অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰেডৰিখ নিৎসে

ফ্ৰীড্ৰিশ ৱিলহেল্ম নীচ্য (Friedrich Wilhelm Nietzsche,; ১৫ অক্টোবৰ ১৮৪৪ – ২৫ আগষ্ট ১৯০০) আছিল এজন জাৰ্মান দাৰ্শনিক আৰু লেখক, যিয়ে এগৰাকী ধ্ৰুপদী ভাষাবিজ্ঞানী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু শিক্ষাজীৱনৰ প্ৰথম ভাগতে দৰ্শনৰ পিনে ধাবিত হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৮৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ফ্ৰীড্ৰিশ ৱিলহেল্ম নীচ্য (Friedrich Wilhelm Nietzsche,; ১৫ অক্টোবৰ ১৮৪৪ – ২৫ আগষ্ট ১৯০০) আছিল এজন জাৰ্মান দাৰ্শনিক আৰু লেখক, যিয়ে এগৰাকী ধ্ৰুপদী ভাষাবিজ্ঞানী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু শিক্ষাজীৱনৰ প্ৰথম ভাগতে দৰ্শনৰ পিনে ধাবিত হৈছিল। ১৮৬৯ চনত, ২৪ বছৰ বয়সত তেওঁ বাজল বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী ভাষাবিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্ত হয়। জীৱনৰ অধিকাংশ সময় স্বাস্থ্যজনিত সমস্যাত ভোগাৰ বাবে তেওঁ ১৮৭৯ চনত বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ এজন স্বতন্ত্ৰ লেখক হিচাপে জীৱন অতিবাহিত কৰে। নিজৰ শাৰীৰিক অৱস্থাৰ উপশম ঘটাব পৰা জলবায়ুৰ সন্ধানত তেওঁ ছুইজাৰলেণ্ড, ইতালী আৰু দক্ষিণ ফ্ৰাঞ্চৰ মাজত অহা-যোৱা কৰিছিল আৰু আপেক্ষিক নিসংগত আৰু আৰ্থিক নিৰাপত্তাহীনতাৰ মাজতে জীৱনৰ বহু সময় পাৰ কৰিছিল। পৰৱৰ্তী দশকত তেওঁ নিজৰ মূল লেখাৰ সৰহভাগ সম্পূৰ্ণ কৰে। ১৮৮৯ চনত, ৪৪ বছৰ বয়সত তেওঁ এক স্নায়ৱিক পতনৰ সন্মুখীন হয় আৰু তাৰ পিছত তেওঁৰ মানসিক ক্ষমতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলায়, লগতে তেওঁ পক্ষাঘাত আৰু সংবাহী স্মৃতিভ্ৰংশত আক্ৰান্ত হয়; মৃত্যুৰ পূৰ্বে বাকী থকা ১১টা বছৰ তেওঁ প্ৰথমতে মাতৃ আৰু পিছলৈ ভগ্নীৰ তত্ত্বাৱধানত অতিবাহিত কৰে। তেওঁৰ কৰ্মৰাজি আৰু তেওঁৰ দৰ্শনে কেৱল ব্যাপক পাণ্ডিত্যপূৰ্ণ গৱেষণাই নহয়, বৰঞ্চ বিপুল জনপ্ৰিয় আগ্ৰহো গঢ়ি তুলিছে।

