ইণ্ডোনেছিয়ান অভিনেত্ৰী
২১ প্ৰবন্ধ
-
টিকা ব্ৰাভানি
ৰতু টিকা ব্ৰাভানি (জন্ম: ডেনপাছাৰ, ১৭ ফেব্ৰুৱাৰী ১৯৯০) ইণ্ডোনেছিয়াৰ এগৰাকী অভিনেত্ৰী আৰু মডেল। তেওঁ বান্টেনী আৰু মিনাংকাবাউ বংশৰ সন্তান।
-
ৰেইন চুদোৰী
ৰেইন চুদোৰী-ছ'ৰজোৱাটমোদজো (ইংৰাজী: Rain Chudori-Soerjoatmodjo; জন্ম: ১০ নৱেম্বৰ ১৯৯৪) এগৰাকী ইণ্ডোনেছিয়ান সৃষ্টিশীল উদ্যোগী, লেখিকা, কিউৰেটৰ আৰু অভিনেত্ৰী।
-
আইৰিছ বেলা
ইৰিছ জেটি ডিৰ্ক ডি বেউলে (ইংৰাজী: Yris Jetty Dirk de Beule; জন্ম: ২৩ এপ্ৰিল ১৯৯৬), যি পেচাগতভাৱে আইৰিছ বেলা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
আচা ছেপ্ট্ৰিয়াছা
জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।
-
এনিছা পুত্ৰী আয়ুদ্যা
এনিছা পুত্ৰী আয়ুদ্যা (ইংৰাজী: Annisa Putri Ayudya; জন্ম: ২০ মে' ১৯৮৮) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, উপস্থাপক আৰু মডেল। গাৰিন নুগ্ৰ'হোৰ জীৱনীমূলক নাট্য চলচ্চিত্ৰ গুৰু বাংছা: ট্জ'ক্ৰ'এমিনোটো (২০১৫)ত অভিনয় কৰি তেওঁ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰত অভিষেক ঘটায়।
-
চেলচিয়া আইলান
চেলচিয়া এলিজাবেথ আইলান (জন্ম: ২ জুন ১৯৯৫) এগৰাকী আমেৰিকাত জন্মগ্ৰহণ কৰা ইণ্ডোনেছিয়ান অভিনেত্ৰী। তেওঁ ২০১৫ চনৰ ডি বালিক ৯৮ আৰু ২০১৬ চনৰ ৰুডি হাবিবিয়ে চলচ্চিত্ৰৰ বাবে পৰস্পৰ দুবাৰ চিত্ৰা বেষ্ট অভিনেত্ৰীৰ মনোনয়নৰ পদাধিকাৰী হৈছিল।
-
ছাৰাহ আজহাৰী
ছাৰাহ আজহাৰী (ইংৰাজী: Sarah Azhari; জন্ম: ১৬ জুন ১৯৭৮) এগৰাকী ইণ্ডোনেচিয়ান অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ ইণ্ডোনেচিয়ান অভিনেত্ৰী আয়ু আজহাৰীৰ ভগ্নী। অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ সৈতে তেওঁ গাৰিন নুগ্ৰোহোৰ নিৰ্দেশনাত নিৰ্মিত ডাউন ডি আটাস বাণ্টাল নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
ছেন্দ্ৰা দেৱী
মনিকা নিকোল ছেন্দ্ৰা দেৱী গুণৱান বাসৰী (জন্ম: ৮ আগষ্ট, ১৯৮২), যি ছেন্দ্ৰা দেৱী (ইংৰাজী: Sandra Dewi) নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, ব্যৱসায়ী আৰু কেইবাটাও ইণ্ডোনেছিয়ান তথা দক্ষিণ-পূব এছীয় ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচেডৰ।
-
জুৱিতা সঞ্জায়া
জুৱিতা টোফহানি সঞ্জায়া (টাংগেৰাং, ১১ জানুৱাৰী ১৯৯৬) হৈছে এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু গায়িকা। তেওঁ টেলিভিছন ধাৰাবাহিক এনেংৰ জৰিয়তে বিশেষভাৱে পৰিচিতি লাভ কৰে।
-
ডিয়ান ছাস্ত্ৰোৱাৰ্দয়ো
ডিয়ান পৰমিতা ছাস্ত্ৰোৱাৰ্দোয়ো (জন্ম: ১৬ মাৰ্চ ১৯৮২), অধিক পৰিচিত ডিয়ান ছাস্ত্ৰো নামেৰে, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০১ চনৰ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আদা আপা দেনগান চিন্তা?ত চিন্তা চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে বিশেষভাৱে জনপ্ৰিয়।
-
নিছ্যা আহমদ
