দৰ্শন
৭৯ প্ৰবন্ধ
-
আত্মবাদ
আত্মবাদ হ'ল যিকোনো দৰ্শন, তত্ত্ব, মতবাদ বা প্ৰৱণতাক বাঞ্ছনীয় বুলি স্পষ্টভাৱে স্বাৰ্থপৰ নীতিক সমৰ্থন কৰা। এই শব্দটো সাধাৰণতে অপমানজনকভাৱে ব্যৱহাৰ কৰা হয় ৷
-
উপযোগিতাবাদ
উপযোগিতাবাদ (ইংৰাজী: Utilitarianism) হৈছে নীতিশাস্ত্ৰৰ এক প্ৰকাৰৰ তত্ত্ব, যি প্ৰভাৱিত ব্যক্তিসকলৰ সুখ আৰু কল্যাণ সৰ্বাধিক কৰা কাৰ্যসমূহৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থাৎ, উপযোগিতাবাদী চিন্তাধাৰাই সৰ্বাধিক সংখ্যক মানুহৰ বাবে সৰ্বাধিক কল্যাণ সাধন কৰা কাৰ্যক উৎসাহিত কৰে।
-
ঐতিহাসিক বস্তুবাদ
ঐতিহাসিক বস্তুবাদ (ইংৰাজী: ) হৈছে জৰ্মান দাৰ্শনিক আৰু ইতিহাসবিদ কাৰ্ল মাৰ্ক্সৰ আৰু তেওঁৰ সহযোগী ফেডৰিখ এংগেলছে আগবঢ়োৱা ইতিহাসৰ এটা তত্ত্ব। এই তত্ত্ব অনুসৰি মানৱ সমাজৰ সকলো অনুষ্ঠান যেনে ধৰ্ম, চৰকাৰ আদি সমাজৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলাফল।
-
গোলকীয় নাগৰিকত্ব
গোলকীয় নাগৰিকত্ব হৈছে এই ধাৰণা যে ব্যক্তি এজনৰ পৰিচয় ভৌগোলিক বা ৰাজনৈতিক সীমা অতিক্ৰম কৰে আৰু তেওঁৰ দায়িত্ব বা অধিকাৰসমূহ এক বহল শ্ৰেণীৰ, যি হৈছে "মানৱতা", পৰা আহৰণ কৰা হয়।
-
চেতনা প্ৰৱাহ
চেতনা প্ৰৱাহ হ'ল মানুহৰ মনৰ ভিতৰত অবিৰতভাৱে চলি থকা চিন্তা, অনুভৱ, স্মৃতি আৰু সংবেদনৰ এক নিৰৱচ্ছিন্ন সোঁত। আধুনিক মনোবিজ্ঞান আৰু সাহিত্যৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ধাৰণা আৰু কৌশল হিচাপে পৰিগণিত হৈছে।
-
টিউৰিং পৰীক্ষা
টিউৰিং পৰীক্ষা এনে এক পৰীক্ষা যাৰ দ্বাৰা এটা যন্ত্ৰৰ ক্ষমতা কিমান মানৱ-সম অথবা মানৱ-সদৃশ তাৰ পৰীক্ষা কৰা হয়। এলান ট্যুৰিঙে প্ৰস্তাৱ দিয়ে যে এজন মানৱ বিচাৰকে আন এজন মানৱ আৰু এটা মানৱ-সদৃশ বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ মাজৰ সাধাৰণ মানৱীয় ভাষাৰে হোৱা বাৰ্তালাপ বিচাৰ কৰিব।
-
ড্যুডিজম
ড্যুডিজম হৈছে ১৯৯৮ চনত কোয়েন ব্ৰাদাৰ্ছৰ দ্বাৰা নিৰ্মিত বোলছবি “দ্য বিগ লেবৌস্কি”ৰ নায়ক “দ্য ড্যুড” ৰ দ্বাৰা অনুপ্ৰাণিত এক ধৰ্ম, দৰ্শন বা জীৱনশৈলী। ”ড্যুডিজম”ৰ ঘোষিত প্ৰাথমিক উদ্দেশ্য হৈছে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতে চীনৰ লাওজীয়ে টাও তে চিং-ত সূচনা কৰা চীনা টাওবাদৰ এক আধুনিক ৰূপৰ সৈতে প্ৰাচীন গ্ৰীক…
