অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মায়াবাজাৰ (১৯৫৭ চলচ্চিত্ৰ)

মায়াবাজাৰ (Mayabazar ) ১৯৫৭ চনৰ কে ভি নাগীৰেড্ডী পৰিচালিত এখন ভাৰতীয় মহাকাব্যিক হিন্দু পৌৰাণিক ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত চক্ৰপানীয়ে এইখন প্ৰযোজনা কৰিছে। তেলেগু আৰু তামিল ভাষাত একেলগে ছবিখনৰ শ্বুটিং কৰা হৈছিল; মাত্ৰ অভিনেতা-অভিনেত্ৰীসকলৰ কিছু সালসলনি কৰা হৈছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মায়াবাজাৰ (Mayabazar )১ ১৯৫৭ চনৰ কে ভি নাগীৰেড্ডী পৰিচালিত এখন ভাৰতীয় মহাকাব্যিক হিন্দু পৌৰাণিক ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত চক্ৰপানীয়ে এইখন প্ৰযোজনা কৰিছে।২৩ তেলেগু আৰু তামিল ভাষাত একেলগে ছবিখনৰ শ্বুটিং কৰা হৈছিল; মাত্ৰ অভিনেতা-অভিনেত্ৰীসকলৰ কিছু সালসলনি কৰা হৈছিল। মহাকাব্য মহাভাৰতৰ চৰিত্ৰৰ আধাৰত নিৰ্মিত ছবিখন লোককথা “শশীৰেখা পৰিণয়ম”ৰ অভিযোজন। কৃষ্ণ (এন. টি. ৰামা ৰাও) আৰু ঘটোৎকচক (এছ. ভি. ৰংগৰাও) কেন্দ্ৰ কৰি মায়াবাজাৰৰ কাহিনী আগবাঢ়ে। তেওঁলোকে অৰ্জুনৰ পুত্ৰ অভিমন্যুক (তেলেগু: অক্কিনেনী নাগেশ্বৰ ৰাও, তামিল: মিথুন গণেশন) তেওঁৰ প্ৰেম বলোৰামৰ কন্যা শশীৰেখাৰ (সাবিত্ৰী) সৈতে পুনৰমিলন কৰাবলৈ চেষ্টা কৰে। তেলেগু সংস্কৰণত গুম্মাদি, মুক্কামালা, ৰমনা ৰেড্ডী আৰু ৰেলাংগীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। আনহাতে ডি বালসুব্ৰমণিয়াম, আৰ বালসুব্ৰমণিয়াম, ভি এম এঝুমলাই আৰু কে এ থাংগাভেলুৱে তামিল সংস্কৰণত সেই চৰিত্ৰসমূহ অভিনয় কৰিছে।

বিজয়া প্ৰডাকচনছৰ ষ্টুডিঅ’ৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পৌৰাণিক ছবি মায়াবাজাৰে নাগী ৰেড্ডী আৰু চক্ৰপানীৰ বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰৈছে। কাৰিকৰী দলৰ উপৰিও লাইট মেন, কাঠমিস্ত্ৰী, আৰু চিত্ৰকৰকে ধৰি ৪০০ ষ্টুডিঅ’ কৰ্মীয়ে ছবিখনৰ নিৰ্মাণত অংশগ্ৰহণ কৰিছিল। পৰিচালক ৰেড্ডী প্ৰি-প্ৰডাকচন আৰু কাষ্টিং পৰ্যায়ৰ ক্ষেত্ৰত যথেষ্ঠ সাবধান আছিল আৰু এই পৰ্যায়টো সম্পূৰ্ণ হ’বলৈ প্ৰায় এবছৰ সময় লাগিছিল। যদিও ৰামাৰাৱে প্ৰথম অৱস্থাত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ অনিচ্ছুক আছিল, কৃষ্ণৰ চৰিত্ৰত তেওঁৰ অভিনয়ে প্ৰশংসা লাভ কৰিছিল আৰু কেইবাখনো অসম্বন্ধীয় ছবিত একেটা চৰিত্ৰত পুনৰ অভিনয় কৰাৰ অধিক প্ৰস্তাৱ লাভ কৰিছিল।৪ ইয়াত মুঠতে বাৰটা গীত আছে, য'ত বেছিভাগ সংগীত ৰচনা স্কোৰ ঘন্টাশালে কৰিছে। তেলেগু গীতৰ কথা লিখিছিল পিংগালী নাগেন্দ্ৰৰাৱে আৰু তামিল গীতৰ কথা লিখিছিল থাঞ্জাই এন ৰামাইয়া দাসে। সেই গীতবোৰৰ ভিতৰত এটা গীত লাহিৰী লাহিৰিৰ শ্বুটিং চিনেমেট’গ্ৰাফাৰ মাৰ্কাছ বাৰ্টলিয়ে কৰিছিল।

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Nag, Kushali. (23 May 2012). Mayabazar is an interplay of illusions and reality. The Telegraph
  2. ↑ (2013-05-12). 'Mayabazar' is India's greatest film ever: IBNLive poll. News18
  3. ↑ Tetali, Sagar. (2022-11-24). Mayabazar, One Of Telugu Cinema's Foundational Epics Is 65. www.filmcompanion.in
  4. ↑ Narasimham, M. L. (19 December 2008). One for the road. The Hindu

সম্পৰ্কিত শ্ৰেণী

তেলেগু চলচ্চিত্ৰতামিল চলচ্চিত্ৰ১৯৫৭ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়াবাজাৰ (১৯৫৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০১৫০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।