নীচ্যৰ ৰচনায় কবিতা, সাংস্কৃতিক সমালোচনা আৰু দাৰ্শনিক প্ৰবন্ধক সামৰি লৈছে, য’ত আপ্তবাক্য আৰু বিদ্ৰূপৰ প্ৰতি এক বিশেষ অনুৰাগ প্ৰদৰ্শন হৈছে। তেওঁৰ দৰ্শনৰ প্ৰধান উপাদানসমূহৰ ভিতৰত আছে পৰিপ্ৰেক্ষিতবাদৰ সপক্ষে বস্তুনিষ্ঠ সত্যৰ আমূল সমালোচনা; খ্ৰীষ্টান নৈতিকতাৰ এক বংশাৱলীমূলক সমালোচনা আৰু তাৰ সৈতে জড়িত প্ৰভু–দাস নৈতিকতাৰ তত্ত্ব; ধৰ্মৰ দুৰ্বলতা (“ঈশ্বৰ মৰি গৈছে”)১ আৰু ইয়াৰ পিছত অহা শূন্যতাবাদৰ সংকটৰ সঁহাৰি স্বৰূপে জীৱনৰ নান্দনিক দৃঢ়তা; আপ'ল্ল'নীয় আৰু দিঅ'ন্যুছীয় দ্বৈততাৰ ধাৰণা; আৰু মানৱ বিষয়ক প্ৰতিযোগী ইচ্ছাসমূহৰ প্ৰকাশ হিচাপে বৈশিষ্ট্যযুক্ত কৰা, যাক সামূহিকভাৱে ক্ষমতালৈ ইচ্ছা বুলি বুজা যায়। তেওঁৰ পিছৰ ৰচনাসমূহত ঊৰ্ধ্বমানুহ (উবাৰমেন্শ্ব), মূল্যবোধৰ পুনৰ্মূল্যায়ন, আৰু চিৰন্তন প্ৰত্যাৱৰ্তনৰ দৰে প্ৰভাৱশালী ধাৰণা বিকশিত হৈছিল। তেওঁৰ কৰ্মৰাজিয়ে নন্দনশাস্ত্ৰ, সাংস্কৃতিক ভাষাবিজ্ঞান, ইতিহাস, সংগীত, ধৰ্ম, বিয়োগান্ত নাট, সংস্কৃতি আৰু বিজ্ঞানকে ধৰি বহুতো বিষয় স্পৰ্শ কৰিছিল, আৰু গ্ৰীক বিয়োগান্ত নাট, আৰ্টুৰ শ্ব’পনহাৱাৰ, ৰাল্ফ ৱাল্ড' ইমাৰচন আৰু ৰিচাৰ্ড ৱগনাৰৰ দৰে বৈচিত্ৰ্যময় উৎসৰ পৰা প্ৰেৰণা লাভ কৰিছিল।

নীচ্যৰ মৃত্যুৰ পিছত তেওঁৰ ভগ্নী এলিজাবেত ফয়েৰষ্টাৰ-নীচ্য তেওঁৰ পাণ্ডুলিপিসমূহৰ কিউৰেটৰ আৰু সম্পাদক হয়। তেওঁ নীচ্যৰ অপ্ৰকাশিত লেখাসমূহ নিজৰ জাৰ্মান অতি-জাতীয়তাবাদী মতাদৰ্শৰ সৈতে খাপ খুৱাই সম্পাদনা কৰিছিল, যিবোৰে প্ৰায়ে নীচ্যৰ স্পষ্ট মতামতসমূহৰ বিৰোধিতা বা অস্পষ্ট কৰি তুলিছিল, কাৰণ নীচ্য নিজে ইহুদীবৈৰিতা আৰু জাতীয়তাবাদৰ স্পষ্ট বিৰোধী আছিল। তেওঁৰ প্ৰকাশিত সংস্কৰণবোৰৰ বাবেই নীচ্যৰ কৰ্মৰাজি ফাশ্বীবাদ আৰু নাৎছীবাদৰ সৈতে সাঙোৰ খাই পৰে। বিংশ শতিকাৰ ৱাল্টাৰ কাউফমান, আৰ. জে. হলিংডেইল আৰু জৰ্জ বাতাইৰ দৰে পণ্ডিতসকলে এই ব্যাখ্যাৰ বিৰুদ্ধে নীচ্যক প্ৰতিৰক্ষা কৰে আৰু অতি সোনকালেই তেওঁৰ লেখাৰ সংশোধিত সংস্কৰণসমূহ উপলব্ধ কৰা হয়। ইয়াৰ পিছত ১৯৬০ চনত নীচ্যৰ ৰচনাসমূহে নৱীকৃত জনপ্ৰিয়তা লাভ কৰে আৰু তেতিয়াৰ পৰাই তেওঁৰ ধাৰণাসমূহে সমগ্ৰ দৰ্শনৰ বিংশ আৰু একবিংশ শতিকাৰ চিন্তাবিদসকলৰ ওপৰত—বিশেষকৈ মহাদেশীয় দৰ্শনৰ ধাৰা যেনে অস্তিত্ববাদ, উত্তৰ-আধুনিকতাবাদ আৰু উত্তৰ-গাঁথনিবাদত—ব্যাপক প্ৰভাৱ পেলাইছে। ইয়াৰ লগতে কলা, সাহিত্য, সংগীত, কবিতা, ৰাজনীতি আৰু জনপ্ৰিয় সংস্কৃতিৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম।