-
দৰ্শনত নাৰী
মহিলাসকলে দৰ্শনৰ ইতিহাস জুৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। প্ৰাচীন যুগৰ মহিলা দাৰ্শনিকসকলৰ ভিতৰত আছিল মৈত্ৰেয়ী (খ্ৰীষ্টপূৰ্ব ১০০০), গাৰ্গী বাচক্নবী (খ্ৰীষ্টপূৰ্ব ৭০০), হিপাৰ্কিয়া অৱ মাৰোনেইয়া (প্ৰায় খ্ৰীষ্টপূৰ্ব ৩২৫ চনৰ সময়ছোৱা) আৰু আৰেটে অৱ চাইৰেন (খ্ৰীষ্টপূৰ্ব পঞ্চম–চতুৰ্থ শতিকাৰ…
-
নব্য কনফুচিয়াছবাদ
নব্য কনফুচিয়াছবাদ (,, প্ৰায়ে lǐxué 理學 বুলি সংক্ষিপ্ত কৰা হয়, আক্ষৰিক অৰ্থত "নীতিৰ বিদ্যালয়") কনফুচিয়াছবাদৰ এক সাংস্কৃতিক পুনৰুত্থান। ই কনফুচিয়াছবাদক এক নৈতিক, সামাজিক আৰু ধৰ্মীয় ব্যৱস্থা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিছিল। ১৩শ শতিকাৰপৰা ১৯শ শতিকালৈকে ই চীনা দৰ্শনত প্ৰধান প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
নাস্তিকৰ বাজি
নাস্তিকৰ বাজি (Atheist's wager) ধাৰণাটো দাৰ্শনিক মাইকেল মাৰ্টিনে জনপ্ৰিয় কৰি তুলিছিল। ১৯৯০ চনত প্ৰকাশিত তেওঁৰ নাস্তিকতা: এক দৰ্শনগত ন্যায্যতা (Atheism: A Philosophical Justification) নামৰ গ্ৰন্থখনত এই বিষয়ে উল্লেখ কৰিছিল।
-
প্ৰাক্-ছক্ৰেটেছীয় দৰ্শন
প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনক (Pre-Socratic philosophy) গ্ৰীক দৰ্শনৰ আৰম্ভণি-কাল বুলিও ক’ব পাৰি। প্ৰাচীন এই গ্ৰীক দৰ্শনটোৰ আৰ্ৱিভাৱ ঘটিছিল ছক্ৰেটিছৰ আগতে। প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিকসকলক ব্ৰহ্মাণ্ড বিজ্ঞান, ব্ৰহ্মাণ্ডৰ আদিমতম অৱস্থা, ব্ৰহ্মাণ্ডৰ পদাৰ্থবোৰে আকৃষ্ট কৰিছিল।
-
প্ৰেমৰ ত্ৰিকোণীয় সূত্ৰ
প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰটো (triangular theory of love) ৰ’বাৰ্ট জেফ্ৰ’ ষ্টাৰ্ণবাৰ্গ (জন্ম ১৯৪৯-) নামৰ মাৰ্কিন মনস্তত্ববিদজনে আগবঢ়োৱা প্ৰেমৰ সূত্ৰ৷ ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ অনুসৰি ব্যক্তিগত প্ৰেমৰ বাবে প্ৰয়োজনীয় উপাদান তিনিটা হৈছে অন্তৰংগতা, শাৰীৰিক আকৰ্ষণ আৰু অংগীকাৰ।
-
