এনিছা পুত্ৰী আয়ুদ্যা (ইংৰাজী ভাষা: Annisa Putri Ayudya; জন্ম: ২০ মে' ১৯৮৮) এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, উপস্থাপক আৰু মডেল। গাৰিন নুগ্ৰ'হোৰ জীৱনীমূলক নাট্য চলচ্চিত্ৰ গুৰু বাংছা: ট্জ'ক্ৰ'এমিনোটো (২০১৫)ত অভিনয় কৰি তেওঁ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰত অভিষেক ঘটায়। কাফিৰ: এ ডিল উইথ দ্য ডেভিল (২০১৮) আৰু হোমকামিং (২০১৯) চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত চিত্ৰা বঁটাৰ বাবে দুটা মনোনয়ন লাভ কৰে।
কেৰিয়াৰ
২০০৪ চনত আয়ুদ্যা কিশোৰ আলোচনী ‘’কচমোগাৰ্ল! ইণ্ডোনেছিয়া’’-এ আয়োজন কৰা ‘’কচমো গাৰ্ল! ফেচেছ’’ মডেলিং প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগী হয়। ২০০৫ চনত তেওঁ ‘’১০০১ কাৰা মেংগায়েত কোৱক’’ নামৰ ছ'প অপেৰাত অভিনয় কৰি অভিনয় জীৱন আৰম্ভ কৰে।১
২০০৭ চনৰ অক্টোবৰ মাহত ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান অনুষদত অধ্যয়নৰ সময়ত তেওঁ ‘’টিটাৰ চাইক'লজি’’ নামৰ থিয়েটাৰ ক্লাব প্ৰতিষ্ঠা কৰে।২
২০০৮ চনত ইণ্ডোনেছিয়াৰ ‘’ফেমিনা’’ আলোচনীয়ে আয়োজন কৰা ‘’ৱাজাহ ফেমিনা’’ মডেলিং প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগী হয়। তেওঁ ডি কে আই জাকাৰ্টা প্ৰদেশক প্ৰতিনিধিত্ব কৰি ২০১১ চনৰ ‘’পুটেৰী ইণ্ডোনেছিয়া’’ৰ শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰে।৩
তেওঁ গাৰিন নুগ্ৰ'হোৰ জীৱনীমূলক নাট্য চলচ্চিত্ৰ ‘’গুৰু বাংছা: ট্জ'ক্ৰ'এমিনোটো’’ত ছ'ইহাচিকিন, ট্জ'ক্ৰ'এমিনোটোৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰি প্ৰথম বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰত অংশ লয়।৪
তেওঁ এছ এ ই ইণ্ডোনেছিয়াৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰডাকচন কাৰ্যসূচীৰ স্থায়ী প্ৰবক্তা।৫ তেওঁ ইণ্ডোনেছিয়াৰ প্ৰথম অনুজ্ঞাপত্ৰপ্ৰাপ্ত অন্তৰংগতা সমন্বয়ক হিচাপে পৰিগণিত হয়।৬
ব্যক্তিগত জীৱন
২০১০ চনত তেওঁ ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান অনুষদৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২
পুত্ৰী ইণ্ডোনেছিয়া গণৰাজ্যৰ সমাজ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনাত দুৰ্যোগ প্ৰস্তুতি কেডেটৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব পালন কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ Azis, Nurkhuzaeni. (17 October 2022). 5 Film dan Serial Horor Dibintangi Putri Ayudya, Pamali Teranyar. IDN Times
- ↑ Rosary, Regina Kunthi. (27 May 2019). Putri Ayudya, Finalis Puteri Indonesia yang Kini Jadi Pemain Film. Kumparan
- ↑ Effendi, Ahmat. (7 October 2011). Inilah 10 Besar Puteri Indonesia 2011. KapanLagi
- ↑ Johar, Altov. (5 April 2015). Jadi Istri HOS Tjokroaminoto Perasaan Putri Ayudya Campur Aduk. Fimela
- ↑ Rahmat, Taufik Yadhika. (4 September 2024). Mengenal Lebih Dekat Putri Ayudya, Dosen Film SAE Indonesia dan Intimacy Coordinator Pertama di Indonesia, dalam Podcast Ancur. SAE Indonesia
- ↑ Riandi, Ady Prawira. (19 November 2024). Mengenal Intimacy Coordinator: Profesi Penting di Industri Hiburan Modern. Kompas
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনিছা পুত্ৰী আয়ুদ্যা” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৩৬ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।