কমলপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Kamalpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন একক জনপ্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ ভিতৰৰ এখন। ই কামৰূপ জিলাত অৱস্থিত আৰু ই দৰং–ওদালগুৰি (লোকসভা সমষ্টি)ৰ এটা অংশ।১২
ভৌগোলিক অৱস্থিতি আৰু ইতিহাস
কমলপুৰ সমষ্টি ১৯৫১ চনতে গঠন কৰা হৈছিল। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো দৰং-ওদালগুৰি লোকসভাৰ অন্তৰ্ভুক্ত হয়। ই কোনো বিশেষ জাতি বা জনজাতিৰ বাবে সংৰক্ষিত নহয় (অসংৰক্ষিত)।
বিধানসভাৰ সদস্যসকল
কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধানসভাৰ সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল:
| বৰ্ষ | সদস্য | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৫১ | মহেন্দ্ৰ নাথ ডেকা | নিৰ্দলীয় |
| ১৯৫৭ | শৰৎ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৬২ | শৰৎ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৬৭ | এল. চৌধুৰী | প্ৰজা ছচিয়েলিষ্ট পাৰ্টী |
| ১৯৭২ | গিৰীন্দ্ৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | দৈৱশক্তি ডেকা | জনতা পাৰ্টী |
| ১৯৮৩ | মথুৰা ডেকা | ভাৰতীয় কমিউনিষ্ট পাৰ্টী |
| ১৯৮৫ | মইদুল ইছলাম বৰা | নিৰ্দলীয় |
| ১৯৯১ | ড° হিতেশ ডেকা | নতুন অসম গণ পৰিষদ |
| ১৯৯৬ | মইদুল ইছলাম বৰা | অসম গণ পৰিষদ |
| ২০০১ | উত্তৰা কলিতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | উত্তৰা কলিতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০১১ | যাদৱ চন্দ্ৰ ডেকা | ভাৰতীয় জনতা পাৰ্টী |
| ২০১৬ | সত্যব্ৰত কলিতা | অসম গণ পৰিষদ |
| ২০২১ | দিগন্ত কলিতা | ভাৰতীয় জনতা পাৰ্টী |
| ২০২৬ | দিগন্ত কলিতা | ভাৰতীয় জনতা পাৰ্টী |
নিৰ্বাচনী ফলাফল
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India
- ↑ Assembly & HPC-wise Map of Assam. Chief Electoral Officer, Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলপুৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৪২০ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।