ছিউ-হুৱা-ছিয়ে (xiuhuaxie ), যাক চীনা জোতা১, চীনা শৈলীৰ এম্ব্ৰইডাৰী কৰা জোতা১ আৰু চীনা চেণ্ডেল২ বুলিও জনা যায়। ই চীনা পৰম্পৰাগত কাপোৰৰ জোতা ৰ এটা সুপৰিচিত উপ-প্ৰকাৰ। ছিউ-হুৱা-ছিয়েৰ বৈশিষ্ট্য হৈছে জোতাত সুন্দৰ আৰু বৰ্ণিল চীনা এম্ব্ৰইডাৰী ব্যৱহাৰ কৰি বিভিন্ন নক্সা সৃষ্টি কৰা। এই এম্ব্ৰইডাৰী জোতাৰ ওপৰৰ অংশৰ গোৰোহাৰপৰা আগফাললৈকে, জোতাৰ তলভাগ আৰু আনকি জোতাৰ ভিতৰৰ পেডতো কৰা হয়।১
ছিউ-হুৱা-ছিয়ে নিৰ্মাণৰ পৰম্পৰাগত হস্তশিল্প চীনৰ নিজা আৰু প্ৰাচীন কালৰেপৰা চীনা লোকসকলে এই শিল্পচৰ্চা কৰি আহিছে। এই শিল্পত চীনা জোতা সংস্কৃতি আৰু চীনা এম্ব্ৰইডাৰী শিল্পৰ সমন্বয় ঘটিছে।১ এই শিল্পৰ উৎপত্তি প্ৰায় ২৬০০ বছৰ পূৰ্বে বসন্ত আৰু শৰৎকালীন যুগত শানছি প্ৰদেশত হৈছিল বুলি বিশ্বাস কৰা হয়। পৰম্পৰাগতভাৱে চীনা মহিলাসকলে এই শিল্প প্ৰজন্মৰ পাছত প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছিল।১
বৰ্তমানো ছিউ-হুৱা-ছিয়ে হানফুৰ সৈতে পৰিধান কৰা একপ্ৰকাৰৰ পাদুকা হিচাপে ব্যৱহৃত হয় আৰু পৰম্পৰাগত চীনা বিবাহ-পোছাকৰ সৈতে বিবাহৰ জোতা হিচাপেও পৰিধান কৰা হয়। চীনৰ বিভিন্ন সংখ্যালঘু জনগোষ্ঠীৰ মাজতো ছিউ-হুৱা-ছিয়েৰ নিজা শৈলী আৰু এই জোতাক কেন্দ্ৰ কৰি নিজা পৰম্পৰাগত ৰীতি-নীতি আছে।
সাংস্কৃতিক তাৎপৰ্য আৰু পৰম্পৰা
প্ৰাচীন চীনৰ পৰম্পৰাগত সামাজিক শ্ৰম-বিভাজন পুৰুষে খেতি কৰে, মহিলাই বয় এই ধাৰণাৰ ওপৰত আধাৰিত আছিল। এই ধাৰণাটো প্ৰাচীন চীনৰ মাতৃসূত্ৰীয় সমাজৰ ঠাইত পিতৃসূত্ৰীয় সমাজ প্ৰতিষ্ঠা হোৱাৰ পিছৰেপৰা প্ৰচলিত হৈ আহিছে।১
এম্ব্ৰইডাৰী কৰা চেণ্ডেল হিচাপে চীনা কাপোৰৰ জোতাৰ ইতিহাস ৩০০০ বছৰতকৈও অধিক পুৰণি। বৰ্তমান চীনৰ নগৰ অঞ্চলত কাপোৰৰ জোতাৰ ব্যৱহাৰ তুলনামূলকভাৱে কম যদিও, এই জোতাই কনফুচীয় মতবাদ আৰু বৌদ্ধ ধৰ্মৰ লগতে চীনা ভাষা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য অংগ হিচাপে স্থান লাভ কৰি আছে।
চীনা এম্ব্ৰইডাৰীয়ে সহস্ৰাব্দজুৰি চীনা লোকসকলৰ নান্দনিক ধাৰণা, সাংস্কৃতিক পৰম্পৰা, নৈতিকতা আৰু মূল্যবোধৰ সূক্ষ্ম পৰিৱৰ্তন প্ৰতিফলিত আৰু প্ৰকাশ কৰি আহিছে।১ একেদৰে, ছিউ-হুৱা-ছিয়েতো জোতাৰ ওপৰত ব্যৱহৃত সুন্দৰ এম্ব্ৰইডাৰী নক্সাৰ জৰিয়তে চীনা নান্দনিকতা প্ৰতিফলিত হয়।
সাধাৰণ এম্ব্ৰইডাৰী নক্সাসমূহৰ ভিতৰত ফুল, চৰাই, জীৱ-জন্তু, প্ৰাকৃতিক দৃশ্য আৰু পৰম্পৰাগত চীনা অপেৰাৰ চৰিত্ৰ আদি উল্লেখযোগ্য। ইয়াৰ উপৰি পদুমৰ গুটি সন্তান জন্মৰ প্ৰতীক, ডালিম বহু সন্তানৰ প্ৰতীক আৰু উৰি থকা ড্ৰেগন আৰু নৃত্যৰত ফিনিক্স দাম্পত্য সুখৰ প্ৰতীক হিচাপে ব্যৱহৃত শুভ নক্সাও ইয়াত দেখা যায়।
পৰম্পৰা
