অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইয়া এষ্টিয়ান্তী

মাইয়া এষ্টিয়ান্তী (ইংৰাজী: Maia Estianty; জন্ম: ২৭ জানুৱাৰী ১৯৭৬), সংগীতশিল্পী আহমদ ধানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকা সময়ত পূৰ্বতে মাইয়া আহমদ নামেৰে পৰিচিত আছিল। তেওঁ এজনী ইণ্ডোনেচিয়ান গায়িকা, সুৰকাৰ আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মাইয়া এষ্টিয়ান্তী (ইংৰাজী ভাষা: Maia Estianty; জন্ম: ২৭ জানুৱাৰী ১৯৭৬), সংগীতশিল্পী আহমদ ধানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকা সময়ত পূৰ্বতে মাইয়া আহমদ নামেৰে পৰিচিত আছিল। তেওঁ এজনী ইণ্ডোনেচিয়ান গায়িকা, সুৰকাৰ আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব।

এষ্টিয়ান্তীৰ জন্ম চুৰাবায়াত হৈছিল আৰু সৰুৰেপৰাই তেওঁ সংগীতৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ এটা মাৰ্চিং বেণ্ড প্ৰতিযোগিতাত জয়লাভ কৰিছিল। হাইস্কুলত পঢ়ি থকা সময়ৰপৰাই তেওঁ ডিস্ক জকী হিচাপে প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। ইউনিভাৰ্চিটি অৱ ইণ্ডোনেচিয়াত অধ্যয়ন কৰাৰ পাছত এষ্টিয়ান্তীয়ে ‘দেৱা ১৯’ত এগৰাকী নেপথ্য গায়িকা হিচাপে যোগদান কৰে। ১৯৯৯ চনত তেওঁ আৰু ধানীয়ে মিলি ‘ৰাটু’ নামৰ এটা সংগীত যুটীৰ ধাৰণা আগবঢ়ায়। এই বেণ্ডটোত এষ্টিয়ান্তীয়ে সংগীত পৰিচালনা কৰিছিল আৰু আন মহিলাসকলে— প্ৰথমে পিনকান মাম্বো আৰু তাৰ পিছত মুলান ক্বক— গান গাইছিল। ‘ৰাটু’ যথেষ্ট সফল হৈছিল। ২০০৭ চনত বেণ্ডটো ভংগ হোৱাৰ পিছত আৰু ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত এক তিক্ত বিবাহ বিচ্ছেদৰ অন্তত এষ্টিয়ান্তীয়ে মে চানৰ সৈতে মিলি ‘ডুয়ো মাইয়া’ গঠন কৰে। বৰ্তমান তেওঁ নিজৰ লেবেল ‘লে মুছিক ৰিভল’ৰ জৰিয়তে সংগীত নিৰ্মাণত মনোনিৱেশ কৰিছে।

প্ৰাৰম্ভিক জীৱন

এষ্টিয়ান্তীৰ জন্ম ১৯৭৬ চনৰ ২৭ জানুৱাৰীত পূব জাভাৰ চুৰাবায়াত হৈছিল। হাৰজোনো ছিগিট আৰু তেওঁৰ পত্নী কুষ্ঠিনীৰ ছয়জন সন্তানৰ ভিতৰত তেওঁ পঞ্চম সন্তান আছিল।১২৩ পিতৃৰফালৰপৰা তেওঁ জাতীয়তাবাদী মুছলিম নেতা তথা ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰীয় বীৰ চকৌমিনোটোৰ আজোনাতি।৪

সৰুকালত এষ্টিয়ান্তীয়ে প্ৰায়ে সহপাঠীৰ সৈতে কাজিয়া কৰিছিল; সাপ্তাহিক বিনোদন আলোচনী টেবলয়েড নোভাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ মনত পেলাইছিল যে চুৰাবায়াৰ য়োহানেছ গেব্ৰিয়েল কেথলিক প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত তেওঁ এবাৰ এজন সহপাঠীক এটা বস্তুৰে ইমান জোৰেৰে আঘাত কৰিছিল যে সহপাঠীজনৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল।৫ এই সময়ছোৱাত তেওঁ সংগীতৰ চৰ্চাও আৰম্ভ কৰিছিল আৰু তেওঁৰ মাৰ্চিং বেণ্ডক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জিকিবলৈ নেতৃত্ব দিছিল; ইয়াৰ লগতে তেওঁ পিয়ানো শিকিবলৈও আৰম্ভ কৰিছিল।৬

