দেৱ-দেৱী
১০০ প্ৰবন্ধ
-
মোমাই মাতা দেৱী
মোমাই বা মোমাই মাতা যাক দশমা নামেৰেও জনা যায়, এগৰাকী গুজৰাট ৰাজ্যৰ আঞ্চলিক হিন্দু দেৱী, বিশেষকৈ কুচ্চৰ মৰুভূমি অঞ্চলত এই দেৱী অধিক জনপ্ৰিয়।
-
লাইমা
লাইমা বাল্টিক অঞ্চলৰ ভাগ্যৰ দেৱী। জন্ম, বিবাহ আৰু মৃত্যুৰ লগত তেওঁৰ সম্পৰ্ক আছিল; গৰ্ভৱতী মহিলাৰ ৰক্ষকো আছিল। লাইমা আৰু তেওঁৰ কাম-কাজ হিন্দু দেৱী লক্ষ্মীৰ সৈতে মিল আছে।
-
শালভঞ্জিকা
শালভঞ্জিকা বা শলাভঞ্জিকা হৈছে ভাৰতীয় শিল্প আৰু সাহিত্যত বিভিন্ন অৰ্থৰ সৈতে পোৱা এটা শব্দ। বৌদ্ধ শিল্পত, ইয়াৰ অৰ্থ হৈছে কাষত থকা মহিলা বা যক্ষীৰ প্ৰায়ে গছত ধৰি থকা প্ৰতিমূৰ্তি বা শাল গছৰ তলত সিদ্ধাৰ্থ (বুদ্ধ)ক জন্ম দিয়া মায়াৰ উল্লেখ।
-
শিৱিনী
শিৱিনী (উৰাৰ্টিয়ান: 𒀭𒅆𒄿𒌑𒄿𒉌, ৰোমানী ভাষাত: dši-i-u2-i-ni), যাক ছিউইনি, আৰ্টিনিছ, আৰ্ডিনিছ বুলিও কোৱা হয়, আৰ্মেনিয়াৰ উচ্চভূমিৰ লৌহ যুগৰ এখন ৰাজ্য উৰাৰ্টুৰ পৌৰাণিক কাহিনীত এজন সৌৰ দেৱতা আছিল। খালদী আৰু থিছপাছৰ সৈতে ত্ৰয়ী দেৱতাৰ তেওঁ তৃতীয় দেৱতা। আচিৰিয়ান দেৱতা শ্বমাছ শিৱিনীৰ প্ৰতিৰূপ।
-
হাউলাৰ বান্দৰ দেৱতা
ধ্ৰুপদী মায়াসকলৰ ভিতৰত হাউলাৰ বান্দৰ দেৱতা(হাউলাৰ মাংকী গড) কলাৰ প্ৰধান দেৱতা আছিল—সংগীতকে ধৰি—আৰু শিল্পীসকলৰ, বিশেষকৈ লিখক আৰু ভাস্কৰ্য্যশিল্পীসকলৰ পৃষ্ঠপোষক আছিল। সেইবাবেই তেওঁৰ প্ৰভাৱৰ ক্ষেত্ৰখন টনছুৰেড মেইজ গডৰ সৈতে ওপৰত ওপৰত সোমাই পৰিছিল।
-
অছুন
অছুন ইয়োৰুবা জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰেম, যৌনতা, উৰ্বৰতা, নাৰীত্ব, পানী, ভাগ্য, ভৱিষ্যদ্বাণী, বিশুদ্ধতা আৰু সৌন্দৰ্য্য আৰু অছুন নদী আৰু ভুডুৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰ সৈতে জড়িত দেৱী। ৪০১টা ওৰিছা (দেৱ-দেৱী)ৰ ভিতৰত তেওঁক আটাইতকৈ জনপ্ৰিয় আৰু পূজনীয় বুলি গণ্য কৰা হয়।
-
অনুন্নাকী
অনুন্নাকী (চুমেৰীয়:, অনুনাকি, আনুনাকি, অনুন্না, আনানাকি আৰু অন্যান্য ভিন্নতা হিচাপেও লিপিবদ্ধ কৰা হয়) হৈছে প্ৰাচীন চুমেৰীয়, আক্কাদীয়, অচিৰীয় আৰু বেবিলনীয়সকলৰ এটা দেৱতা।
-
অলোকুন (দেৱী)
অলোকুন ( Olokun) ইয়োৰুবা ধৰ্মৰ এটা ঐশ্বৰিক আত্মা। অলোকুনক বহু ধন-সম্পত্তিৰ আৰু সাগৰৰ তলৰ দেৱী(ওৰিছা) আজেৰ জন্মদাতা বুলি বিশ্বাস কৰা হয়। অলোকুনক সকলো জলভাগৰ শাসক হিচাপে আৰু অন্যান্য জলদেৱতাৰ ওপৰত কৰ্তৃত্বৰ বাবে শ্ৰদ্ধা কৰা হয়।
