দেৱ-দেৱী
১০০ প্ৰবন্ধ
-
ওৱাক
ওৱাক (ওৱক বা ওৱাকাও) অৰোমো আৰু ছোমালি ভাষাকে ধৰি কেইবাটাও কুছিটিক ভাষাত কোৱা আকাশ ঈশ্বৰৰ নাম। ওৱাকা (অৰোমো উচ্চাৰণ: [waːkʼa])ৰ অৰ্থ বৰ্তমানৰ অৰোমো ভাষাত এতিয়াও 'ঈশ্বৰ'।
-
কাবাগুইল
মায়া পৌৰাণিক কাহিনীত কাবাগুইল (আক্ষৰিক অৰ্থত 'আকাশৰ হৃদয়') আছিল এজন সৌৰ দেৱতা যিয়ে মানুহৰ সৃষ্টিত সহায় কৰিছিল।
-
কিয়াণ্ডা
কিয়াণ্ডা বা ডাণ্ডালুণ্ডা হৈছে সাগৰ আৰু পানীৰ দেৱী আৰু পৰম্পৰাগত এংগোলা সংস্কৃতিৰ মাছমৰীয়াসকলৰ ৰক্ষক।
-
কুনাপিপি
কুনাপিপি বা গুণাবিবি বুলিও কোৱা হয়,(অৰ্থ 'গৰ্ভ') এগৰাকী সৃষ্টিকৰ্তা দেৱী আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ অঞ্চলৰ আদিবাসী পৌৰাণিক কাহিনীৰ লোককথাত বহু বীৰক পৃষ্ঠপোষকতা কৰা দেৱী হিচাপে মান্যতা দিয়া হৈছে।
-
গাবিজা (দেৱী)
গাবিজা বা গাবিয়েটা বা গাবেটা, লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত জুইৰ আত্মা। তেওঁ অসমীয়া সমাজৰ লোকবিশ্বাসত থকা ঘৰজেউতিৰ দৰে ঘৰ-পৰিয়ালৰ ৰক্ষক। তেওঁৰ নাম গৌবটি(gaubti, যাৰ অৰ্থ আবৰি ৰখা, ৰক্ষা কৰা) বা চেণ্ট আগাথা (ৰাছিয়ান: Гафия, Gafiya)ৰ পৰা উদ্ভৱ হৈছে।
-
গুন আনা
গুন আনা সাধাৰণ তুৰ্কী সৌৰ দেৱতা, যাক কাজাখ আৰু কিৰ্গিজ পৌৰাণিক কাহিনীত দেৱী হিচাপে গণ্য কৰা হয়। গুন আনা বা কুন আনা মানে তুৰ্কী ভাষাত "সূৰ্য্য মাতৃ"।
-
গ্লেটি
গ্লেটি বৰ্তমানৰ বেনিনত থকা ডাহোমি ৰাজ্যৰ ফন জনগোষ্ঠীৰ মাজত প্ৰচলিত এগৰাকী চন্দ্ৰদেৱী। ডাহোমে পৌৰাণিক কাহিনীত তেওঁ সকলো তৰাৰ মাতৃ। চন্দ্ৰৰ স্বামীৰ শৰীৰৰ ছাঁই তাইৰ মুখখন পাৰ হৈ যোৱাৰ ফলত সূৰ্যগ্ৰহণ হয়।
-
চাৰিজন স্বৰ্গীয় ৰজা
চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়।
-
চিজিন
মায়া পৌৰাণিক কাহিনীত চিজিন হৈছে মৃত্যু আৰু ভূমিকম্পৰ দেৱতা। পণ্ডিতসকলে তেওঁক “গড-A’’ বুলি কয়। ইউকাটান মায়াসকলৰ বাবে তেওঁ আছিল হান-কেম আৰু ৱুকুব-কাম।
-
চেলাৰ্ডি