জনপ্ৰিয় চীনা কাহিনী অনুসৰি, জিনগুও ছিয়ে, অৰ্থাৎ "জিন ৰাজ্যৰ জোতা" নামৰ জোতাৰ সৈতে এই পৰম্পৰা জড়িত। ৬০৬ খ্ৰীষ্টপূৰ্বত জিনৰ ড্যুক জিয়ান এ দহখন সামন্ত ৰাজ্য নিজৰ ৰাজ্যৰ সৈতে একত্ৰিত কৰি নিজৰ ভূ-খণ্ড বিস্তাৰ কৰিছিল বুলি কোৱা হয়। নিজৰ সাংস্কৃতিক আৰু সামৰিক কৃতিত্ব জনসাধাৰণৰ মনত স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে তেওঁ সকলো মহিলাৰ জোতাত দহবিধ ফল বা ফুলৰ নক্সা অংকন কৰাৰ নিৰ্দেশ দিছিল। এই নক্সাসমূহৰ ভিতৰত ডালিম, নাচপতি, আঙুৰ আদি থাকিব পাৰিছিল। তেওঁ লগতে নিৰ্দেশ দিছিল যে সকলো সাধাৰণ মহিলাই বিবাহৰ সময় দহ ফলৰ জোতা পৰিধান কৰিব লাগিব। এই পৰম্পৰা পৰৱৰ্তী প্ৰজন্মসমূহেও অনুসৰণ কৰিছিল, যাতে ভৱিষ্যৎ প্ৰজন্মই তেওঁৰ কৃতিত্ব পাহৰি নাযায়।১ সেই সময়ত মহিলাসকলে পৰিধান কৰা শ্বি-গুৱ-ছিয়েক জিনগুও ছিয়ে বুলিও কোৱা হৈছিল।১
অতীতত হান চীনা কইনাৰ চিলাইৰ দক্ষতা জোতা তৈয়াৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰতিফলিত হৈছিল।৩ উদাহৰণস্বৰূপে, জিনঝং কাউণ্টিত চীনা কইনাসকলে বিবাহৰ পূৰ্বে কানশ্বিয়ে নামৰ জোতা চিলাই আৰু এম্ব্ৰইডাৰী কৰিছিল। বিবাহৰ এদিন পূৰ্বে এই জোতা দৰাৰ ঘৰলৈ পঠিওৱা হৈছিল। তাৰ পিছত কইনাৰ শাহু, ননদ আৰু ওচৰ-চুবুৰীয়াই কইনাৰ চিলাই আৰু এম্ব্ৰইডাৰী কৰাৰ দক্ষতা পৰীক্ষা কৰি মন্তব্য কৰিছিল।৩
আমেৰিকা যুক্তৰাষ্ট্ৰ
২০শ শতিকাৰ আৰম্ভণিতে চীনত নিৰ্মিত ছিউ-হুৱা-ছিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰলৈ আমদানি কৰা হৈছিল আৰু আমেৰিকাৰ দোকানসমূহত আমেৰিকান মহিলাসকলৰ বাবে বুডোৱাৰ জোতা হিচাপে বিক্ৰী কৰা হৈছিল। এই আমদানি কৰা ছিউ-হুৱা-ছিয়ে সমূহৰ কোনোটোৱেই চীনা লোকসকলৰ বাবে বিক্ৰী কৰা হোৱা নাছিল।২
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা চীনা জোতা নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে মূলতঃ দেশখনত বাস কৰা চীনা ভাষা লোকসকলৰ বাবে ছিউ-হুৱা-ছিয়ে বিক্ৰী কৰিছিল। আমেৰিকাত চীনা জোতাৰ বিক্ৰী সীমিত কৰাৰ উদ্দেশ্যে এক শুল্ক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। সেই সময়ৰ শুল্ক মূল্যায়নকাৰীসকলে এই জোতাসমূহক ৰেচমৰ এম্ব্ৰইডাৰীযুক্ত সামগ্ৰী হিচাপে শ্ৰেণীভুক্ত কৰি ৬০ শতাংশ শুল্ক আৰোপ কৰিছিল। এই অধিক শুল্কৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত ছিউ-হুৱা-ছিয়েৰ সাধাৰণ বিক্ৰী বাধাগ্ৰস্ত হৈছিল।২
সম্পৰ্কিত সামগ্ৰী
- বাঘৰ মূৰযুক্ত জোতা
- পদুম জোতা
- মানচু প্লেটফৰ্ম জোতা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Embroidered Shoes: Making a Comeback. en.chinaculture.org. পৃ. 1–2
- ↑ (1909). Chinese slippers sold in American stores as Boudoir slippers. Boot and Shoe Recorder. পৃ. 21
- ↑ Evy Wong. (2012). Chinese auspicious culture. Asiapac Books. ISBN 978-981-229-642-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিউ-হুৱা-ছিয়ে” প্ৰবন্ধৰ সংশোধন ৬৩৯৩৩৯ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।