চীনৰ থলুৱা চিত্ৰকলা (ইংৰাজী ভাষা: Vernacular painting in China) হৈছে দৈনন্দিন ঘৰুৱা জীৱনৰ দৃশ্যসমূহ বাস্তৱসন্মতভাৱে ফুটাই তোলা এক প্ৰকাৰৰ লোকচিত্ৰশৈলী।
এই শব্দটো প্ৰায়ে সেইবোৰ চিত্ৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিবোৰ উচ্চ চিং যুগৰ চীনত নতুন বছৰ আৰু জন্মদিনৰ দৰে উৎসৱ-পাৰ্বনত প্ৰদৰ্শন কৰা হৈছিল।১ ২০১০ চনত প্ৰকাশিত নিজৰ ‘পিকচাৰ্ছ ফৰ ইউজ এণ্ড প্লেজাৰ’ নামৰ গ্ৰন্থখনত শিল্প ইতিহাসবিদ জেমছ কেচিলে এই শব্দটোক সংজ্ঞায়িত কৰি কৈছে: "এয়া হৈছে শতিকাজুৰি চহৰবোৰৰ ষ্টুডিঅ' শিল্পীসকলে সৃষ্টি কৰা এক বিশাল চিত্ৰকলাৰ সংগ্ৰহ, যিসকল শিল্পীয়ে বিভিন্ন দৈনন্দিন ঘৰুৱা আৰু অন্যান্য প্ৰয়োজনীয়তা অনুসৰি ছবিসমূহ তৈয়াৰ কৰিছিল।"২ এই চিত্ৰসমূহ প্ৰায়ে ৰেচম কাপোৰৰ ওপৰত অংকন কৰা হৈছিল,৩ আৰু বিশেষকৈ মহিলাসকলৰ বাবে তৈয়াৰ কৰা চিত্ৰসমূহত "পণ্ডিত বা অভিজাত শ্ৰেণীৰ চিত্ৰকলাত স্থান নোপোৱা বিভিন্ন বিষয়বস্তু" চিত্ৰিত কৰাৰ বাবে জনাজাত আছিল।৪
এই চিত্ৰসমূহে চীনা সমাজৰ জীৱনশৈলী আৰু ইয়াৰ কাৰ্যকলাপ প্ৰকাশ কৰিছিল। চহৰৰ ষ্টুডিঅ'বোৰত কম নাম-যশ থকা ওস্তাদ শিল্পীসকলে প্ৰায়ে এই থলুৱা চিত্ৰসমূহ নিৰ্মাণ কৰিছিল। সেই সময়ৰ অন্যান্য চিত্ৰকলাৰ তুলনাত এই চিত্ৰসমূহৰ এক ব্যৱহাৰিক বা কাৰ্যকৰী দিশ আছিল আৰু এইবোৰত প্ৰায়ে কোনো শিলালেখ বা লিখনি নাছিল,৫ আনহাতে সেই সময়ৰ মূলসুঁতিৰ সংস্কৃতিয়ে "ব্যৱহাৰিকতাবাদক তুচ্ছ জ্ঞান কৰিছিল।"২
যিহেতু চীনা কলা-ৰসিকসকলে এনে চিত্ৰ পছন্দ কৰিছিল য'ত শিল্পীজনৰ তুলিকাৰ দক্ষতাৰ লগতে তেওঁলোকৰ অনুভৱ আৰু ব্যক্তিত্ব প্ৰতিফলিত হয়, সেয়েহে এই থলুৱা চিত্ৰসমূহক কম মূল্যৱান আৰু অপ্ৰাসংগিক বুলি গণ্য কৰা হৈছিল।২ অৱশ্যে, এই থলুৱা চিত্ৰকলাৰ কিছুমান উপাদান— যেনে বিবাহ আৰু জন্মদিনৰ দৰে অনুষ্ঠান বা উৎসৱৰ বাবে ছবি ব্যৱহাৰ কৰাৰ পৰম্পৰা— পৰৱৰ্তী সময়ত ছাংহাই চিত্ৰকলাৰ দৰে কিছুমান উচ্চমানৰ অভিজাত শিল্পশৈলীয়ে গ্ৰহণ কৰিছিল।৬
সাহিত্য
- Cahill, James. Pictures for Use and Pleasure: Vernacular Painting in High Qing China. Berkeley: University of California Press, 2010.
তথ্যসূত্ৰ
- ↑ Chang, Michael G. (2010). Pictures for Use and Pleasure: Vernacular Painting in High Qing China (review). China Review International. পৃ. 299–303
- ↑ Cahill, James. (2010). Pictures for use and pleasure: vernacular painting in high Qing China. University of California Press. ISBN 9780520258570
- ↑ Smith, Richard J. (2015). The Qing Dynasty and Traditional Chinese Culture. Rowman & Littlefield. পৃ. 274. ISBN 9781442221949
- ↑ Murck, Alfreda. (2015). A Companion to Chinese Art. John Wiley & Sons, Inc. পৃ. 455–473. ISBN 9781118885215
- ↑ Powers, Martin J.; Tsiang, Katherine R. (2015). A Companion to Chinese Art. John Wiley & Sons. ISBN 9781118885208
- ↑ Wue, Roberta. (2014). Art Worlds: Artists, Images, and Audiences in Late Nineteenth-Century Shanghai. Hong Kong University Press. পৃ. 54. ISBN 9788208463
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনৰ থলুৱা চিত্ৰকলা” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৭০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।