চেলাৰ্ডি বা চিয়েলাৰ্ডি বা সম্ভৱতঃ মেলাৰ্ডি, উৰাৰ্টুৰ চন্দ্ৰ দেৱতা। এই দেৱতাক নাৰী বুলি সাধাৰণতে বিশ্বাস কৰা হৈছিল যদিও শেহতীয়াকৈ সমসাময়িক কিছুমান পণ্ডিতে এই বিশ্বাসৰ সৈতে একমত নহয়। চেলাৰ্ডি বেবিলনৰ চন্দ্ৰ দেৱতা “চিন’’ৰ (Sin (mythology)) প্ৰতিৰূপ বুলি বিশ্বাস কৰা হৈছিল।
-
ছামছ
ছামছ, যাক ছামছুম বা ধাত-বা’ ধনুম বুলিও মতা হয় বা কোৱা হয়, আৰবীয় পৌৰাণিক কাহিনীৰ এগৰাকী সূৰ্য দেৱী। তেওঁ হিমিয়াৰী ৰাজ্যৰ পৃষ্ঠপোষক দেৱী আছিল। তেওঁ নামৰ অৰ্থ আছিল ‘উজ্জ্বল’, ‘সূৰ্য’, বা ‘উজ্জ্বল’। উত্তৰ আৰবৰ সূৰ্য দেৱী নুহাৰ দক্ষিণ আৰবৰ সমতুল্য আছিল তেওঁ।
-
ছিন (দেৱতা)
ছিনক কু, কেভিল (‘মূৰ্তি’ বুলি গ্ল’ছ কৰা, সম্ভৱতঃ ক’ৱিইলক বুজায়), আৰু মৰাণৰ সৈতে একেলগে আন পুৰুষ দেৱতা আৰু মানুহৰ সৈতে যৌন সম্পৰ্ক প্ৰদৰ্শন কৰা বুলি কোৱা পুৰুষ দেৱতাৰ নাম হিচাপে উল্লেখ কৰা হৈছে।
-
ছুয়ে
ছুয়ে, জুয়ে, ছুয়া, জুহে বা ছুহে মুইস্কাৰ ধৰ্মত সূৰ্যৰ দেৱতা আছিল। তেওঁৰ বিবাহ হৈছিল চন্দ্ৰ দেৱী চিয়াৰ সৈতে। মুইস্কা আৰু তেওঁলোকৰ সংঘ আমেৰিকাৰ চাৰিটা উন্নত সভ্যতাৰ ভিতৰত অন্যতম আছিল; তেওঁলোকে এণ্ডিজৰ আলটিপ্লানো কুণ্ডিবোয়াচেন্সত নিজৰ ধৰ্ম গঢ়ি তুলিছিল।
-
জাগুৱাৰ গড
প্ৰাক-কলম্বিয়ান মায়া ধৰ্মই জাগুৱাৰ উপ-দেৱতা, (পূৰ্বপুৰুষৰ) ৰক্ষক আৰু সৰবৰাহকাৰীৰ উপৰিও বিভিন্ন জাগুৱাৰ দেৱতাক চিনি পাইছিল। প্ৰধান জাগুৱাৰ দেৱতাসমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে। তেওঁলোকৰ লগত জড়িত আখ্যানসমূহ (মায়া পৌৰাণিক কাহিনীৰ অংশ) এতিয়াও বহুলাংশে পুনৰ্গঠন কৰিবলগীয়া আছে।
-
জিৱা (দেৱী)
জিৱা, জিভা (লেটিন: Siwa) পোলাবিয়ান স্লাভসকলৰ অবোড্ৰিটিক কনফেডাৰেচনৰ অন্তৰ্গত এটা জনগোষ্ঠীৰ মাতৃদেৱী। দেৱীগৰাকীয়ে এনেদৰে কেৱল বজ’ভৰ হেলমল্ডৰ ক্ৰনিকলতহে প্ৰকাশ পাইছে। তেওঁ নিক্লোটৰ ৰাজত্বকালত পৌত্তলিক পূজাৰ শক্তিশালী হোৱাৰ বিষয়ে বৰ্ণনা কৰিছিল।
-
টুওনেটাৰ
টুওনেটাৰ ফিনলেণ্ডৰ পৌৰাণিক কাহিনীত পাতালৰ ৰাণী। টুওনেটাৰ টুওনিৰ পত্নী, যাৰ সৈতে তেওঁ পাতালৰ টুওনেলাৰ ওপৰত শাসন কৰে।
-
টোহিল
