অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গাবিজা (দেৱী)

গাবিজা বা গাবিয়েটা বা গাবেটা, লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত জুইৰ আত্মা। তেওঁ অসমীয়া সমাজৰ লোকবিশ্বাসত থকা ঘৰজেউতিৰ দৰে ঘৰ-পৰিয়ালৰ ৰক্ষক। তেওঁৰ নাম গৌবটি(gaubti, যাৰ অৰ্থ আবৰি ৰখা, ৰক্ষা কৰা) বা চেণ্ট আগাথা (ৰাছিয়ান: Гафия, Gafiya)ৰ পৰা উদ্ভৱ হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

গাবিজা বা গাবিয়েটা বা গাবেটা, লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত জুইৰ আত্মা। তেওঁ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সমাজৰ লোকবিশ্বাসত থকা ঘৰ জেউতিৰ দৰে ঘৰ-পৰিয়ালৰ ৰক্ষক। তেওঁৰ নাম গৌবটি(gaubti, যাৰ অৰ্থ আবৰি ৰখা, ৰক্ষা কৰা)১ বা চেণ্ট আগাথা (ৰাছিয়ান: Гафия, Gafiya)ৰ পৰা উদ্ভৱ হৈছে।২ খ্ৰীষ্টান ধৰ্মতত্ত্ববিদ জান ছাচিচ্কিয়ে মূৰ্তিপূজাৰ ওপৰত লিখা গ্ৰন্থখনত (১৬১৫ চনত প্ৰকাশিত) লিথুৱেনিয়াৰ দেৱতাৰ তালিকাত গাবিজাৰ নামহে উল্লেখ কৰা হৈছে। লিথুৱেনিয়াৰ লোককথাত তেওঁক পোৱা যায়।২

গাবিজাই মেকুৰী, ষ্টৰ্ক বা কুকুৰাৰ সাইলাখ ৰূপ লৈ দেখা দিব পাৰে,১ বা ৰঙা কাপোৰ পিন্ধা মহিলা হিচাপে দেখা দিব পাৰে।৩ গাবিজাক জীৱিত প্ৰাণীৰ দৰে অতিশয় সন্মান আৰু যত্ন লোৱা হয়। মানুহে গাবিজাক ৰুটি আৰু নিমখ খাবলৈ আগবঢ়াই দিয়ে।১ শুবলৈ বিছনাৰ তলত জুই দিব লাগিছিল – মহিলাসকলে প্ৰতিদিনে সন্ধিয়া কয়লাবোৰ ছাইৰে ঢাকি দিছিল যাতে জুই ইফালে সিফালে উৰি গৈ ক্ষতি নকৰে।১ গবিজা যেনেকৈ ঘৰৰ ৰক্ষক আছিল, ঘৰৰ মাতৃও আছিল আৰু আছিল জুইৰ ৰক্ষক।৪ কেতিয়াবা অগ্নিকুণ্ডৰ ওচৰতে বিশুদ্ধ পানীৰ বাটি এটা থৈ দিয়া হৈছিল যাতে গাবিজাই নিজকে ধুব পাৰে।৩ খং উঠিলে গাবিজাই ঘৰটো জ্বলাই "ফুৰিবলৈ যায়।" বহু লোককথাত গাবিজাক ভৰিৰে ঠেলি দিয়া, থু পেলোৱা বা প্ৰস্ৰাৱ কৰি ক্ষুণ্ণ কৰাসকলৰ দুৰ্ভাগ্যৰ বৰ্ণনা কৰা হৈছে।৩

মাটকা গাবিয়া হৈছে ঘৰ, অগ্নিকুণ্ডৰ লিথুৱেনিয়ান দেৱী আৰু তেওঁলোকৰ যত্নৰ পৃষ্ঠপোষক। তাইৰ উৎপত্তি সম্ভৱতঃ গাবিজাৰ পৰা।

অণুজীৱবিজ্ঞানত গজ বুলি সংক্ষিপ্ত কৰা গাবিজা নামটো এটা জিনমৰ বাবেই বুলি কোৱা হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Gimbutas, Marija; Miriam Robbins Dexter. (2001). The Living Goddesses. University of California Press. পৃ. 203. ISBN 0-520-22915-0
  2. ↑ Bojtár, Endre. (1999). Foreword to the Past: A Cultural History of the Baltic People. CEU Press. পৃ. 298. ISBN 963-9116-42-4
  3. ↑ Jonas Trinkūnas. (1999). Of Gods & Holidays: The Baltic Heritage. Tvermė. পৃ. 85–87. ISBN 9986-476-27-5
  4. ↑ Johnson, Cait. (2002). Earth, Water, Fire, and Air: Essential Ways of Connecting to Spirit. SkyLight Paths Publishing. পৃ. 135. ISBN 1-893361-65-9
  5. ↑ J8H9C1 · GAJA_BACC6. UniProt. EMBL's European Bioinformatics Institute

সম্পৰ্কিত শ্ৰেণী

দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাবিজা (দেৱী)” প্ৰবন্ধৰ সংশোধন ৬৩১৮৬৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।