দাৰ্শনিক
৭৮ প্ৰবন্ধ
-
মাৰ্কাছ টুলিয়াছ চিচেৰো
মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।
-
অসিত ঋষি
অসিত ঋষি (Sanskrit: ऋषि असित)ক এগৰাকী বৈদিক ঋষি আৰু শণ্ডিল্য গোত্ৰৰ এজনা পণ্ডিত। তেওঁক সাধাৰণভাৱে অসিৎ বুলি কোৱা হয়।
-
অসুৰী
অসুৰী প্ৰাচীন ভাৰত উপমহাদেশৰ হিন্দু ধৰ্মৰ পৰম্পৰাত অসুৰী এজন বৈদিক ঋষি আছিল আৰু তেওঁ আছিল বৈদিক ঋষি কপিলৰ শিষ্য আছিল। পিছলৈ তেওঁ কপিল মুনিয়ে প্ৰতিষ্ঠা কৰা সাংখ্যা দৰ্শনৰ শিক্ষক হয়। প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছয়টি ধাৰাৰ ভিতৰত অন্যতম হৈছে সাংখ্য দৰ্শন।
-
অৱৎসৰ
অৱৎসৰ ঋগবেদত উল্লেখ থকা এগৰাকী ঋষি। তেওঁৰ নাম প্ৰথমে পঞ্চম মণ্ডলৰ ৪৪ নং সূক্তত পোৱা যায়।
-
আত্মা (হিন্দু ধৰ্ম)
হিন্দু ধৰ্মত আত্মা হৈছে কোনো জীৱৰ প্ৰকৃত, অন্তৰ্নিহিত সত্তা বা আত্মা, যাক চিৰন্তন আৰু অপৰিৱৰ্তিত বুলি বিশ্বাস কৰা হয়। আত্মাটো ধাৰণাগতভাৱে ব্যক্তিগত আত্মা, জীৱাত্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যি একাধিক শৰীৰ আৰু জীৱনকালৰ মাজেৰে স্থায়ী হৈ থাকে, কিন্তু ই আত্ম-বুদ্ধি বা অহংকাৰ (আহমকাৰ), মনৰ আৱেগিক দিশ…
-
আলবেৰ কেমু
আলবেৰ কাম্যু (Albert Camus,; ৭ নৱেম্বৰ ১৯১৩ – ৪ জানুৱাৰী ১৯৬০) আছিল এজন ফৰাচী দাৰ্শনিক, ঔপন্যাসিক, লেখক, নাট্যকাৰ, সাংবাদিক, বিশ্ব যুক্তৰাষ্ট্ৰবাদী, আৰু ৰাজনৈতিক কৰ্মী।
-
আৰ্টোৰ শ্ব'পেনহাৱাৰ
আৰ্টোৰ শ্ব'পেনহাৱাৰ ((, ) ঊনবিংশ শতিকাৰ এগৰাকী জাৰ্মান দাৰ্শনিক। তেওঁৰ আতাইতকৈ ইখ্যাত কৰ্ম হ'ল ১৮১৮ চনত প্ৰকাশিত আৰু ১৮৪৪ চনত বিস্তাৰিত দ্য ৱৰ্লড এজ ৱিল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন। এই কৰ্মত তেওঁ দৃশ্য জগতক এক অন্ধ তাত্ত্বিক ইচ্ছাৰ ফল বুলি যুক্তি দাঙি ধৰিছে।
-
চিমন দ্য ব'ভোৱাৰ
চিমন ল্যুচি এৰ্নেস্তিন মাৰি বেৰ্ত্ৰঁ দ্য ব'ভোৱাৰ (Simone de Beauvoir,; ৯ জানুৱাৰী ১৯০৪ – ১৪ এপ্ৰিল ১৯৮৬) এগৰাকী খ্যাতনামা ফৰাচী দাৰ্শনিক, লেখিকা, উপন্যাসিকা, প্ৰবন্ধকাৰ, স্মৃতিকথনকাৰ আৰু তীব্ৰ নাৰীবাদী চিন্তাবিদ আছিল। তেওঁ অস্তিত্ববাদ আৰু নাৰীবাদৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