-
অহ্ পেকু
মায়া পৌৰাণিক কাহিনীত অহ্ পেকু (pek-ku) আছিল বজ্ৰপাতৰ দেৱতা। অহ্ পেকু পাহাৰৰ শিখৰত বাস কৰিছিল আৰু ধুমুহাৰ সময়ত ডাৱৰৰ ওপৰলৈ উঠি বজ্ৰপাতৰ সৃষ্টি কৰিছিল।
-
আকাট
মায়া পৌৰাণিক কাহিনীত আকাট আছিল টেটু কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত এজন দেৱতা। মায়াসকলে টেটু কৰা প্ৰক্ৰিয়াটোক অতি গুৰুত্ব দিছিল, তেওঁলোকে বিশ্বাস কৰিছিল যে কোনো দেৱতাৰ প্ৰতিমূৰ্তিত টেটু কৰিলে এজন ব্যক্তিয়ে সেই দেৱতাৰ কিছু শক্তিৰে ৰঞ্জিত হ’ব।
-
আকেৰ (দেৱতা)
আকেৰ আছিল প্ৰাচীন মিচৰীয় দিগন্তৰ ব্যক্তিত্ব আৰু পৃথিৱী আৰু পাতালৰ দেৱতা, যাক পূব (বাখু) আৰু পশ্চিম (মানু) দিগন্তক পহৰা দিয়া বুলি বিশ্বাস কৰা হয়।
-
আখতি (দেৱতা)
আখতি (Netjer-akhty বুলিও কোৱা হয়) আছিল প্ৰাচীন মিচৰৰ দেৱতা। তেওঁৰ নাম খুব কমেইহে কোৱা হৈছিল।
-
আজিজা (দেৱী)
আজিজা প্ৰায়ে চমুকৈ আজা বুলি কোৱা হয়, যাৰ অৰ্থ "বন্য বতাহ", (এডোৰ মাজত ইজিজা বুলিও কোৱা হয়) ঘূৰ্ণীবতাহ, অৰণ্য, ইয়াৰ ভিতৰৰ জীৱ-জন্তু আৰু বনৌষধিৰ দেৱী। তেওঁ বাস কৰা অৰণ্যত তেওঁ ঔষধি গুণ থকা গছ-গছনি বিচাৰি উলিয়াই বনৌষধি আৰু শিপা আৰু অন্যান্য উদ্ভিদৰ অংশবোৰ একেলগে মিহলাই ৰোগীৰ ৰোগ নিৰাময় বিচাৰে।
-
আটেটে
অৰোমো পৌৰাণিক কাহিনী আৰু ধৰ্মত আটেটে কাফা (ইথিওপিয়া)ত পূজা কৰা এগৰাকী উৰ্বৰতাৰ দেৱী। সম্ভৱতঃ ই মহিলাসকলে বিভিন্ন পৱিত্ৰ উদ্ভিদ সংগ্ৰহ কৰি নদীত পেলাই দিয়া প্ৰাচীন প্ৰজনন অনুষ্ঠানৰ বিষয়।
-
আতিৰা
আতিৰা, আক্ষৰিক অৰ্থত "আমাৰ মাতৃ" বা "আই"; আমেৰিকাৰ থলুৱা পৱনী জনজাতীয় সংস্কৃতিত পৃথিৱী দেৱীক (অন্যৰ লগতে) দিয়া উপাধি। আতিৰা আছিল সৃষ্টিকৰ্তা দেৱতা তিৰাৱাৰ পত্নী। তেওঁৰ পাৰ্থিৱ ৰূপ হৈছে মাকৈ, যিটোৰে পৃথিৱী মাতৃয়ে পৃথিৱীৰ মানুহক দিয়া জীৱনৰ প্ৰতীক।
-
আমালুৰ
আমালুৰ বা আমা লুৰা[1] (বাস্ক ভাষাত "মাতৃ পৃথিৱী"ৰ অৰ্থ), বাস্ক পৌৰাণিক কাহিনীত এখি, সূৰ্য্য আৰু ইলাজকি, চন্দ্ৰৰ মাতৃ। তেওঁ কেৱল জীৱৰ ঘৰ নহয়, পৌৰাণিক জীৱ, দেৱতা আৰু আত্মাৰ ঘৰ। আমালুৰে (মাতা পৃথিৱী) উদ্ভিদ আৰু প্ৰাণীৰ জীৱন ধাৰণ কৰে। তেওঁৰ বুকুত আচৰিত ধৰণৰ ধন আছে।
