দাৰ্শনিক
৭৮ প্ৰবন্ধ
-
গালেন
গালেন (Galenus, আনুমানিক ১২৯ – ২০০/২১৬ খ্ৰীষ্টাব্দ) আছিল এগৰাকী প্ৰাচীন ৰোমান চিকিৎসক, দাৰ্শনিক আৰু চিকিৎসা-সাহিত্যৰ অন্যতম বিশিষ্ট লেখক। তেওঁ গ্ৰীক ভাষাত হিপোক্ৰেটিচৰ চিকিৎসা মতবাদৰ ওপৰত আধাৰিত বহু গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল পাৰ্গামামৰ এগৰাকী ধনী স্থপতিৰ ঘৰত।
-
চুন জু
চুন জু(Sun Tzu) (অনুমাণিক ৫৪৪–৪৯৬ খ্ৰীষ্টপূৰ্ব) আছিল প্ৰাচীন চীনৰ এজন কিংবদন্তি সামৰিক জেনেৰেল, ৰণনীতিবিদ আৰু দাৰ্শনিক। তেওঁ চীনৰ বসন্ত আৰু শৰৎকালৰ যুগত বসবাস কৰিছিল। সামৰিক ৰণনীতিৰ ওপৰত ৰচিত পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ দ্য আৰ্ট অৱ ৱাৰ (যুদ্ধৰ কলা) ৰচনা কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।
-
চ্যু জি
চ্যু জি (চীনা ভাষা: 朱熹; Pinyin: Zhū Xī; জন্ম: ১৮ অক্টোবৰ ১১৩০ – মৃত্যু: ২৩ এপ্ৰিল ১২০০) আছিল এজন চীনা দাৰ্শনিক, শিক্ষাবিদ আৰু নিও-কনফুচিয়ানিজমৰ অন্যতম স্ৰষ্টা। ছং ৰাজবংশৰ সময়ত জীৱন কটাই, চ্যু জিয়ে কনফুচিয়ান দৰ্শনৰ এক গঢ়-পুনৰ্গঠন আগবঢ়াইছিল।
-
ছিলভিয়া ফেডেৰিচি
ছিলভিয়া ফেডেৰিচি (জন্ম: ১৯৪২) হৈছে এগৰাকী ইটালী-আমেৰিকান শিক্ষাবিদ, শিক্ষয়িত্ৰী আৰু মাৰ্ক্সবাদী নাৰীবাদী কৰ্মী। তেওঁ নিউয়ৰ্কত বাস কৰে। তেওঁক মাৰ্ক্সবাদী নাৰীবাদী তত্ত্ব, নাৰীৰ ইতিহাস, ৰাজনৈতিক দৰ্শন আৰু কমনছৰ ইতিহাস আৰু তত্ত্বৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে গণ্য কৰা হয়।
-
জাক দেৰিদা
জাক দেৰিদা (Jacques Derrida,; ১৫ জুলাই ১৯৩০ – ৯ অক্ট’বৰ ২০০৪) আছিল এজন ফৰাচী–আলজেৰীয় দাৰ্শনিক। তেওঁ বিনিৰ্মাণ (deconstruction) দৰ্শন গঢ়ি তুলিছিল, তেওঁ তেওঁৰ কেইবাখনো গ্ৰন্থত বিনিৰ্মাণ দৰ্শন ব্যৱহাৰ কৰিছিল আৰু ফাৰ্ডিনাণ্ড ডি ছ’ছুৰ ভাষাবিজ্ঞান (linguistics) আৰু হাছাৰলিয়ান আৰু হাইডেগাৰিয়ান…
-
জিউচেপা বাৰ্বাপিকোলা
জিউচেপা এলেনোৰা বাৰ্বাপিকোলা (১৭০২ – ca ১৭৪০) ইটালীৰ এজন প্ৰাকৃতিক দাৰ্শনিক, কবি আৰু অনুবাদক আছিল। ১৭২২ চনত ৰেনে ডেকাৰ্টৰ দৰ্শনৰ নীতিসমূহ ইটালীয় ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
জেফ্ৰি চ'ছাৰ
জেফ্ৰি চ'ছাৰ (Geoffrey Chaucer) (আনু. ১৩৪৩ – ১৪০০]) এজন ইংৰাজ লেখক, কবি, দাৰ্শনিক, আমোলা, ৰাজনৈতিক উপদেষ্টা আৰু কূটনীতিবিদ। তেখেত বহু কেইখন বিখ্যাত গ্ৰন্থৰ প্ৰণেতা। কিন্তু তেওঁক আটাইতকৈ বেছি স্মৰণ কৰা হয় দ্য কেণ্টাৰবেৰী টেলছ নামৰ অসমাপ্ত আখ্যান-সংকলনৰ বাবে।
-
টমাচ আকুইনাচ
টমাচ আকুইনাচ (Thomas Aquinas) (১২২৫ চন চাৰা, ৰক্কাসেচ্চা, ইটালী – ৭ মাৰ্চ ১২৭৪, ফ’শাভানা, ইতালি) আছিল এজন ইটালীয় ডমিনিকান তাত্ত্বিক, দাৰ্শনিক আৰু মধ্যযুগীয় চোলাষ্টিক চিন্তাবিদ। তেওঁ 'Summa Theologiae' আৰু 'Summa Contra Gentiles' লিখি খ্ৰীষ্টান ধৰ্মতত্ত্বত বিষদ ও যুক্তিপূৰ্ণ পদ্ধতি স্থাপন কৰে।
-
ডং ঝংছু