-
ডাণ্টে এলিগিয়েৰি
ডাণ্টে এলিগিয়েৰি (Dante Alighieri) চমুকৈ “ডাণ্টে” ইটালিৰ এজন বিখ্যাত ৰোমাণ্টিক কবি, লেখক তথা দাৰ্শনিক আছিল।
-
নাগসেনা
নাগসেনা খ্ৰীষ্টপূৰ্ব ১৫০ চনৰ আশে-পাশে বাস কৰা এজন সৰ্বস্তিবাদী বৌদ্ধ সন্ন্যাসী আছিল। উত্তৰ-পশ্চিম ভাৰতৰ ভাৰত-গ্ৰীক ৰজা প্ৰথম মেনান্দৰে (পালি: মিলিণ্ডা) বৌদ্ধ ধৰ্মৰ বিষয়ে তেওঁ কৰা প্ৰশ্নৰ উত্তৰ মিলিন্দপাখা আৰু সংস্কৃত নাগসেনাভিক্ষুত্ৰত লিপিবদ্ধ কৰা হৈছে।
-
নীম কৰোলী বাবা
নীম কৰোলী বাবা (Neem Karoli Baba) বা নীব কাৰোৰী বাবা (জন্ম: লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।
-
ভলতেয়ৰ
ভলতেয়ৰ (২১ নৱেম্বৰ ১৬৯৪ – ৩০ মে ১৭৭৮) ফ্ৰান্সৰ বৌদ্ধিক জাগৰণ যুগৰ এজন মহান লেখক, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ফ্ৰাঙ্কোইচ-মেৰী আহো। তেওঁ নিজৰ বুদ্ধি, দাৰ্শনিক মনোভাৱ আৰু নাগৰিক স্বাধীনতাৰ (ধৰ্মৰ স্বাধীনতা আৰু মুক্ত বাণিজ্য) সমৰ্থনৰ বাবেও জনাজাত।
-
ৰিচাৰ্ড ৱেগনাৰ
উইলহেম ৰিচাৰ্ড ৱেগনাৰ ( /ˈvɑːɡnər/ ভাগ্নাৰ; Wilhelm Richard Wagner [ˈʁɪçaʁt ˈvaːɡnɐ]; ২২ মে' ১৮১৩ – ১৩ ফেব্ৰুৱাৰী ১৮৮৩) এজন জাৰ্মান সুৰকাৰ, নাট্য পৰিচালক, ৰচনাকাৰ আৰু পৰিচালক আছিল, যি মূলতঃ তেওঁৰ অপেৰা (বা, পিছলৈ তেওঁৰ কিছুমান পৰিপক্ব ৰচনাৰ ক্ষেত্ৰত "সংগীত নাটক")ৰ বাবে পৰিচিত।
-
ৰুমি
জালাল-উদ্দিন-মহম্মদ ৰুমি (Jalāl al-Dīn Muḥammad Rūmī; জন্ম: ৩০ ছেপ্টেম্বৰ, ১২০৭-মৃত্যু:১৭ ডিচেম্বৰ, ১২৭৩) এগৰাকী ইৰাণীয়ান ৰহস্যবাদী চুফী কবি, যাক সাধাৰণতে ৰুমি নামেৰে জনা যায়। তেওঁ মৌলৱীয়্যা (Mawlawiyya) শীৰ্ষক ইছলামিক চুফীবাদৰ প্ৰতিষ্ঠাতা। তেওঁৰ পৰিয়ালৰ পুৰণি ঘৰ আছিল বালখত।
-
আলবেৰুণী
আবু ৰায়হান আল-বিৰুনি বা আবু ৰায়হান মহম্মদ ইবনে আহমদ আলবিৰুণী (৯৭৩–১০৪৮), সাধাৰণতে আলবেৰুণী নামেৰে জনাজাত, ইছলামিক সোণালী যুগৰ এজন খোৱাৰেজমিয়ান ইৰাণী পণ্ডিত আৰু বহুবিদ্যাবিশাৰদ আছিল।
-
ইবন চিনা
