অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেন্দ্ৰা দেৱী

মনিকা নিকোল ছেন্দ্ৰা দেৱী গুণৱান বাসৰী (জন্ম: ৮ আগষ্ট, ১৯৮২), যি ছেন্দ্ৰা দেৱী (ইংৰাজী: Sandra Dewi) নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, ব্যৱসায়ী আৰু কেইবাটাও ইণ্ডোনেছিয়ান তথা দক্ষিণ-পূব এছীয় ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচেডৰ।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মনিকা নিকোল ছেন্দ্ৰা দেৱী গুণৱান বাসৰী (জন্ম: ৮ আগষ্ট, ১৯৮২), যি ছেন্দ্ৰা দেৱী (ইংৰাজী ভাষা: Sandra Dewi) নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, ব্যৱসায়ী আৰু কেইবাটাও ইণ্ডোনেছিয়ান তথা দক্ষিণ-পূব এছীয় ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচেডৰ।১

জীৱনী

ছেন্দ্ৰা দেৱীৰ জন্ম ১৯৮৩ চনৰ ৮ আগষ্টত পাংকাল পিনাং, বাংকা বেলিটুঙত হৈছিল। তেওঁ এনড্ৰিয়াছ গুণৱান বাসৰী আৰু চাটাৰিনা এৰলিয়ানিৰ তিনিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ।২ তেওঁ চীনা ইণ্ডোনেছিয়ান, জাপানীজ আৰু পালেমবাং বংশোদ্ভৱ।৩ পাংকাল পিনাঙত ডাঙৰ-দীঘল হোৱাৰ লগতে কেথলিক স্কুলত পঢ়া-শুনা কৰি৪ তেওঁ ২০০১ চনত পৰিয়ালৰ সৈতে জাকাৰ্টালৈ গুচি আহে৫ আৰু লণ্ডন স্কুল অৱ পাব্লিক ৰিলেশ্যনছত নামভৰ্তি কৰে।৬ ইয়াৰ অলপ পাছতে তেওঁ মিছ এনচাণ্টুৰ সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হয় আৰু ২০০২ চনত পশ্চিম জাকাৰ্টাৰ পৰ্যটন দূত হিচাপে নিৰ্বাচিত হয়। পিছলৈ তেওঁ ২০০৬ চনত কচমোপলিটান ইণ্ডোনেছিয়াই আয়োজন কৰা ফান ফিয়েৰলেছ ফিমেল প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰে। ৭৮

২০০৭ চনৰ কমেডী ছবি কুইকি এক্সপ্ৰেছত এটা চৰিত্ৰত অভিনয় কৰি ছেন্দ্ৰা দেৱীয়ে বিশেষ চৰ্চা লাভ কৰে,৯ যাৰ বাবে তেওঁ ২০০৮ চনৰ শ্ৰেষ্ঠ নৱাগতৰ ইণ্ডোনেছিয়ান মুভি এৱাৰ্ড লাভ কৰে।১০ পিছৰ বছৰত তেওঁ দেৱী ছেন্দ্ৰা আৰু লুনা মায়াৰ সৈতে "প্লে" নামৰ গীতটোত সহযোগিতা কৰে, যিটো ইউইএফএ ইউৰো ২০০৮ ৰ বাবে মুক্তি দিয়া হৈছিল। তেওঁ টাৰজান কে ক'টা নামৰ ছবিখনতো অভিনয় কৰিছিল, য'ত তেওঁ চিনেমাখনৰ কেইবাটাও সংগীতত কণ্ঠদান কৰিছিল।১১

ছেন্দ্ৰা দেৱীয়ে ইয়াৰ পিছৰপৰাই ইণ্ডোনেছিয়ান ছোপ অপেৰা আৰু মিউজিক ভিডিঅ'ত অভিনয় কৰি আহিছে, যিবোৰৰ ভিতৰত আছিল মূলান জামিলাৰ ২০০৮ চনৰ হিট ছিংগল "ৱাণ্ডাৰ ওমেন।" ১২ তেওঁ ক্লিয়াৰ, পণ্ডছ, নোকিয়া, অ'ক্স এয়াৰ কণ্ডিচনাৰ, টয়োটা, য়ং মা আৰু শ্বাৰ্পৰ বিজ্ঞাপনত অভিনয় কৰিছে। ২০০৯ চনত ইয়াহু! ইণ্ডোনেছিয়াৰদ্বাৰা তেওঁক "আটাইতকৈ বেছি সন্ধান কৰা শিল্পী" (most searched artist) হিচাপে ঘোষণা কৰা হৈছিল।১৩

ছেন্দ্ৰা দেৱী ইণ্ডোনেছিয়াৰ অন্যতম বৃহৎ সম্পত্তি প্ৰতিষ্ঠান পিটি পেৰামাাউণ্ট লেণ্ডৰ কৰ্পোৰেট কমিউনিকেচন ডাইৰেক্টৰ। ২০১৮ চনত তেওঁ চেলিব্ৰিটি হেয়াৰষ্টাইল ৱেবছাইট ছুপাৰ-হেয়াৰ ডট নেটত 'ছুপাৰ-হেয়াৰ ৱৰ্ল্ড কাপ ভি'ত ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰি অনলাইন ভোটিঙৰ জৰিয়তে চেম্পিয়নশ্বিপ জয় কৰিছিল।

তেওঁ নিজকে এগৰাকী নিষ্ঠাৱান কেথলিক হিচাপে বৰ্ণনা কৰিছে।১৪১৫

তথ্যসূত্ৰ

  1. ↑ Post 2008, Sandra Dewi fasting
  2. ↑ KapanLagi.com, Sandra Dewi
  3. ↑ TokohIndonesia.com, Bersinar Cantik
  4. ↑ TokohIndonesia.com, Bersinar Cantik
  5. ↑ Hari 2009, Sandra Dewi: Success
  6. ↑ KapanLagi.com, Sandra Dewi
  7. ↑ KapanLagi.com, Sandra Dewi
  8. ↑ Hari 2009, Sandra Dewi: Success
  9. ↑ Hari 2009, Sandra Dewi: Success
  10. ↑ KapanLagi.com, Sandra Dewi
  11. ↑ KapanLagi.com, Sandra Dewi
  12. ↑ TokohIndonesia.com, Bersinar Cantik
  13. ↑ Hari 2009, Sandra Dewi: Success
  14. ↑ TokohIndonesia.com, Bersinar Cantik
  15. ↑ Hari 2010, Sandra Dewi: 'I love

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেন্দ্ৰা দেৱী” প্ৰবন্ধৰ সংশোধন ৫৯৯১৫০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।