জীৱন

ফ্ৰেডৰিখ উইলহেম নিৎসেই জন্মগ্ৰহণ কৰিছিল ১৮৪৪ চনৰ ১৫ অক্টোবৰ তাৰিখে প্ৰুশিয়াৰ ৰ'কেন নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতৃ এজন লুটাৰান পাদ্ৰী আছিল, আৰু পিতৃৰ মৃত্যুৰ পাছত তেওঁ মাক আৰু দেউতাকৰ পৰিয়ালৰ লগত ডেলিৎস্‌শ নামৰ ঠাইত ডাঙৰ হয়। নিৎসে এজন মেধাবী ছাত্ৰ আছিল আৰু তেওঁ প্ৰথমে শ্ল'ফোৰ্ট বিদ্যালয়ত অধ্যয়ন কৰি পাছত লেইপজিগ বিশ্ববিদ্যালয়ত প্ৰাচীন ভাষা আৰু দাৰ্শনিকতা অধ্যয়ন কৰিছিল। ২৪ বছৰ বয়সতে, তেওঁ বাসেল বিশ্ববিদ্যালয়ত ধ্বনিতত্ত্বৰ অধ্যাপক হিচাপে নিযুক্ত হয় — যি সময়ত তেওঁয়ে ৰিচাৰ্ড ৱেগনাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলে। কিন্তু স্বাস্থ্য সমস্যা আৰু ব্যক্তিগত মতপাৰ্থকৰ বাবে তেওঁৰ অধ্যাপনা জীৱন ক্ষিপ্ৰভাৱে সমাপ্ত হয়। তেওঁৰ জীৱনৰ শেষ বছৰসমূহ মানসিক বিকাৰত আক্ৰান্ত হৈ ৱেইমাৰত কটাইছিল আৰু ১৯০০ চনৰ ২৫ আগষ্ট তাৰিখে তেওঁৰ মৃত্যু ঘটে।২

দাৰ্শনিক চিন্তা

নিৎসে মূলতঃ পাশ্চাত্য নৈতিকতা, ধৰ্মবিশ্বাস, আৰু দাৰ্শনিক পৰম্পৰাৰ কঠোৰ সমালোচক আছিল। তেওঁ ঈশ্বৰৰ মৃত্যু ("Gott ist tot")ৰ ঘোষণা কৰি আধুনিক সমাজত ধৰ্মীয় মূল্যবোধৰ অৱক্ষয় বৰ্ণনা কৰিছিল। তেওঁ ‘‘Übermensch’’ বা ‘‘ঊৰ্ধ্ব-মানৱ’’ৰ ধাৰণা আগবঢ়াইছিল — যি নিজেই নিজৰ নৈতিকতা নিৰ্মাণ কৰে। তেওঁৰ "Will to Power" (ক্ষমতাৰ ইচ্ছা) ধাৰণাই ইঙ্গিত দিয়ে যে জীৱৰ প্ৰধান অনুপ্ৰেৰণা হ’ল ক্ষমতা অৰ্জন আৰু আত্ম-অভিব্যক্তি। নিৎসে বিশ্বাস কৰিছিল যে জীৱন পুনৰ পুনৰ ঘটি থাকে (eternal recurrence) আৰু মানুহে এনে জীৱন বাচি ল’ব লাগিব যি পুনৰ ঘটা হ’লে তেওঁ অনুতপ্ত নহ’ব।৩