-
আমুন
আমুন মিচৰৰ পৌৰাণিক কাহিনীত পূজা কৰা এক অতি শক্তিশালী দেৱতা, প্ৰায়ে ৰাৰ সৈতে সংযুক্ত হৈ আমুন-ৰা দেৱতা গঠন কৰা হৈছিল। মিচৰৰ ইতিহাসৰ এটা সময়ত তেওঁক "দেৱতাসকলৰ ৰজা" বুলি জনা গৈছিল।
-
আমেচেমি
আমেচেমি এগৰাকী কুছিৰ সুৰক্ষামূলক দেৱী আৰু সিংহ দেৱতা আপেডেমাকৰ পত্নী। তেওঁ শেন চৰাইৰ আকৃতিৰ মুকুট পিন্ধি বা মূৰত অৰ্ধচন্দ্ৰ লৈ থকা দেখা গৈছিল, যাৰ ওপৰত শেন থিয় হৈ আছিল। আমেচেমিক যি কাপোৰ পিন্ধা দেখা যায়, সেয়া কাপোৰৰ পৰা তৈয়াৰী চোলা আৰু ৰছীৰে অন্তৰ্বাসৰ ওপৰত পিন্ধা।
-
আয়াও
আয়াও ছান্টেৰিয়া প্যান্থেয়নৰ এটা ওৰিছা। তেওঁ বায়ুৰ ওৰিছা, আৰু অৰণ্য আৰু টৰ্নেডোৰ পাক দুয়োটাতে বাস কৰা বুলি ধৰা হয়। তেওঁ ওছানইনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে আৰু এগৰাকী হিংস্ৰ যোদ্ধা। আয়াওৰ সঁজুলিৰ ভিতৰত এটা সাপ, এটা কুইল আৰু নটা শিলৰ সৈতে এখন ক্ৰছব' আছে।
-
আলা
আলা (বিভিন্ন ইগ্বো উপভাষাত অনি, আনা, আলে আৰু আলি বুলিও জনা যায়) পৃথিৱীৰ নাৰী দেৱতা(আলুছি) অডিনানী ভাষাত নৈতিকতা, উৰ্বৰতা আৰু সৃষ্টিশীলতা। ওডিনানীত আলাই পাতালৰ ওপৰত শাসন কৰে আৰু মৃত পূৰ্বপুৰুষসকলক নিজৰ গৰ্ভত ধৰি ৰাখে।
-
ইণ্ডোনেছিয়ান দেৱী সকল
ইণ্ডোনেছিয়ান দেৱী সকলৰ লগত হিন্দু দেৱী সকলৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায়। হিন্দু দেৱীৰ ক্ষেত্ৰত নামৰ পিছত দেৱী শব্দ যুক্ত কৰা হয়, আনহাতে ইণ্ডোনেছিয়ান দেৱীৰ ক্ষেত্ৰত নামৰ আগত দেৱী শব্দ যুক্ত কৰা হয়।
-
ইমোটান
ইমোটান, ১৫ শতিকাৰ এগৰাকী বজাৰত খুচুৰা বণিজ কৰা মহিলা আছিল, যিয়ে প্ৰাচীন বেনিন ৰাজ্যৰ ওবা উৱাইফিঅ'কুন আৰু ৰাজকুমাৰ অগুনৰ ৰাজত্বকালত ওবা বজাৰৰ আশে-পাশে খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰিছিল, যিয়ে পিছলৈ বেনিনৰ ওবা (শাসক) হোৱাৰ পিছত "অবা ইউয়াৰে দ্য গ্ৰেট" নাম লয়।
-
ইম্ৰা
ইম্ৰা বা ইম্ৰো আছিল ইছলাম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানিসকলৰ সৰ্বপ্ৰধান স্ৰষ্টা দেৱতা। ইম্ৰাক পৃথিৱীৰ স্ৰষ্টা বুলি বিশ্বাস কৰা হৈছিল। বিশ্বাস অনুসাৰে, নিজৰ নিশ্বাসৰ জৰিয়তে তেওঁ প্যান্থিয়নৰ আন তিনিজন মুখ্য দেৱতা — মোন, গিশ আৰু বাগিষ্ট — সৃষ্টি কৰিছিল।
-