ইবন চিনা (ابن سينا; সম্পূৰ্ণ নাম: আবু আলী আল-হুছেইন ইবন আব্দুল্লাহ ইবন চিনা) আছিল এখন মধ্যযুগীয় ইছলামিক জ্ঞানৰ দীপ্তিমান পুৰুষ। তেওঁক সাধাৰণতে আৱিছেনা (Avicenna) নামেৰে পশ্চিমীয়া দেশসমূহত জনা যায়। তেওঁৰ জন্ম খ্ৰীষ্টীয় ৯৮০ চনত বৰ্তমান উজবেকিস্তানৰ আফ্শানা নামৰ ঠাইত হৈছিল।
-
ইল’ইজ
ইল’ইজ (Héloïse) এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী আৰু মঠাধিকাৰিণী আছিল। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।
-
কাৰ্ল পপাৰ
কাৰ্ল পপাৰ (২৮ জুলাই ১৯০২ – ১৭ ছেপ্টেম্বৰ ১৯৯৪) এজন অষ্ট্ৰিয়া-ব্ৰিটিছ দাৰ্শনিক আৰু অধ্যাপক। ১৯০২ চনত ভিয়েনাত উচ্চ মধ্যবিত্তীয় ঘৰত জন্মগ্ৰহণ কৰিছিল কাৰ্ল পপাৰে।
-
নিক্কোলো মাকিয়াভেল্লি
নিক্ক'ল' দি বেৰ্নাৰ্দ' দেই মাকিয়াৱেল্লি (Niccolò Machiavelli,; ৩ মে’ ১৪৬৯ – ২১ জুন ১৫২৭) আছিল ইতালীয় পুনৰ্জাগৰণ (ৰ্যনেছঁছ) যুগৰ এজন ফ্ল'ৰেন্তীয় কূটনীতিবিদ, লেখক, দাৰ্শনিক আৰু ইতিহাসবিদ।
-
পীয়েৰ এবেলাৰ্ড
পীয়েৰ এবেলাৰ্ড (Pierre Abélard) আছিল মধ্যযুগৰ এগৰাকী ফৰাচী দাৰ্শনিক, বিদ্বান, আগশাৰীৰ যুক্তিবিদ, ধৰ্মতত্ত্ববিদ, কবি আৰু সংগীতজ্ঞ। দৰ্শন শাস্ত্ৰত, নমিনেলিজ্ম আৰু ধাৰণাবাদৰ জৰিয়তে সাৰ্বজনীনতাৰ সমস্যা (Problem of universals) সমাধান কৰাৰ লগতে নীতিশাস্ত্ৰত অভিপ্ৰায়ৰ (Intent in ethics) ওপৰত কৰা…
-
ফাৰ্ডিনাণ্ড লাচালে
ফাৰ্ডিনাণ্ড জ'হান গটলিয়েব লাচালে (Ferdinand Johann Gottlieb Lassalle; (১১ এপ্ৰিল ১৮২৫ - ৩১ আগষ্ট ১৮৬৪) আছিল জাৰ্মানীৰ এজন বিচাৰক, দাৰ্শনিক, তথা সমাজতান্ত্ৰিক ৰাজনৈতিক কৰ্মী. তেওঁক জাৰ্মানীত এজন আন্তৰ্জাতিক আৰ্হিৰ সমাজ পৰিৱৰ্তনকাৰীৰ ৰূপত চোৱা হয়।
-
ফ্ৰেডৰিখ নিৎসে
ফ্ৰীড্ৰিশ ৱিলহেল্ম নীচ্য (Friedrich Wilhelm Nietzsche,; ১৫ অক্টোবৰ ১৮৪৪ – ২৫ আগষ্ট ১৯০০) আছিল এজন জাৰ্মান দাৰ্শনিক আৰু লেখক, যিয়ে এগৰাকী ধ্ৰুপদী ভাষাবিজ্ঞানী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু শিক্ষাজীৱনৰ প্ৰথম ভাগতে দৰ্শনৰ পিনে ধাবিত হৈছিল।
-
য়'হান গটলীব ফিশট্য
য়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্মান দাৰ্শনিক, যি জাৰ্মান আদৰ্শবাদৰ এজন প্ৰতিষ্ঠাপক ব্যক্তিত্ব হৈ পৰিছিল। এই জাৰ্মান ভাৱবাদ ইমানুৱেল কাণ্টৰ তাত্ত্বিক আৰু নৈতিক লেখাসমূহৰ পৰা বিকশিত হৈছিল।
