. The Times of India
- ↑ Munda Hi Chahida: Rubina Bajwa didn't remove the baby bump padding until they wrapped up the shoot - Times of India. The Times of India
- ↑ Service, Tribune News. Movie Review: Munda Hi Chahida · Something to write home about. Tribuneindia News Service
- ↑ Service, Tribune News. Gidarh Singhi. Tribuneindia News Service
- ↑ (4 July 2019). Ninja turns producer with ‘Good Luck Jatta’. The Times of India
- ↑ Service, Tribune News. Poise, passion & perseverance. Tribuneindia News Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুবিনা বাজৱা” প্ৰবন্ধৰ সংশোধন ৬৩০৬৯১ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।