ফেনাৰণ
ফেনাৰণ (গ্ৰীক φανερός phaneros "যাক চাব পাৰি" বা "যাক দেখুৱাব পাৰি") হ'ল আমাৰ জ্ঞানেন্দ্ৰীয়সমূহে (দেখা, শুনা আদিৰ দ্বাৰা) আমাক দেখুৱা বাস্তৱ বিশ্বৰ ৰূপ।
-
বাস্তৱতা
বাস্তৱতা হৈছে কল্পনাৰ বিপৰীতে বাস্তৱিক সকলো বস্তুৰ সৰ্বমুঠতা। লগতে এই শব্দটোৱে অন্তৰ্নিহিত বস্তুৰ অৱস্থা আৰু অস্তিত্বক বুজায়। প্ৰকৃত বাস্তৱ বা অস্তিত্ব বা সত্তাৰ বিষয়ে দাৰ্শনিক প্ৰশ্নসমূহ অন্তৰ্নিহিততাবাদৰ অধীনত বিবেচনা কৰা হয়, যিটো পশ্চিমীয়া দাৰ্শনিকসকলৰ মতে আধ্যাত্মিকতাবিজ্ঞানৰ এটা প্ৰধান…
-
ষ্টোইকবাদ
ষ্টোইকবাদ (Stōicismus,; Στωικισμός, ) হ'ল এক দাৰ্শনিক আন্দোলন আৰু জীৱন জীয়াই থকাৰ এক ব্যাৱহাৰিক নিৰ্দেশিকা, যিয়ে দৈনিক আত্ম-অনুশাসন আৰু নৈতিক উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উৎপত্তি প্ৰাচীন গ্ৰীচৰ হেল্লেনীয়া যুগত হৈছিল আৰু ৰোমীয়া সাম্ৰাজ্যৰ যুগত ই ব্যাপকভাৱে প্ৰসাৰিত হৈছিল।
-
সপোন (হিন্দু দৰ্শন অনুসৰি)
সপোন বা স্বপ্ন (সংস্কৃত: स्वप्न) হিন্দু দৰ্শন অনুসৰি চেতনাৰ এটা অৱস্থা। মানুহে টোপনিৰ মাজত সপোন দেখে। এই ধাৰণাটোৰ ভিতৰত ই বিশেষকৈ চেতনাৰ এনে অৱস্থাক বুজায় য'ত বাহ্যিক বিশ্বব্ৰহ্মাণ্ডক অনুভৱ কৰিব নোৱাৰা সপোন দেখাই দিনৰ স্মৃতিৰ কল্পনা আৰু সচেতন কাৰ্য্যকলাপ (বৃত্তি) প্ৰতিফলিত কৰা সপোনৰ জগতখনৰ…
-
সেৱা (ভাৰতীয় দৰ্শন)
হিন্দু আৰু শিখ ধৰ্মত সেৱা হৈছে নিস্বাৰ্থভাৱে কৰা কামৰ এক ধাৰণা যিটো সম্পন্ন কৰাৰ বাবে কোনো ফলাফল বা বঁটাৰ আশা নহয়। এনে সেৱা আন মানুহ বা সমাজৰ উপকাৰৰ বাবে সম্পাদন কৰিব পাৰি।
-
স্বইচ্ছা
স্বইচ্ছা (free will) হ'ল বিভিন্ন সম্ভাব্য ঘটনাৰ মাজৰ পৰা অবাধে কোনো বাহিৰা প্ৰভাৱ নোহোৱাকৈ যিকোনো এটিক নিৰ্বাচন কৰিব পৰা ক্ষমতা। ইয়াক স্বাধীন ইচ্ছা, নিজ ইচ্ছা, মুক্ত চিত্ত, স্বাধীন চিত, স্বাধীন মন, আপোন খুচি অথবা মুক্ত কৰ্মও বুলিব পাৰি।
-
হাৰ্ছান্যিৰ উপযোগিতাবাদী উপপাদ্য
অৰ্থনীতি আৰু দৰ্শনত হাৰ্ছান্যি উপযোগিতাবাদী উপপাদ্যৰ মতে, সামাজিক কল্যাণ ফলন সমাজ এখনৰ প্ৰত্যেক ব্যক্তিৰ ব্যক্তিগত উপযোগিতা ফলনৰ ভাৰিত সমান্তৰ মাধ্য, যদিহে কিছু বিশেষ চৰ্ত পূৰ্ণ হয়।