কুনাপিপি বা গুণাবিবি বুলিও কোৱা হয়,(অৰ্থ 'গৰ্ভ')১ এগৰাকী সৃষ্টিকৰ্তা দেৱী আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ অঞ্চলৰ আদিবাসী পৌৰাণিক কাহিনীৰ লোককথাত বহু বীৰক পৃষ্ঠপোষকতা কৰা দেৱী হিচাপে মান্যতা দিয়া হৈছে।
কাহিনী
কোৱা হয় যে, কুনাপিপিয়ে মানুহৰ লগতে বেছিভাগ জীৱ-জন্তু আৰু উদ্ভিদৰ জন্ম দিছিল। তেওঁক বৃদ্ধা কাডজেৰীৰ সৈতে যি এতিয়ালেকে নিশ্চিত নোহোৱা এজন সৃষ্টিকৰ্তা ভগৱান অথবা আধ্যাত্মিক সত্ত্বা বুলি ধৰা হয়,২, কাডজেৰীয়ে এবাৰ পানীৰ পৰা ওলাই আহি নায়ক আৰু নায়িকাৰ দল এটাৰ সৈতে দেশৰ সিপাৰে যাত্ৰা আৰম্ভ কৰিছিল।৩ যাত্ৰা কালত সপোন দেখাৰ সময়ত তেওঁ মানুহৰ পুৰুষ আৰু মহিলা প্ৰজাতিক জন্ম দিয়াৰ লগতে প্ৰাকৃতিক জীৱ-জন্তুৰ পুৰুষ আৰু মহিলাৰ প্ৰজাতি আৰু বিধানো সৃষ্টি কৰিছিল। তেওঁ নিজকে সৃষ্টিকৰ্তা ভগৱান ৰামধেনু সাপৰ পুৰুষ বা মহিলা সংস্কৰণলৈ ৰূপান্তৰিত কৰিব পাৰিছিল।
উৎপত্তি আৰু প্ৰসাৰণ
কোৱা হয় যে, কুনাপিপি পন্থৰ জন্ম হোৱা যেন লাগে ৰ’পাৰ আৰু ৰোজ নদী অঞ্চলত বাস কৰা জনগোষ্ঠীৰ মাজত। আলাৱা সংস্কৰণত তেওঁ পানীৰপৰা ওলাই অহা বুলি কোৱা হয়।৪ তাৰপৰাই ই ক্ৰমান্বয়ে উত্তৰ-পূব দিশলৈ আৰ্নহেম লেণ্ডলৈ বিয়পি পৰিছিল বুলি ভবা হয়, য’ত ইয়াৰ অস্তিত্ব আছিল ড্জাংগাউল নামৰ এগৰাকী নাৰী আকৃতিৰ সৈতে পৰিপূৰক পুৰুষতান্ত্ৰিক ৰূপ হিচাপে।৫ টনি শ্বেইনৰ মতে কুনাপিপি পৰম্পৰাসমূহে বিশেষকৈ তেওঁৰ পৰৱৰ্তী উৎপত্তি সম্পৰ্কে ট্ৰেপাং ব্যৱসায়ীৰ সৈতে যোগাযোগৰ জৰিয়তে চুলাৱেছি/মাকাছাৰ প্ৰভাৱৰ কথা প্ৰতিফলিত কৰে আৰু সম্ভৱতঃ প্ৰাক-ইছলামিক বিশ্বাসৰ মাতৃ পন্থ, যি পন্থ টোৰাজা আৰু বুগিছৰ মাজত আধুনিক যুগলৈকে জীয়াই আছিল।৬
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুনাপিপি” প্ৰবন্ধৰ সংশোধন ৫৭৪১১১ (৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।