নেপালৰ সংস্কৃতি
৫০ প্ৰবন্ধ
-
ডাফা সংগীত
ডাফা সংগীত নেপালৰ এক নেৱা কলা য'ত গায়ক আৰু সংগীতজ্ঞসকলে শাস্ত্ৰীয় ৰাগ আৰু তাল ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ভক্তিমূলক সংগীত পৰিৱেশন কৰে। ডাবু নামৰ ঠাইত ডাফা খলাহ নামৰ সংগীতজ্ঞৰ দল এটাই এই সংগীত পৰিৱেশন কৰে। ডাফা নেপালৰ আটাইতকৈ পুৰণি আৰু এতিয়ালৈকে বৰ্তি থকা ভক্তি সংগীত, ইয়াৰ উৎপত্তি ১৭ শতিকাত।
-
ডোকো
ডোকো (डोको ) বাঁহৰপৰা তৈয়াৰী একপ্ৰকাৰৰ টোপোলা। ইয়াক শংকু বা "V" আকৃতিত হাতেৰে বোৱা হয়। বিশেষকৈ নেপাল, ভূটান আৰু উত্তৰ ভাৰতৰ পাহাৰীয়া ছিকিম আৰু উত্তৰাখণ্ড ৰাজ্যত সামগ্ৰী কঢ়িয়াই নিবলৈ পৰ্টাৰে ডোকো ব্যৱহাৰ কৰে।
-
দেউচি/ভৈলো
ভৈলো আৰু দেউচি হৈছে পৰম্পৰাগত নেপালী লোকগীত, যাক সামূহিকভাৱে দেউচি/ভৈলো নামেৰে জনা যায়। এই লোকগীতসমূহ তিহাৰ উৎসৱৰ সময়ত গোৱা হয়। নেপালৰ লগতে ভাৰতৰ দাৰ্জিলিং পাহাৰ, ছিক্কিম, অসম আৰু আন কিছুমান অঞ্চলতো প্ৰবাসী গোৰ্খালীসকলৰ মাজত ইয়াৰ প্ৰচলন দেখা যায়।
-
দেউদা নৃত্য
দেউডা নৃত্য বা দেউডা খেল নেপালৰ খাছ সম্প্ৰদায়ৰপৰা অহা আৰু নেপালৰ সুদূৰপশ্চিম আৰু কৰ্ণালী প্ৰদেশৰ লগতে ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাউন সংমণ্ডলত পৰিৱেশন কৰা গীত আৰু নৃত্যৰ এটা নেপালী ধাৰা। ইয়াত ইজনে সিজনৰ হাতত ধৰি বৃত্তাকাৰে দেউডা গীত গাই নৃত্য পৰিৱেশন কৰা হয়।
-
দোহোৰী
দোহোৰী (दोहोरी) নেপালৰ এক প্ৰকাৰৰ লোকসংগীত। সাধাৰণতে এটা মহিলা আৰু এটা পুৰুষৰ দুটা দলে মিলি গোৱা ই এক নেপালী বৈশিষ্ট্যৰ সংগীত। এই গীতত প্ৰশ্ন আৰু উত্তৰৰ ৰূপত গীতটো গোৱা হয়।
-
নেপাল মণ্ডল
নেপাল মণ্ডল (नेपाल मण्डल) হৈছে নেপালৰ এটা ঐতিহাসিক সংস্কৃতিক আৰু ৰাজনৈতিক অঞ্চল। ই প্ৰাচীনকালত নেপালক বিভিন্ন অঞ্চলত বিভক্ত কৰা ভূগোলিক ধাৰণাসমূহৰ ভিতৰত অন্যতম আছিল। নেপাল মণ্ডলৰ প্ৰধান অংশ আছিল “পূৰ্বাঞ্চল”, “মধ্যাঞ্চল” আৰু “পশ্চিমাঞ্চল”, যিসমূহ পুনৰ “মণ্ডল” নামৰ উপাঞ্চলসমূহত বিভক্ত আছিল।
-
নেপালৰ সংস্কৃতি
