ইহানা ঢিল্লোন এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে পঞ্জাবী ভাষা আৰু হিন্দী ভাষা দুয়োটা চলচ্চিত্ৰ উদ্যোগতে সক্ৰিয় হৈ আছে।১২ ২০১৮ চনত হেট ষ্ট'ৰী ৪ ছবিৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে।৩ তেওঁৰ বহুভাষিক দক্ষতাই তেওঁক ডেডী কুল মুণ্ডে ফুল (২০১৩) আৰু ঠগ লাইফ (২০১৭)ৰ দৰে পঞ্জাবী চলচ্চিত্ৰত সফলতা লাভ কৰাত সহায় কৰিছে। শেহতীয়াকৈ তেওঁ ৰাধে (২০২১) ছবিত অভিনয় কৰিছে আৰু ২০২৩ চনত স্মীপ কাঙৰ ছবি গোল গাপ্পেত অভিনয় কৰিছে।
কৰ্মজীৱন
শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ আটলাণ্টাৰ হোটেল ক্ৰাউন প্লাজাত কাম কৰিছিল, য’ত তেওঁৰ চেহেৰাই এটা মডেলিং সংস্থাৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁলোকে তেওঁক এটা কামৰ প্ৰস্তাৱ দিছিল।
২০১৩ চনত ডেডী কুল মুণ্ডে ফুল ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এই ছবিখনত মাকৰ ইচ্ছা আৰু মংগলৰ বাবে চিন্তা কৰা এগৰাকী সৰু চহৰৰ ছোৱালী 'মিনকী'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পঞ্জাবী চলচ্চিত্ৰ জগতত চিনাকি লাভ কৰে।
তেওঁৰ পৰৱৰ্তী চৰিত্ৰটো আছিল ছিপ্পী গিল অভিনীত ছবি টাইগাৰ (২০১৬)। ইয়াত তেওঁ কানাডাৰ এগৰাকী সাংবাদিক 'একুম খান্না'ৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে নিচাসক্ত পুৰুষৰ সৈতে মহিলাসকলে কেনেকৈ মোকাবিলা কৰে সেই বিষয়ে জানিবলৈ জংপুৰালৈ আহে।
ঠগ লাইফ ছবিত তেওঁ 'ৰুচী' নামৰ এগৰাকী সংগ্ৰামী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে পিছলৈ তিনিজনীয়া পুৰুষৰ এটা দলৰ সৈতে ঠগবাজ হৈ পৰে।
২০১৮ চনত বিশাল পাণ্ডিয়াৰ পৰিচালনাত নিৰ্মিত ছবি হেট ষ্ট'ৰী ৪ৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে। এই ছবিখনত তেওঁ 'ৰিশ্মা'ৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁৰ সৈতে উৰ্বশী ৰাউটেলা, বিভান ভাটেনা আৰু কৰণ ৱাহীয়ে অভিনয় কৰিছিল।
বৰ্তমান ঢিল্লোন পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। ২০১৯ চনত তেওঁ পঞ্জাবী ছবি ব্লেকিয়াত অভিনয় কৰিছিল, যিখন ছবিয়ে পিটিচি পঞ্জাবী ফিল্ম এৱাৰ্ডছ ২০২০ ত শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হৈছিল।৪
২০২০ চনৰ জুন মাহত ঢিল্লোনে উল্লু অৰিজিনেল ৱেব চিৰিজ কাছাকৰ জৰিয়তে হিন্দী ডিজিটেল জগতত আত্মপ্ৰকাশ কৰে। ২০২০ চনত তেওঁ ৪টা গীতত অভিনয় কৰিছিল, যাৰ ভিতৰত দুটা পঞ্জাবী গীত (বাৰিশ্ব আৰু খাছ) আৰু দুটা হিন্দী গীত (মেৰী আশিকী আৰু বেৱফা তেৰা মাছুম চেহৰা)।
২০২১ চনত ঢিল্লোনৰ কেইবাখনো ছবি মুক্তি পাইছিল। মে’ মাহত জি ৫-ত মুক্তি পোৱা ছালমান খান অভিনীত ৰাধে আৰু ১৩ আগষ্টত ডিজনী+ হটষ্টাৰত মুক্তি পোৱা ভুজ: দ্য প্ৰাইড অফ ইণ্ডিয়া।
২০২২ চনৰ ২৫ আগষ্টত ছবিগৃহত মুক্তি পোৱা পঞ্জাবী ছবি ভূত আংকল তুচী গ্ৰেট হোত তেওঁ ৰাজ বব্বৰ আৰু জয়া প্ৰদাৰ সৈতে অভিনয় কৰিছিল।
বাহ্যিক সংযোগ
- ইহানা ঢিল্লোনৰ ইনষ্টাগ্ৰাম একাউণ্ট
তথ্যসূত্ৰ
- ↑ Fernandes, Sandra Marina. (14 September 2017). People seek more content these days, says actress Ihana Dhillon. The Times of India
- ↑ Kukreja, Monika Rawal. (9 September 2017). Hate Story 4 actor Ihana Dhillon: We are not trying to sell sex but nobody will believe. Hindustan Times
- ↑ (27 August 2017). Punjabi actress Ihana Dhillon joins 'Hate Story 4'. The Times of India
- ↑ Kapoor, Diksha. (2 June 2020). TC Punjabi Film Awards 2020: Here's The Full List Of Nominations. PTC Punjabi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইহানা ঢিল্লোন” প্ৰবন্ধৰ সংশোধন ৫৯২৭০৫ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।