চুৰাবায়াৰ ১ নম্বৰ চৰকাৰী জুনিয়ৰ হাইস্কুলৰ ছাত্ৰী হিচাপে এষ্টিয়ান্তীয়ে মডেলিং আৰম্ভ কৰে; ১৯৯০ চনত তেওঁ কিশোৰ-কিশোৰীৰ বাবে আয়োজিত 'য়েছ মডেলিং প্ৰতিযোগিতা'ত জয়লাভ কৰে, যাৰ ফলত তেওঁ মডেলঙৰ বিভিন্ন সুযোগ লাভ কৰে। তেওঁ এটা ৰেডিঅ' ষ্টেচনত পাৰ্ট-টাইম কাম কৰিবলৈ আৰম্ভ কৰে আৰু ডিস্ক জকী কেনেকৈ হ’ব লাগে সেইটো শিকে।৭ জুনিয়ৰ হাইস্কুলত পঢ়ি থকা সময়ত এটা জন্মদিনৰ পাৰ্টিত এগৰাকী বান্ধৱীয়ে তেওঁক আহমদ ধানীৰ সৈতে চিনাকি কৰি দিছিল; এষ্টিয়ান্তী আৰু ধানীয়ে একেলগে পিয়ানোৰ বাবে গান লিখিবলৈ আৰম্ভ কৰিছিল।৮ প্ৰাথমিক আৰু জুনিয়ৰ হাইস্কুলত ভাল ফলাফল দেখুওৱাৰ পিছত, চিনিয়ৰ হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ প্ৰথমে এজন সহপাঠীৰ সৈতে আৰু তাৰ পিছত ধানীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়, যাৰ ফলত তেওঁৰ শৈক্ষিক ফলাফল আশাতীতভাৱে হ্ৰাস পায়।৯১০

চিনিয়ৰ হাইস্কুলৰ শেষৰফালে এষ্টিয়ান্তী আৰু তেওঁৰ দেউতাকৰ মাজত তেওঁৰ কাম আৰু স্কুলত দুৰ্বল প্ৰদৰ্শনক লৈ তৰ্ক আৰম্ভ হয়। এষ্টিয়ান্তীয়ে ঘৰ এৰি যোৱাৰ ভাবুকি দিছিল; ইয়াৰ উত্তৰত ছিগিটে কৈছিল যে তেওঁক সমৰ্থন কৰিব, কিন্তু চৰ্ত আছিল যে তেওঁ এখন চৰকাৰী বিশ্ববিদ্যালয়ত পঢ়া-শুনা অব্যাহত ৰাখিব লাগিব।১১ এষ্টিয়ান্তীয়ে ইউনিভাৰ্চিটি অৱ ইণ্ডোনেচিয়াত নামভৰ্তি কৰে, প্ৰথমে ডাচ সাহিত্য পাঠ্যক্ৰমত আৰু পিছলৈ জনসংযোগ (কমিউনিকেচন) পাঠ্যক্ৰমত। এই সময়ছোৱাত তেওঁ ধানীৰ বেণ্ড ‘দেৱা ১৯’ৰ এগৰাকী নেপথ্য গায়িকা হৈ পৰে। ১৯৯০ চনৰ শেষৰফালে তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১২

তথ্যসূত্ৰ

  1. ↑ Asrianti 2009, Maia: Bearing it all
  2. ↑ Nova 2008, Tak Ada Kata Mundur
  3. ↑ Nova 2005, Prestasi Merosot Tajam
  4. ↑ Tempo 2011, Ilmu Tjokroaminoto
  5. ↑ Nova 2005, Prestasi Merosot Tajam
  6. ↑ Nova 2005, Prestasi Merosot Tajam
  7. ↑ Nova 2005, Prestasi Merosot Tajam
  8. ↑ Nova 2005, Dapat Lagu Cinta
  9. ↑ Nova 2005, Prestasi Merosot Tajam
  10. ↑ Nova 2005, Dapat Lagu Cinta
  11. ↑ Nova 2005, Dapat Lagu Cinta
  12. ↑ Nova 2005, Dapat Lagu Cinta

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইয়া এষ্টিয়ান্তী” প্ৰবন্ধৰ সংশোধন ৫৯৯১৬৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।