নেপালৰ সংস্কৃতিয়ে নেপালত উপস্থিত ১২৫টা সুকীয়া জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সংস্কৃতিক সামৰি লৈছে। নেপালৰ সংস্কৃতি সংগীত আৰু নৃত্যৰ জৰিয়তে প্ৰকাশ পায়; শিল্প আৰু শিল্পকলা; লোককথা; ভাষা আৰু সাহিত্য; দৰ্শন আৰু ধৰ্ম; উৎসৱ আৰু উদ্যাপন; খাদ্য আৰু পানীয়।
-
নেৱাৰ শিল্পকলা
নেৱাৰ শিল্পকলা নেৱাৰ সম্প্ৰদায়ৰ মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা শিল্পকলা। এই চিত্ৰ শিল্পকলাৰ ভিতৰত আছে: * পৌভা দেৱাল চিত্ৰ (murals) মন্দিৰৰ দেৱালত চিত্ৰ অংকন পাণ্ডুলিপিৰ চিত্ৰকল্প তাম আৰু পিতলৰ ভাস্কৰ্য শিলৰ ভাস্কৰ্য কাঠৰ ভাস্কৰ্য
-
নেৱাৰসকলৰ জাতীয় সাজ
নেৱাৰসকলৰ জাতীয় সাজ বুলিলে নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ খিলঞ্জীয়া নেৱাৰ লোকসকলে পৰিধান কৰা দৈনন্দিন কাপোৰক বুজায়। পুৰণি অভিজাত শ্ৰেণী, ব্যৱসায়ী, কৃষক, শিল্পী আৰু পেছাদাৰী লোকৰ সৈতে এই কাপোৰৰ সম্পৰ্ক আছে। বেছিভাগ কাপোৰেই ঘৰতে তৈয়াৰ কৰা হৈছিল।
-
ন্বাৰন
ন্বাৰন (কেতিয়াবা নুৱাৰন বা নামকৰণ) নেপালত উদযাপিত শিশুৰ নামকৰণ অনুষ্ঠান। হিন্দু পৰম্পৰাত ল'ৰা-ছোৱালী উভয়ৰে জন্মৰ ১১ তাৰিখে ন্বাৰন পালন কৰা হয়। এই অনুষ্ঠানটো শিশুটিক তেওঁলোকৰ চন্দ্ৰ ৰাশিফলৰ ওপৰত ভিত্তি কৰি জন্মৰ নাম দিবলৈ কৰা হয়, যিটো সাধাৰণতে তেওঁলোকক জনা নাম নহয়।
-
পঞ্চৈবাজা
পঞ্চৈবাজা হৈছে নেপালৰ পৰম্পৰাগত সংগীত যন্ত্ৰৰ সমষ্টি। সাধাৰণতে বিবাহ, পূজা-পাৰ্বণ, শোভাযাত্ৰা আদি ধৰ্মীয় অনুষ্ঠানত এই বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয়। নেপালী সমাজত এই বাদ্যযন্ত্ৰসমূহ মূলত দামাই আৰু গাইনে জাতিৰ সংগীতজ্ঞসকলে বজায়।
-
ভূত মেলা (নেপাল)
ভূত মেলা (নেপালী: भुतमेला) নেপালৰ ছিৰাহা জিলাৰ কমলা নদীৰ তীৰত কাৰ্তিক মাহৰ (অক্টোবৰ/নৱেম্বৰ) পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত উৎসৱ। এই উৎসৱত ওজাসকলে নিজৰ পৰিয়ালৰ দেৱতাৰ দ্বাৰা, বা নিজৰ গাঁৱৰ দুষ্ট লোকৰ দ্বাৰা হোৱা যিকোনো ৰোগ তান্ত্ৰিক শক্তি ব্যৱহাৰ কৰি নিৰাময় কৰে।
-
ভূমি নাচ
ভূমি নাচ (বাল পূজা, নামকা পৰ্ব, লোকবাংগে, জ্যামক্ৰি ৰ বাল্কা আৰু বুল্কু বুলিও জনা যায়) নেপালৰ লুম্বিনি প্ৰদেশৰ খাম মগৰ লোকসকলে পালন কৰা অন্যতম উৎসৱ। ভূমি শব্দ নেপালী ভাষাত “ভূমে’’ যাৰ অৰ্থ ‘পৃথিৱী’ আৰু নাচৰ অৰ্থ ‘নৃত্য’।