-
লংগিনায়
কেচিয়াছ লংগিনায় এৰিষ্টটলৰ সমসাময়িক এজন গ্ৰীক ভাষ্যবিদ আৰু দাৰ্শনিক সমালোচক আছিল। এমেচা বা এথেন্সত জন্মগ্ৰহণ কৰা তেওঁ এমোনিয়াছ চাকাছ আৰু অৰিগেন দ্য পাগানৰ অধীনত আলেকজেন্দ্ৰিয়াত অধ্যয়ন কৰিছিল আৰু এথেন্সত ত্ৰিশ বছৰ ধৰি অধ্যাপনা কৰিছিল। তেওঁৰ এজন শিক্ষাৰ্থী আছিল পোৰফিৰী।
-
সিমা কিয়ান
সিমা কিয়ান (চীনা: 司馬遷; Pinyin: Sīmǎ Qiān; জন্ম: ক্ৰমে খ্ৰীষ্টপূৰ্ব ১৪৫ বা ১৩৫ – মৃত্যু: খ্ৰীষ্টপূৰ্ব ৮৬) এজন প্ৰাচীন চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু সাহিত্যিক আছিল।
-
হেনৰী কেভেণ্ডিছ
হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।
-
আল-গাজালি
আল-গাজালি (আবু হামিদ আল গাজালি, Al‑Ghazali, প্ৰায় ১০৫৮ – ১৯ ডিচেম্বৰ ১১১১) আছিল এজন শ্বাফী চুন্নী মুছলমান পণ্ডিত। তেওঁ ইছলামিক ইতিহাসৰ অন্যতম বিশিষ্ট আৰু প্ৰভাৱশালী ন্যায়িক পৰামৰ্শদাতা, আইনী তত্ত্ববিদ, মুফতি, দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, যুক্তিবিদ আৰু ৰহস্যবাদী হিচাপে পৰিচিত।
-
আলফ্ৰেড জুলছ আয়াৰ
ছাৰ আলফ্ৰেড জুলছ "ফ্ৰেডী" আয়াৰ বা এ. জে. আয়াৰ (২৯ অক্টোবৰ, ১৯১০ – ২৭ জুন, ১৯৮৯) আছিল এজন ব্ৰিটিছ দাৰ্শনিক। তেওঁৰ দাৰ্শনিক গ্ৰন্থ বিশেষকৈ (Language, Truth, and Logic, 1936) আৰু (The Problem of Knowledge, 1956)ৰ বাবে তেওঁ বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল।
-
আৰ্তভাগ (ঋষি)
আৰ্তভাগ (সংস্কৃত: आर्तभाग) আছিল এজন ভাৰতীয় দাৰ্শনিক, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত তেওঁ আয়োজন কৰা বহুদক্ষিণা যজ্ঞত অংশগ্ৰহণ কৰিছিল। তেওঁ জৰৎকাৰু বংশৰ বৈদিক ঋষি আছিল। আৰ্তভাগ ঋতভাগৰ পুত্ৰ।
-
এলেন ক'ৰনাৰ' পিচ্ক'পিয়া
এলেন ক'ৰনাৰ' পিচ্ক'পিয়া, যি হেলেন ক'ৰনাৰ' হিচাপেও জনাজাত আছিল ভেনেটিয়ান দাৰ্শনিক। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক ডিগ্ৰী পোৱা প্ৰথম মহিলাসকলৰ এগৰাকী আছিলে। ১৬৭৮ চনত তেওঁ বিশ্বৰ ভিতৰতে ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথম মহিলা হয়।