ইয়োপাট
ইয়োপাট আছিল দক্ষিণ মায়া অঞ্চলৰ এজন গুৰুত্বপূৰ্ণ মায়া বিশ্বাসৰ ধুমুহাৰ দেৱতা, যিয়ে মেছ'আমেৰিকান কালক্ৰমৰ ধ্ৰুপদী যুগত (প্ৰায় ২৫০–৯০০ খ্ৰীষ্টাব্দ) ক’পান আৰু কুইৰিগুয়া চহৰক সামৰি লৈছিল। ইয়োপাটৰ মায়াৰ বৰষুণ দেৱতা ছাকৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছিল।
-
উঁয়া
উঁয়া (Ọya) ইয়োৰুবা প্যান্থেয়নৰ অন্যতম প্ৰধান নাৰী দেৱতা। বতাহ, বিজুলী আৰু ধুমুহাৰ দেৱী(ওৰিছা) আৰু বাবালু আয়েই তেওঁক দিয়া শক্তি ইগুন (মৃতকৰ আত্মা) নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম একমাত্ৰ দেৱী।
-
উট্টু
উট্টু আছিল বয়নৰ লগত জড়িত মেছ’পটেমিয়াৰ দেৱী। তেওঁৰ সম্পৰ্ক মকৰাৰ সৈতে আছিল বুলি ধাৰণা কৰা হৈছে যদিও প্ৰমাণসমূহ এখন গ্ৰন্থতে সীমাবদ্ধ, যিয়ে হয়তো লেখকৰ জল্পনা-কল্পনাক প্ৰতিফলিত কৰিব পাৰে। বেবিলনত আৰু সম্ভৱতঃ আৰম্ভণিৰ বংশৰ উম্মাত তেওঁক পূজা কৰা হৈছিল।
-
উময় (দেৱী)
তুৰ্কী পৌৰাণিক কাহিনী আৰু টেংগ্ৰিজমত উময় উৰ্বৰতাৰ দেৱী আৰু সেইবাবেই ই নাৰী, মাতৃ আৰু শিশুৰ সৈতে জড়িত।উময়ে কেৱল কেঁচুৱাক সুৰক্ষা আৰু শিক্ষা দিয়াই নহয়, বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ আত্মাক মৃত্যুৰ পৰা পৃথক কৰিব পাৰে। তেওঁ স্বৰ্গত বাস কৰে আৰু সাধাৰণ মানুহৰ বাবে অদৃশ্য।
-
এংগিটিয়া
মধ্য ইটালীৰ মাৰ্চি, পেলিগনি আৰু অন্যান্য অস্কান-উম্ব্ৰিয়ান জনগোষ্ঠীৰ মাজত এংগিটিয়া আছিল এগৰাকী দেৱী। প্ৰাচীন কালত তেওঁৰ সম্পৰ্ক আছিল সাপ-মন্ত্ৰীসকলৰ সৈতে যিয়ে তেওঁক নিজৰ পূৰ্বপুৰুষ বুলি দাবী কৰিছিল। ৰোমান ব্যাখ্যাই সম্ভৱতঃ তেওঁৰ মাৰ্চি জনগোষ্ঠীৰ সৈতে সম্পৰ্ক অস্পষ্ট কৰি পেলায়।
-
এঞ্জাম্বি এ এম্পুংগু
এঞ্জাম্বি এ এম্পুংগু (জাম্বি আৰু ঞ্জাম্বি ম্পুংগুও) কংগো আধ্যাত্মিকতাত পৰম্পৰাগত পৰম ঈশ্বৰ, চিৰন্তন আকাশ পিতৃ আৰু সূৰ্যৰ ঈশ্বৰ (অগ্নি)। তেওঁৰ মহিলা সমকক্ষ হৈছে আকাশ মাতৃ আৰু চন্দ্ৰৰ দেৱী এঞ্জাম্বিচি।
-
ওবা (মুখিয়াল)
ওবা (লেটিন আমেৰিকাত ওবা নামেৰে জনাজাত) হৈছে ওবা নদীৰ দেৱতা, যাৰ উৎস ইগবনৰ ওচৰত অৱস্থিত, য'ৰ পৰা তেওঁৰ পূজাৰ উৎপত্তি হয়। ১৯ শতিকাৰ যুদ্ধৰ সময়ত তেওঁৰ উপাসনাৰ কেন্দ্ৰসমূহ অধিক নিৰাপদ চহৰ অগবোমোশ্বোলৈ স্থানান্তৰিত হয়।