-
ভৈৰৱ নাচ
ভৈৰৱৰ নৃত্য বা ভৈৰৱ প্যানখান নেপালৰ পোখাৰা উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে ভৈৰৱ যাত্ৰা উৎসৱৰ অংশ হিচাপে পৰিৱেশন কৰা আৰু শিৱৰ আন এটা নাম ভৈৰৱৰ নামেৰে নামকৰণ কৰা মুখা পিন্ধি কৰা এক প্ৰাচীন নৃত্য।
-
মুৰ্কট্টা
মুৰ্কট্টা (নেপালী: मुर्कट्टा, ইংৰাজী: Murkatta) চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থকা এবিধ মুণ্ডহীন ভূত। বিভিন্ন নেপালী সংস্কৃতি আৰু পৰম্পৰাত মুৰ্কত্তৰ বিষয়ে উল্লেখ আছে। ইহঁতক মৃত্যুৰ পৰা অহা আত্মা হিচাপে গণ্য কৰা হয়।
-
য়োমাৰী পুন্হী
য়োমাৰী পুন্হী (Yomari Punhi) হৈছে শস্য (ধান) চপোৱাৰ অন্ত পৰাৰ উপলক্ষে নেৱাৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰা এটি উৎসৱ। ইংৰাজী বৰ্ষপঞ্জীৰ নৱেম্বৰ/ডিচেম্বৰ মাহত আৰু চান্দ্ৰ নেপাল সংবৎ-ৰ দ্বিতীয় মাহ থিংলাৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়।
-
সংগিনী নৃত্য
সাংগিনী Sangini নেপালী মহিলাসকলে তেওঁলোকৰ ধৰ্মীয় উৎসৱ তিহাৰ আৰু তীজ উপলক্ষে পৰিৱেশন কৰা এক বিশেষ ধৰণৰ গীত আৰু নৃত্য। ইয়াৰ উৎপত্তি নেপালৰ পাহাৰীয়া অঞ্চলত আৰু ইয়াক নেপাল আৰু ভাৰতৰ লগতে ভূটানৰ কিছু অংশত বাস কৰি অহা নেপালী মহিলাসকলে পৰিৱেশন কৰে।
-
সিলু (গীত)
সিলু (নেপাল ভাষা: 𑐳𑐶𑐮𑐸 আৰু দেৱনাগৰী:सिलु) কাঠমাণ্ডুৰ এহাল দম্পতীয়ে সিলুলৈ তীৰ্থযাত্ৰা কৰাৰ সময়ত বিচ্ছেদ ঘটা এটা ঘটনাৰ আলমত ৰচিত এটা পৰম্পৰাগত নেপালী গীত। ১৫ শতিকাৰ আৰম্ভণিৰ পৰা নেপাল ভাষাত বেলাড বা মালিতাৰ প্ৰচলন হৈছিল।
-
ৰাজমতী (গীত)
ৰাজমতী (নেপালী: राजमति) এক বিফল প্ৰেমৰ সন্ধানৰ বিষয়ে লিখা এটা পৰম্পৰাগত নেপালী বেলাড, আৰু ই নেপালৰ নেৱাৰ সমাজৰ আটাইতকৈ পৰিচিত গীত। সেতুৰামৰ দ্বাৰা লিখা এই গীতটো ১৯০৮ চনত ৰচনা কৰা হৈছিল।
-
ৰাটো মচ্ছিন্দ্ৰনাথ যাত্ৰা
ৰাটো মচ্ছিন্দ্ৰনাথ যাত্ৰা, (रातो मच्छिन्द्रनाथको रथयात्रा) বুংগা দ্যাঃ যাত্ৰা নামেৰেও জনাজাত যাত্ৰা হৈছে নেপালৰ ললিতপুৰত অনুষ্ঠিত হোৱা নেপালী ৰথ উৎসৱ। মহানগৰীৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান আৰু দেশৰ ভিতৰতে পালন কৰা আটাইতকৈ দীঘলীয়া ৰথ উৎসৱ।