অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাণ্টাল গুণ্ডাং

চাণ্টাল গুণ্ডাং (ইংৰাজী: Chantal Gondang) এগৰাকী কেমেৰুণীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, নৃত্য শিক্ষক আৰু শৈল্পিক পৰিচালক।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চাণ্টাল গুণ্ডাং (ইংৰাজী ভাষা: Chantal Gondang) এগৰাকী কেমেৰুণীয় নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, নৃত্য শিক্ষক আৰু শৈল্পিক পৰিচালক।

জীৱনী

গুণ্ডাঙৰ জন্ম কেমেৰুণত হৈছিল। তেওঁ ১৮ বছৰ বয়সত অৰ্থাৎ ১৯৮২ চনত ফ্ৰান্সত বসতি স্থাপন কৰিছিল। পৰিয়ালে তেওঁক এগৰাকী চিকিৎসক বা অভিযন্তা হিচাপে চাব বিচাৰিছিল যদিও তেওঁ এগৰাকী নৃত্যশিল্পী হিচাপে কেৰিয়াৰ গঢ়িবলৈ ফ্ৰান্সলৈ গুচি গৈছিল।১ ফ্ৰান্সত গুণ্ডাঙে 'হাউচ অফ ইউথ এণ্ড কালচাৰ্ছ'ত প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু বেলে, জাজ আৰু লেটিন নৃত্য শৈলীৰ অধ্যয়ন কৰে।১ পিটাৰ গছে তেওঁক সমসাময়িক নৃত্যৰ (Contemporary dance) সৈতে চিনাকি কৰাই দিছিল।২ তেওঁ এফ্ৰো-সমসাময়িক নৃত্য শৈলী সৃষ্টি কৰিবলৈ পৰম্পৰাগত লোকনৃত্যৰপৰা অনুপ্ৰাণিত হয়।২৩

১৯৮৯ চনৰপৰা গুণ্ডাঙে ফ্ৰান্সৰ পেৰিছৰ বিদ্যালয়বোৰত নৃত্য শিক্ষা প্ৰদান কৰিছিল।২৪ ২০০১ চনৰ এপ্ৰিল মাহত তেওঁ চাণ্টাল গুণ্ডাং কোম্পানী প্ৰতিষ্ঠা কৰে,৫ য’ত তেওঁ কৰিঅ’গ্ৰাফাৰ আৰু শৈল্পিক পৰিচালক হিচাপে কাম কৰে। ইয়াৰ পিছতে তেওঁ কেমেৰুণ আৰু ফ্ৰান্সৰ মাজত নৃত্যৰ আদান-প্ৰদান আৰম্ভ কৰে।২ ২০০৪ চনৰপৰা গুণ্ডাঙে ইল-ডি-ফ্ৰান্সৰ লে প্লেচিছ-ট্ৰেভিজত ছানাগা নৃত্য বিদ্যালয় পৰিচালনা কৰিছিল।২৩

২০১৩ চনত কেমেৰুণলৈ উভতি অহাৰ পাছত,৬ গুণ্ডাঙে কেমেৰুণৰ ডুৱালাত নিজৰ নৃত্য কোম্পানী স্থাপন কৰে।৫ তেওঁৰ কোম্পানীয়ে জাৰ্মানীৰ মিউনিকত থকা গ্যেটে ইনষ্টিটিউট; পোলেণ্ডৰ ইউৰোপীয় সমসাময়িক নৃত্য মহোৎসৱ; ফ্ৰান্সৰ মণ্টপেলিয়াৰত ইউৰো-আফ্ৰিকা বিয়েনাল; ফ্ৰান্সৰ 'কাৰ্টুচেৰী ডি পেৰিছ' আৰু ডুৱালাৰ গ্যালৰী এমএএম-ত অনুষ্ঠান পৰিৱেশন কৰিছে।২

২০১৪ চনত গুণ্ডাঙে আফ্ৰিকান আমেৰিকান গায়ক-গীতিকাৰ আৰু নাগৰিক অধিকাৰ কৰ্মী নিনা চিমোনৰদ্বাৰা অনুপ্ৰাণিত এটা অনুষ্ঠানত কাম কৰিছিল।৬

২০১৯ চনত গুণ্ডাঙে মিউজিকেল কমেডী Les coépouses (সহ-পত্নীসকল) পৰিচালনা কৰে, যিয়ে বিগনা গাঁৱৰ মাগৱে নামৰ এগৰাকী বিধৱা মাতৃ আৰু তেওঁৰ পুত্ৰ এনচেৰ কাহিনী বৰ্ণনা কৰে। মাগৱেই এনচেৰ ওপৰত চাৰিগৰাকী সহ-পত্নী জাপি দিবলৈ চেষ্টা কৰে, কিন্তু এনচে কেটুৰা নামৰ এগৰাকী বিদ্ৰোহী ছোৱালীৰ প্ৰেমত পৰে। কাহিনীটো আধুনিক নৃত্যৰ সৈতে মিহলি কেমেৰুণৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাগত নৃত্যৰ জৰিয়তে উপস্থাপন কৰা হৈছে।৫

২০২১ চনত গুণ্ডাঙে ডুৱালাৰ ফ্ৰেন্স ইনষ্টিটিউটত "Le Cri du Silence" (নীৰৱতাৰ চিঞৰ) উপস্থাপন কৰে। এই প্ৰদৰ্শনীত পুৰুষৰ বিৰুদ্ধে হোৱা হিংসাৰ মানসিক, যৌন আৰু আৰ্থ-সামাজিক প্ৰভাৱৰ বিষয়ে অন্বেষণ কৰা হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ Ngamo, Mathias Mouendé. (2017-09-03). Chantal Gondang: 25 ans de danse et de passion. Douala Today
  2. ↑ Opening evening of the Euro-Africa Biennale - Dance performance Here and elsewhere. Biennale Euro-Africa
  3. ↑ Onana, Bertin. (2013-04-11). La compagnie Chantal Gondang en spectacle de danse contemporaine. Journal du Cameroun
  4. ↑ Ici Ailleurs. Théâtre de la ville de Paris
  5. ↑ Nsangou, Ayouba. (2019-05-13). Culture: Quand « Les coépouses » s’expriment en chantant!. Afrikinfo
  6. ↑ (2016-04-12). L’insolite selon Chantal Gondang. CamerounWeb
  7. ↑ Danse: "Le Cri du Silence" de la Compagnie Chantal Gondang à l'Institut Français de Douala le 12 Mars 2021. Showbook Africa

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাণ্টাল গুণ্ডাং” প্ৰবন্ধৰ সংশোধন ৫৮৭২৫৩ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।