অধ্যয়ন আৰু প্ৰভাৱ

নিৎসে আৰ্টোৰ শ্ব'পেনহাৱাৰৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল, বিশেষকৈ "ইচ্ছা"ৰ ধাৰণাৰ ক্ষেত্ৰত। প্লেটো, ইমানুৱেল কাণ্ট, ৰিচাৰ্ড ৱেগনাৰ, আৰু এমাৰচনৰ লেখাবোৰেও তেওঁক প্ৰভাৱিত কৰিছিল। তেওঁৰ ৰচনাবোৰ পঢ়া সহজ নহয়, কাৰণ তেওঁ কাব্যিক, অলংকাৰিক আৰু প্ৰায়ে আফোৰিজমত লিখিছিল। তথাপি, তেওঁৰ দৰ্শনে মাৰ্টিন হেইডেগাৰ, জঁ-পল ছাৰ্ত্ৰ, মিছেল ফুকো, আলবেৰ কেমু, কাৰ্ল জুং, আৰু চিগ্‌মণ্ড ফ্ৰয়েড আদিক প্ৰভাৱিত কৰিছিল।৪

স্বীকৃতি আৰু পৰম্পৰা

জীৱন্ত অৱস্থাত নিৎসে প্ৰায় অচিনাকি আছিল, কিন্তু মৃত্যুৰ পাছত তেওঁৰ দৰ্শনে বিংশ শতিকাৰ দাৰ্শনিকতা, সাহিত্য আৰু মনোবিজ্ঞানত গভীৰ প্ৰভাৱ পেলালে। যদিও তেওঁৰ দৰ্শনৰ কিছু অংশ নাজী জাৰ্মানীৰ দ্বাৰা বিকৃতভাৱে ব্যৱহাৰ কৰা হৈছিল, আধুনিক গৱেষকসকলে তেওঁক ফেচিষ্ট বুলি বৰ্ণনা নকৰে। বৰং, তেওঁৰ লেখাত স্বতন্ত্ৰতা, আত্ম-সৃষ্টি, আৰু শক্তিৰ মাপকাঠিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়।৫

ৰচনাসমূহ

নিৎসে বহুসংখ্যক দাৰ্শনিক গ্ৰন্থ ৰচনা কৰিছিল। তলত তেওঁৰ কিছু প্ৰধান কৃতিৰ তালিকা দিয়া হৈছে:

  • The Birth of Tragedy (১৮৭২)
  • Thus Spoke Zarathustra (১৮৮৩–৮৫)
  • Beyond Good and Evil (১৮৮৬)
  • On the Genealogy of Morality (১৮৮৭)
  • Ecce Homo (১৮৮৮)
  • Twilight of the Idols (১৮৮৮)
  • The Antichrist (১৮৮৮)৬

তথ্যসূত্ৰ

  1. ↑ Hunt, Lester H. (1985). Politics and Anti-Politics: Nietzsche's View of the State. History of Philosophy Quarterly. পৃ. 453–468
  2. ↑ Safranski, Rüdiger. Nietzsche: A Philosophical Biography. W. W. Norton & Company, 2002
  3. ↑ Nietzsche, Friedrich. Thus Spoke Zarathustra. Translated by Walter Kaufmann. Penguin Classics, 1978
  4. ↑ Magnus, Bernd. Nietzsche's Existential Imperative. Indiana University Press, 1978
  5. ↑ Young, Julian. Friedrich Nietzsche: A Philosophical Biography. Cambridge University Press, 2010
  6. ↑ Nietzsche, Friedrich. Basic Writings of Nietzsche. Translated by Walter Kaufmann, Modern Library, 2000

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেডৰিখ নিৎসে” প্ৰবন্ধৰ সংশোধন ৬৩২২১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।