ডং ঝংছু (; খ্ৰীষ্টপূৰ্ব ১৭৯–১০৪) আছিল হান ৰাজবংশৰ এগৰাকী চীনা দাৰ্শনিক, ৰাজনীতিবিদ আৰু লেখক। পৰম্পৰাগতভাৱে তেওঁ চীনৰ সাম্ৰাজ্যবাদী ৰাষ্ট্ৰৰ চৰকাৰী আদৰ্শ হিচাপে কনফুচীয়বাদক প্ৰচাৰ কৰাৰ সৈতে জড়িত। তেওঁ পঞ্চতত্ত্বৰ পৰম্পৰাগত উপাসনাৰ তুলনাত স্বৰ্গ-উপাসনাক অধিক গুৰুত্ব দিছিল।
-
থমাচ হবছ
থমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬৫১ চনত লিখা লেভিয়াথান গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত, য'ত তেওঁ সামাজিক চুক্তি তত্ত্বৰ এক প্ৰভাৱশালী ধাৰণা বিশদভাৱে ব্যাখা কৰে। তেওঁক আধুনিক ৰাজনৈতিক দৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
বেন ঝাও
বেন ঝাও (Ban Zhao, চীনা ভাষাত: 班昭; ৪৫ বা ৪৯ – প্ৰায় ১১৭/১২০ খ্ৰীষ্টাব্দ) এগৰাকী চীনা ইতিহাসবিদ, দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ আছিল প্ৰথমগৰাকী পৰিচিত চীনা ইতিহাসবিদ আৰু এপিডাউৰাছৰ পেম্ফাইলৰ সৈতে প্ৰথম পৰিচিত মহিলা ইতিহাসবিদসকলৰ ভিতৰত অন্যতম।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
-
লাউযি
লাউযি (চীনা: 老子; Pinyin: Lǎozǐ; অৰ্থ: “পুৰণি গুৰুঃ”) ৬ষ্ঠ-৫ম শতিকাৰ খ্ৰীষ্টপূৰ্বৰ এজন প্ৰচীন চীনা দাৰ্শনিক। তেওঁক তাওবাদ (Taoism বা Daoism)-ৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
লুডৱিগ ৱিটগেনষ্টাইন
লুডৱিগ ৱিটগেনষ্টাইন (ইংৰাজী: Ludwig Wittgenstein; জন্ম: ২৬ এপ্ৰিল ১৮৮৯ – মৃত্যু: ২৯ এপ্ৰিল ১৯৫১) এজন অষ্ট্ৰিয়ান দাৰ্শনিক আছিল, যি মূলত ভাষা, যুক্তি, চেতনাতত্ত্ব আৰু গণিতৰ দাৰ্শনিক ভিত্তিৰ ওপৰত কাম কৰিছিল। তেওঁক ২০শ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী দাৰ্শনিকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
হান ফেই
হান ফেই (Han Fei) (আনুমানিক ২৮০-২৩৩ খ্ৰীষ্টপূৰ্ব), যাক হান ফেইজি বুলিও জনা যায়, আছিল যুদ্ধৰত ৰাজ্যসমূহৰ যুগৰ (Warring States period) এজন অন্যতম চীনা দাৰ্শনিক আৰু ৰাজনীতিবিদ। তেওঁ চীনৰ লীগেলাজিম বা ধৰ্মশাস্ত্ৰবাদৰ (Legalism/Fajia) সৰ্বশ্ৰেষ্ঠ সংশ্লেষক আছিল।
-
হিপ্পোৰ আগষ্টিন
হিপ্পোৰ আগষ্টিন (Augustine of Hippo) (১৩ নভেম্বৰ ৩৫৪ – ২৮ আগষ্ট ৪৩০) আছিল নুমিদিয়া (আলজেৰিয়া)ৰ হিপ্পো বিশোপ আৰু প্ৰকাশক দাৰ্শনিক-ধৰ্মতত্ত্ববিদ। তেওঁ ‘Confessions’ আৰু ‘The City of God’ লিখি খ্ৰীষ্টান চিন্তাধাৰাত গভীৰ প্ৰভাব পেলায়। তেওঁৰ জন্ম হৈছিল টাগাস্তেৰ (বৰ্তমান আলজেৰিয়া)ত।
-
ৰজনীশ
ৰজনীশ (Rajneesh) (জন্ম: চন্দ্ৰ মোহন জৈন; ১১ ডিচেম্বৰ ১৯৩১১৯ জানুৱাৰী ১৯৯০) আচাৰ্য ৰজনীশ বুলি পৰিচিত৷ তেওঁৰ জনপ্ৰিয় নাম হৈছে অশ্বো দাৰ্শনিক, ৰহস্যবাদী, আৰু ৰজনীশ আন্দোলনৰ প্ৰতিষ্ঠাপক৷ আধ্যাত্মিক অভিজ্ঞতাক ধৰ্মীয় মতবাদৰ কোনো এটা ব্যৱস্থাত সংগঠিত কৰিব নোৱাৰি বুলি জোৰকৈ কৈছিল।
-
ৰোজা লাক্সেমবাৰ্গ
ৰোজা লাক্সেমবাৰ্গ (ইংৰাজী: Rosa Luxemburg; জন্ম: ৫ মাৰ্চ ১৮৭১ – মৃত্যু: ১৫ জানুৱাৰী ১৯১৯) এজনী প’লিশ-জাৰ্মান মাৰ্ক্সবাদী দাৰ্শনিক, অৰ্থনীতিবিদ, ৰাজনীতিক, আৰু বিপ্লৱী আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিৰ জাৰ্মান আৰু ইউৰোপীয় সমাজবাদী আন্দোলনত এক মুখ্য চৰিত্ৰ আছিল।