অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিঘাত চুলতানা‌

নিঘাত চুলতানা আছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী। তেওঁ উৰ্দু আৰু পঞ্জাবী দুয়োটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু চান মাহী, উমৰ মাৰভী, সাত লাখ, ইনছাফ, ইনছান বদলতা হ্যায়, নীন্দ, দিল মেৰা ধড়কন তেৰী, আফসানা জিন্দেগী কা আৰু কভি আলবিদা না কেহনা চলচ্চিত্ৰসমূহত অভিনয়ৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নিঘাত চুলতানা আছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী।১ তেওঁ উৰ্দু ভাষা আৰু পঞ্জাবী ভাষা দুয়োটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু চান মাহী, উমৰ মাৰভী, সাত লাখ, ইনছাফ, ইনছান বদলতা হ্যায়, নীন্দ, দিল মেৰা ধড়কন তেৰী, আফসানা জিন্দেগী কা আৰু কভি আলবিদা না কেহনা চলচ্চিত্ৰসমূহত অভিনয়ৰ বাবে পৰিচিত আছিল।২

প্ৰাৰম্ভিক জীৱন

নিঘাতৰ পিতৃ হাছান আলী এজন বঙালী পৰিয়ালৰ আছিল, যি সেনাবাহিনীত কৰ্মৰত আছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁক ইৰাকলৈ প্ৰেৰণ কৰা হৈছিল; তাত তেওঁ এগৰাকী ইৰাকী কুৰ্দ মহিলাক বিয়া কৰিছিল।১ নিঘাতৰ জন্ম ১৯৩৫ চনত খুৰ্দিস্তান, ইৰাকত হৈছিল।১ যেতিয়া নিঘাতৰ বয়স ১৪ বছৰ হৈছিল, তেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে ইৰাক এৰি পাকিস্তানৰ কৰাচীত স্থায়ীভাৱে বাস কৰিবলৈ গৈছিল।

নিঘাতৰ পিতৃয়ে তেওঁ চিকিৎসক হ’ব বুলি আশা কৰিছিল। তেওঁ নাৰ্চিং অধ্যয়ন কৰি এগৰাকী নাৰ্ছ হৈছিল আৰু চলচ্চিত্ৰ জগতত যোগ দিয়াৰ আগতে সেনা চিকিৎসালয়ত কৰ্ম কৰিছিল। কিছুসময় পিছত তেওঁৰ পিতৃ হাছান আলী গুৰুতৰ ৰোগত আক্ৰান্ত হৈ দৃষ্টিহীন হৈ পৰে। নিঘাত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰে, কিন্তু উপাৰ্জিত ধন পৰ্যাপ্ত নাছিল, সেয়েহে তেওঁ অভিনেত্ৰী হোৱাৰ আশাৰে লাহোৰলৈ যাবলৈ সিদ্ধান্ত লয়।১

১৯৫৩ চনত নিঘাতে লাহোৰলৈ গৈছিল আৰু তাত পৰিচালক আচলাম ইৰাণীৰ সৈতে সাক্ষাৎ কৰে। তেওঁ নিঘাতক তেওঁৰ চলচ্চিত্ৰ তাৰ্ৰাপত অভিনয়ৰ সুযোগ দিয়ে, য’ত সুধীৰ, শাম্মী আৰু আল্লাউদ্দিন অভিনয় কৰিছিল।৩

কেৰিয়াৰ

তেওঁ ১৯৫৩ চনত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।৪ তেওঁ পাসবান, নূৰান, তেৰে বাঘৈৰ, ইনছাফ, তমন্না, ৰাহগুজৰ আৰু মিট্টি দিআঁ মূৰ্তান চলচ্চিত্ৰসমূহত অভিনয় কৰে।৫ ১৯৬২ চনত ৰিয়াজ শাহীদ পৰিচালিত সুসৰাল চলচ্চিত্ৰত লাহোৰৰ প্ৰাচীৰবেষ্টিত চহৰৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী শাৰীৰিকভাৱে অক্ষম মহিলাৰ ভূমিকাত অভিনয় কৰি তেওঁ সমালোচনামূলক প্ৰশংসা লাভ কৰে।৬ তাৰ পিছত তেওঁ নিজৰ নাম নিঘাত চুলতানা ৰাখে আৰু পাছলৈ পাযেব, কোহ-এ-নূৰ, আফশান, সালগিৰা, জৈসে জান্তে নহীঁ আৰু আফসানা জিন্দেগী কা চলচ্চিত্ৰসমূহত অভিনয় কৰে।৭ ১৯৫৬ চনত তেওঁ দেশখনৰ প্ৰথম সিন্ধী ভাষাৰ চলচ্চিত্ৰ উমৰ মাৰভীত মুখ্য চৰিত্ৰত অভিনয় কৰে।৮ তাৰ পিছত তেওঁ জঞ্জীৰ, বেগুনাহ, সুখ কা সপ্না, লাখপতি, জান-এ-বাহাৰ আৰু শেহবাজ চলচ্চিত্ৰসমূহত অভিনয় কৰে।৯

ব্যক্তিগত জীৱন

তেওঁ নীন্দ চলচ্চিত্ৰৰ পিছত পৰিচালক হাছান তাৰিকক বিয়া কৰিছিল, যদিও তেওঁলোক প্ৰথমে সাত লাখ চলচ্চিত্ৰৰ চেটত লগ পাইছিল, য’ত তেওঁ মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।১০ তেওঁৰ হাছান তাৰিকৰ সৈতে দুটা সন্তান আছিল—এজন পুত্ৰ তাহিৰ হাছান আৰু এগৰাকী কন্যা অভিনেত্ৰী ৰীনা। পিছলৈ হাসান তাৰিকে তেওঁক বিবাহ বিচ্ছেদ দিয়ে আৰু তেওঁ নিজৰ সন্তানসকলৰ হেফাজত লাভ কৰে।১১

মৃত্যু

নিঘাত চুলতানাই ২০০২ চনৰ ১৬ ডিচেম্বৰত কৰাচীত নিজ গৃহত মৃত্যুবৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ (2 April 2021). Nighat Sultana. Cineplot.com website
  2. ↑ Gazdar, Mushtaq. (1997). Pakistan Cinema, 1947-1997. Oxford University Press. পৃ. 286. ISBN 0-19-577817-0
  3. ↑ (12 February 2021). Nighat Sultana. Cineplot.com
  4. ↑ (12 August 2021). Journey of films: the bygone days. Dawn News
  5. ↑ (8 March 2022). Tribute to Riaz Shahid. The News International
  6. ↑ (10 December 2021). ہر گھر کی کہانی فلم "سسرال". Daily Jang News
  7. ↑ (23 September 2021). فلم اندسٹری کے نشیب و فراز۔۔!!. Daily Jang News
  8. ↑ Peerzada Salman. (19 April 2015). Journey of films: the bygone days. Dawn (newspaper)
  9. ↑ Illustrated Weekly of Pakistan, Volume 20, Issues 14-26. Pakistan Herald Publications. পৃ. 36
  10. ↑ (16 October 2021). QUIZ-O-MANIA: Better Half. Dawn News
  11. ↑ (24 January 2021). وہ فلمی اداکارائیں جنہوں نے ہدایت کاروں سے شادی کی. Daily Jang News

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিঘাত চুলতানা‌” প্ৰবন্ধৰ সংশোধন ৫৮৪৪৯৬ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।