অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰঙিয়া জংচন ৰেল ষ্টেচন

ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।

ইতিহাস

মূলতঃ ভাৰতীয় চাহ সংস্থাৰ হেঁচাত ১৯০২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ মিটাৰগ'জ কওনিয়া-ধাৰলা ৰেলপথ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) অসমৰ ধুবুৰীলৈ সম্প্ৰসাৰণ কৰা হয়, যাতে অসমৰ চাহ সহজে কলিকতালৈ পৰিবহণ কৰিব পৰা যায়। ইষ্টাৰ্ণ বেংগল ৰেলৱে ভাৰতীয় উপ-মহাদেশৰ অন্যান্য ৰেল আৰু পথ জালিকাৰে সু-সংযোজিত হৈ আছিল।১ ১৯০৮ চনত এই ৰেলপথচোৱা গোলোকগঞ্জৰ পৰা গুৱাহাটীৰ উত্তৰে অৱস্থিত আমিনগাঁওলৈ পুনঃ সম্প্ৰসাৰণ কৰা হয়। ইয়াৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ পাণ্ডু ষ্টেচনত উজনী অসমলৈ যোৱা ট্ৰেইন ধৰিব লাগিছিল।২৩ ১৯৬২ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছত ৰেলেৰে পোনে পোনে গুৱাহাটীলৈ যাব পৰা হ'ল।৪

১৯১২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেই ৰঙিয়াৰ পৰা টংলালৈ এটা শাখা ৰেলপথ নিৰ্মাণ কৰি উলিয়ায় আৰু ১৯৩২ চনত ইয়াক ৰঙাপাৰালৈ সম্প্ৰসাৰণ কৰা হয়।৫

১৯৮৪ চনত নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ ব্ৰডগ'জ ৰেলপথ নিৰ্মাণ কৰা হয় আৰু পিছলৈ পৰ্যায়ক্ৰমে মিটাৰগ'জ ৰেলপথচোৱা ৰেল-কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে।৬

২০১১ চনৰ ১ চেপ্তেম্বৰৰ পৰা গজ পৰিবৰ্তনৰ কাম চলাৰ বাবে এই ৰঙিয়া-ৰঙাপাৰা-তেজপুৰ/মুৰ্কংচেলেক পথত যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰি দিয়া হয়। ২০১৩ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰডগজলৈ পৰিবৰ্তন হোৱা ৰঙিয়া-ৰঙাপৰা-ডেকাৰগাঁও ৰেলপথত যাত্ৰীবাহী ৰেল চলাচলৰ আৰম্ভণি হয়।৭

ৰেলপথ দ্বৈতকৰণ

ৰঙিয়াহৈ যোৱা নিউ বঙাইগাঁও-কামাখ্যা অংশৰ ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্পটো ২০১৩-১৪ চনৰ ৰেল বাজেটত অনুমোদন জনোৱা হয়।৮

সা-সুবিধা

ৰঙিয়া ৰেল ষ্টেচনত এটা দুখন বিছনাযুক্ত ৰিটায়াৰিং ৰূম আছে।৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Eastern Bengal Railway. National Encyclopedia of Bangladesh
  2. ↑ IRFCA Timeline. IFRCA
  3. ↑ John Hurd and Ian J.Kerr. India’s Railway History: A Research Handbook. page 175, table 6-3. Koninklijke Brill NV, Leien, The Netherlands. ISBN 978-90-04-23003-3
  4. ↑ 50 yers of Saraighat bridge. The Times of India, 7 November 2012
  5. ↑ The Tezpur Balipara Light Railway. Indian Railway Fun Club
  6. ↑ IR History: Part V (1970-19950. IRFCA
  7. ↑ (৫ জানুৱাৰী ২০১৪). কামাখ্যা ষ্টেচনৰ পৰা তেজপুৰলৈ নীৰৱে আৰম্ভ হ'ল ঐতিহাসিক ৰেল যাত্ৰা, অসমীয়া প্ৰতিদিন. পৃ. ১, ১০
  8. ↑ Rail budget 2013: Wait for electric trains in India’s North-East gets longer. First post economy
  9. ↑ Retiring rooms in Northeast Frontier Railway. Indian Railways

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল ষ্টেচনকামৰূপ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙিয়া জংচন ৰেল ষ্টেচন” প্ৰবন্ধৰ সংশোধন ৬০০৮২০ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।