টোহিল (IPA: [toˈχil], উচ্চাৰণ Tojil) হৈছে মায়াৰ অগ্নি দেৱতা। তেওঁ মেছ’আমেৰিকাৰ শেষৰ প’ষ্টক্লাছিক যুগৰ Kʼicheʼ মায়াৰ এজন দেৱতা। স্পেনিছ বিজয়ৰ সময়ত টোহিল আছিল Kʼicheʼ ৰ পৃষ্ঠপোষক দেৱতা। উত্তৰ-ক্লাছিক যুগত হাইলেণ্ড মায়া সংস্কৃতিৰ পৰা প্ৰভাৱিত হোৱা টলটেকা প্যান্থেয়নত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল।
-
ডালিয়া (দেৱী)
লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত ডালিয়াক এগৰাকী পৌত্তলিক দেৱীৰ ৰূপত মানৱজাতিৰ পৃষ্ঠপোষক বা ভাগ্যৰ দাতা হিচাপে দেখা গৈছিল। তেওঁ হৈছে “দিয়া আৰু লোৱা’’ৰ অৰ্থাৎ সামগ্ৰী আৰু সম্পত্তিৰ দাতা আৰু গ্ৰহণকাৰী। বাল্টিক সংস্কৃতিৰ কিছুমান বিশেষ সংস্কৃতিত তেওঁক প্ৰায়ে এগৰাকী সৃষ্টিকৰ্তা দেৱতাৰ সৈতে জড়িত কৰা হৈছিল।
-
ডেডুন
ডেডুন (বা ডেডৱেন) আছিল প্ৰাচীন ইজিপ্ত আৰু চুডানত প্ৰাচীন কালত পূজা কৰা কুছিট বা নেহাছি (C-Group culture) দেৱতা আৰু খ্ৰীষ্টপূৰ্ব ২৪০০ চনতে ইয়াৰ প্ৰমাণ দিয়া হৈছিল।
-
ডেয়া মেট্ৰোনা
কেলটিক পৌৰাণিক কাহিনীত ডেয়া মেট্ৰোনা ('ঈশ্বৰীয় মাতৃ') আছিল পশ্চিম ইউৰোপৰ গল নামে ঠাইৰ মাৰ্নে নদী (প্ৰাচীন মাট্ৰ'না) নামৰ দেৱী। গৌলিছ ধৰ্মতত্ত্ব মাত্ৰ-অন-আৰ শব্দৰ অৰ্থ হৈছে 'মহান মাতৃ' আৰু মাৰ্নেৰ দেৱীক মাতৃ দেৱী বুলি ব্যাখ্যা কৰা হৈছে।
-
দক্ষিণ ৰায়
দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।
-
পঞ্চমুখ
পঞ্চমুখক (पञ्चमुख,Pañcamukha) পঞ্চমুখী বুলিও কোৱা হৈছে। হিন্দু প্ৰতীকধৰ্মিতাত (Iconography) ই এক ধাৰণা, য'ত এজন দেৱতাক পাঁচটা মূৰ বা পাঁচখন মুখেৰে প্ৰতিনিধিত্ব কৰা হয়। কেইবাজনো হিন্দু দেৱতাক পাঁচটা মুখেৰে চিত্ৰিত কৰা হৈছে; যেনে-হনুমান, শিৱ, ব্ৰহ্মা, গণেশ আৰু গায়ত্ৰী।
-
পাৰ্কুনাটেটে (দেৱী)
পাৰ্কুনাটেটে, বা পাৰ্কুনাটেলে বা পাৰ্কুনেলে বাল্টিক পৌৰাণিক কাহিনীত পাৰ্কুনাছ বজ্ৰপাতৰ দেৱী মাতৃ, স্লাভিক পৌৰাণিক কাহিনীত পেৰুনৰ মাতৃ পাৰ্কুনাটেলে বুলি কোৱা হয়, যিটো সম্ভৱতঃ বাল্টছৰ পৰা উদ্ভৱ।
-
বাল
