দীপ্তি ওমচেৰী ভল্লা, জন্ম ১৯৫৭ চন, দিল্লী বিশ্ববিদ্যালয়ৰ সংগীত আৰু চাৰু-কলা অনুষদৰ কৰ্ণাটকী সংগীতৰ অধ্যাপিকা আৰু এগৰাকী মোহিনীঅট্টম নৃত্যশিল্পী।১
শিক্ষা
ভল্লাই ১৯৫৭ চনত দিল্লীত জন্মগ্ৰহণ কৰিছিল।২
তেওঁক নৃত্য আৰু গায়কীৰ প্ৰশিক্ষণ দিছিল তেওঁৰ মাতৃ লীলা ওমচেৰীয়ে, যি নিজেই এগৰাকী কৰ্ণাটকী সংগীত শিল্পী আছিল।৩ ভল্লাই কালমণ্ডলম কল্যাণিকুট্টী আম্মাৰ পৰা কেৰালাৰ মহিলা শাস্ত্ৰীয় একক নৃত্য মোহিনিয়াট্টম শিকিছিল।
ভল্লাই দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি কৰ্ণাটকী সংগীতত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি লাভ কৰে।১২
কেৰিয়াৰ
ভল্লাই দিল্লীৰ সাহিত্য কলা পৰিষদত সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ ১৯৮৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হয়। ১৯৯৫ চনত সহযোগী অধ্যাপিকা আৰু ১৯৯৬ চনত অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে।১
তেওঁৰ গৱেষণা কেৰালাৰ সংগীত আৰু নৃত্যৰ ওপৰত কেন্দ্ৰ কৰি কৰা হৈছিল।৪
বঁটা
২০০৬ চনত তেওঁ কেৰালা সংগীত নাটক অকাডেমী বঁটা৫ আৰু ২০০৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।৬
তথ্যসূত্ৰ
- ↑ Deepti Bhalla. music.du.ac.in
- ↑ DEEPTI OMCHERY BHALLA Akademi Award: Mohiniattam. Sangeet Natak Akademi
- ↑ Dr. Deepti Omchery Bhalla. heritageindia.org
- ↑ Nagarajan, Saraswathy. (2016-11-24). One step ahead. The Hindu
- ↑ Kerala Sangeetha Nataka Akademi Award: Dance. keralaculture.org. Department of Cultural Affairs, Government of Kerala
- ↑ (2016). SNA Awardees' List. Sangeet Natak Akademi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তি ওমচেৰী ভল্লা” প্ৰবন্ধৰ সংশোধন ৬২৫৫১৫ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।