অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

গুন আনা

গুন আনা সাধাৰণ তুৰ্কী সৌৰ দেৱতা, যাক কাজাখ আৰু কিৰ্গিজ পৌৰাণিক কাহিনীত দেৱী হিচাপে গণ্য কৰা হয়। গুন আনা বা কুন আনা মানে তুৰ্কী ভাষাত "সূৰ্য্য মাতৃ"।

হালনাগাদ: ২৮ মাৰ্চ ২০২৫ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুন আনা সাধাৰণ তুৰ্কী সৌৰ দেৱতা, যাক কাজাখ আৰু কিৰ্গিজ পৌৰাণিক কাহিনীত দেৱী হিচাপে গণ্য কৰা হয়। গুন আনা বা কুন আনা মানে তুৰ্কী ভাষাত "সূৰ্য্য মাতৃ"।

পৃষ্ঠভূমি

গুন আনা অন্যতম শক্তিশালী দেৱতা, জীৱন আৰু উৰ্বৰতা, উষ্ণতা আৰু স্বাস্থ্যৰ দেৱী। দুৰ্ভগীয়া, বিশেষকৈ অনাথ লোকক তেওঁ ৰক্ষণাবেক্ষণ দিয়ে। তেওঁ আকাশৰ সপ্তম মহলাত থাকে।১২ টেংগ্ৰীয়ে সূৰ্যৰ পোহৰৰ ৰশ্মিৰে পৃথিৱী সৃষ্টি কৰিছিল, এইকামত, গুন আনাই পৃথিৱী সৃষ্টিত অংশ লৈছিল। সৌৰ ৰশ্মিকো সূৰ্য্য আৰু উদ্ভিদ, প্ৰাণী আৰু মানুহৰ আত্মাৰ মাজৰ "ডাল" বুলি গণ্য কৰা হয়। গুন আনাক পূজা কৰা তুৰ্কীসকলে প্ৰাৰ্থনা কৰাৰ সময়ত সূৰ্য্য উদয়ৰ ফালে ঘূৰি থিয় হয়।

সাহিত্যত উল্লেখ কৰা তথ্য

তুৰ্কী পৌৰাণিক কাহিনীৰ আদিম লিখিত উৎসসমূহৰ ভিতৰত এটাত গুন আনাৰ উল্লেখ আছে। তুৰ্কী পৰম্পৰা অনুসৰি শক্তিশালী দেৱতা কায়্ৰাই সূৰ্য্য সৃষ্টি কৰি আকাশলৈ দলিয়াই দিছিল। গুন আনা আৰু আয় আতা(চন্দ্ৰ) পত্নী আৰু স্বামী আছিল।

তুৰ্কী পৌৰাণিক কাহিনী অনুসৰি খগান আৰু তেওঁৰ পত্নী আকাশ আৰু য়েৰ (ভূমি)ৰ গুন আনাৰ সন্তান বুলি ধৰা হয়। আয় আতা (ষষ্ঠ মহলাত বাস কৰা) আৰু গুন আনা (সপ্তম মহলাত বাস কৰা) আকাশত তেওঁলোক প্ৰতিনিধি।৩

গুন আনাৰ বাবে এই ভোজ প্ৰতি ২১ জুনত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকালীন অনন্তকালৰ সময়ত পালন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Anadolu Alevi Kültüründe Kadın, Hüseyin Özcan "Gün Ana"
  2. ↑ Ziya Gökalp, Türk Medeniyeti Tarihi II, İstanbul, 1974, s. 211
  3. ↑ Got from Turkish wikipedia; Ziya Gökalp şöyle demektedir: "Eski Türk telakkisine göre, hakanla hatun gök ile yerin evlatlarıydı. Günes ana ile Ay ata onların gök yüzündeki temsilcileri idi. Hakanın mümessili olan ay ata, gök yüzünün altıncı katında, hatunun mümessili olan gün ana ise daha üstte, gökyüzünün yedinci katında idi."

সম্পৰ্কিত শ্ৰেণী

দেৱ-দেৱীতুৰ্কী কাহিনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুন আনা” প্ৰবন্ধৰ সংশোধন ৪৯৮৮৬১ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।