এনিছা ছাদিয়া ইফাত (ইংৰাজী: Annisa Saadia Ifat; নিছ্যা আহমদ নামেৰে পৰিচিত, জন্ম: ১৭ অক্টোবৰ, ১৯৯০) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু গায়িকা। নিছ্যা অভিনেতা আৰু উপস্থাপক ৰফী আহমদৰ কনিষ্ঠ ভগ্নী আৰু অভিনেত্ৰী চ্যাহনাজ ছাদিকাহৰ ডাঙৰ ভগ্নী।
-
পপী কেপেলা
পপী কেপেলা স্বস্তিকা (জন্ম: ২২ অক্টোবৰ ১৯৯১), যাক প্ৰায়ে মাদাম পপী কেপেলা বুলিও কোৱা হয়, এগৰাকী ইণ্ডোনেছিয়ান প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক, গায়িকা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
পু্ত্ৰী মাৰিনো
নি লুহ ধৰ্মা পুত্ৰী মাৰিনো (বালিনীজ: ᬦᬶᬮᬸᬄᬤ᭄ᬳᬃᬫᬧᬸᬢ᭄ᬭᬶᬫᬭᬶᬦᭀ; জন্ম ৪ আগষ্ট ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু উপস্থাপক। তেওঁ ইটালিয়ান–বালিনিজ বংশোদ্ভৱ। তেওঁ চলচ্চিত্ৰ প'জেচিফ (২০১৭)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে চিত্ৰা বঁটা লাভ কৰে।
-
পেভিটা পিয়ৰ্চ
পেভিটা ক্লিঅ’ আইলিন পিয়ৰ্চ (ইংৰাজী: Pevita Cleo Eileen Pearce; জন্ম: ৬ অক্টোবৰ ১৯৯২) এগৰাকী বৃটিছ-ইণ্ডোনেছিয়া অভিনেত্ৰী আৰু মডেল। তেওঁ ৱেল্ছ আৰু বাঞ্জাৰ বংশৰ।
-
মাইয়া এষ্টিয়ান্তী
মাইয়া এষ্টিয়ান্তী (ইংৰাজী: Maia Estianty; জন্ম: ২৭ জানুৱাৰী ১৯৭৬), সংগীতশিল্পী আহমদ ধানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকা সময়ত পূৰ্বতে মাইয়া আহমদ নামেৰে পৰিচিত আছিল। তেওঁ এজনী ইণ্ডোনেচিয়ান গায়িকা, সুৰকাৰ আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব।
-
মাৰিছা অনিতা
মাৰিছা অনিতা (জন্ম: ২৯ মাৰ্চ ১৯৮৩; ইণ্ডোনেচিয়াৰ পূব জাভাৰ চুৰাবায়াত) এগৰাকী ইণ্ডোনেচিয়ান সাংবাদিক, অভিনেত্ৰী আৰু টেলিভিছন নিউজ প্ৰেজেণ্টাৰ। তেওঁ ২০০৫ চনত এগৰাকী থিয়েটাৰ অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু ২০০৮ চনত ‘মেট্ৰ’ টিভি’ৰ টেলিভিছন নিউজ ৰিপৰ্টাৰ আৰু পৰৱৰ্তী সময়ত নিউজ এংকৰ…
-
ল'ৰা বাসুকি
ল'ৰা বাসুকি (জন্ম: ৯ জানুৱাৰী ১৯৮৮) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু অভিনেত্ৰী। তেওঁ জাভানীজ, চীনা আৰু ভিয়েটনামীজ বংশৰ সৈতে সম্পৰ্কিত।
-
লাডিয়া চেৰিল
লাডিয়া চেৰিল বাহাৰিজকী (ইংৰাজী: Ladya Cheryl Baharrizki; জন্ম: ১১ এপ্ৰিল ১৯৮১), যি লাডিয়া চেৰিল নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা।
-
লুনা মায়া
লুনা মায়া সুগেং এগৰাকী অষ্ট্ৰিয়ান মূলৰ ইণ্ডোনেছিয়ান মডেল, অভিনেত্ৰী আৰু ঘোষিকা। তেওঁ এগৰাকী বিজ্ঞাপন আৰু কেটৱাক মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
শ্বাকিৰা জেচমিন
আলিফা পুত্ৰী শ্বাকিৰা জেচমিন (ইংৰাজী: Alifa Putri Shakira Jasmine; জন্ম: ১২ অক্টোবৰ, ২০০২) এগৰাকী ইণ্ডোনেছিয়ান গায়িকা আৰু অভিনেত্ৰী। ছাকিৰা দ্য ভইচ কিডছ ইণ্ডোনেছিয়াৰ প্ৰথম ছিজনৰ চূড়ান্ত প্ৰতিযোগী আছিল।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।