বাল আছিল উত্তৰ-পশ্চিম চেমিটিক ভাষাত প্ৰাচীন কালত লেভেণ্টত কোৱা এটা উপাধি আৰু সন্মানীয় অৰ্থ 'মালিক' বা 'প্ৰভু'। মানুহৰ মাজত ইয়াৰ ব্যৱহাৰৰ পৰাই ইয়াক দেৱতাৰ ক্ষেত্ৰত প্ৰয়োগ হ’বলৈ ধৰিলে।
-
বিলা (সূৰ্য দেৱী)
বিলা, যাক কেতিয়াবা বেলাহ বুলিও অনুবাদ কৰা হয়, অদ্ন্যামথানহ লোকসকলৰ মাজত প্ৰচলিত এক সূৰ্য্যৰ ব্যক্তিত্ব। অষ্ট্ৰেলিয়াৰ আদিবাসী জনগোষ্ঠীসমূহৰ মাজত সাধাৰণ ধাৰাসমূহৰ লগত খাপ খোৱাকৈ তেওঁ এগৰাকী সৌৰ দেৱী, যিসকলে সূৰ্যক বহুলাংশে নাৰী হিচাপে গ্ৰহণ কৰে।
-
বুঞ্জি
বুঞ্জি হৈছে পৰম্পৰাগত কংগো ধৰ্মৰ এগৰাকী সৰ্প জল আত্মা আৰু বৰষুণৰ দেৱী যাক প্ৰথমে এংগোয় ৰাজ্যৰ ৱোয়ো লোকসকলে পূজা কৰিছিল।
-
বৃক্ষ দেৱতাৰ তালিকা
বৃক্ষ দেৱতা বা গছৰ আত্মা হৈছে গছৰ লগত জড়িত প্ৰকৃতি দেৱতা। এনে দেৱতা পৃথিৱীৰ বহু সংস্কৃতিত উপস্থিত। সাধাৰণতে তেওঁলোকক এগৰাকী যুৱতী হিচাপে প্ৰতিনিধিত্ব কৰা হয়, ই প্ৰায়ে প্ৰাচীন উৰ্বৰতা আৰু বৃক্ষ পূজাৰ জ্ঞানৰ সৈতে জড়িত।.
-
মাধৱ (বিষ্ণু)
মাধৱ (সংস্কৃত: माधव) বিষ্ণু বা কৃষ্ণৰ অন্যতম প্ৰাথমিক উপনাম। সংস্কৃতত মাধৱ শব্দটো মধু (সংস্কৃত: मधु) শব্দৰ ব্যুৎপত্তি হৈছে, যাৰ অৰ্থ মৌ। তেওঁৰ বংশক 'মধু বংশৰ আবিৰ্ভাৱ হোৱা' বুলি উল্লেখ কৰি ই কৃষ্ণৰ উপাধি।
-
মামলাম্বো
মামলাম্বো দক্ষিণ আফ্ৰিকা আৰু জুলু পৌৰাণিক কাহিনীত "নদীৰ দেৱী" এক দেৱী, যাক এটা বৃহৎ সাপৰ দৰে জীৱ হিচাপে বৰ্ণনা কৰা হৈছে। ১৯৯৭ চনত দক্ষিণ আফ্ৰিকাৰ বাতৰি কাকতসমূহে (জোহান্সবাৰ্গৰ দ্য ষ্টাৰ আৰু কেপ টাউনৰ কেপ আৰ্গাছকে ধৰি) দক্ষিণ আফ্ৰিকাৰ মাউণ্ট আইলিফৰ ওচৰৰ ম্জিণ্টলাভা নদীত এটা "দৈত্যকায় সৰীসৃপ" দানৱ…
-
মিলডা (প্ৰেমৰ দেৱী)
লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত মিলডা প্ৰেমৰ দেৱী অৱশ্যে তেওঁৰ অস্তিত্বক লৈ পণ্ডিতসকলে বিতৰ্ক কৰে। অনিশ্চয়তাৰ মাজতো মিলডা লিথুৱেনিয়াত জনপ্ৰিয় মহিলাৰ নামত পৰিণত হয়। ৰোমুভাকে ধৰি নব্য পৌত্তলিক সমাজ আৰু সম্প্ৰদায়সমূহে মে' মাহত দেৱী মিলডাৰ সন্মানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।